Friday, April 26, 2024
Homeবাতৰিদীপৰ বিলক স্মাৰ্ট চিটীত অন্তৰ্ভূক্ত কৰা হৈছেঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

দীপৰ বিলক স্মাৰ্ট চিটীত অন্তৰ্ভূক্ত কৰা হৈছেঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

প্ৰকাশিত তাৰিখঃ ১২ ফেব্ৰুৱাৰী, ২০১৮

চানডুবি নিউজ ডেক্স

প্ৰথমবাৰ অনুষ্ঠিত হয় দীপৰ বিল মহোৎসৱ। যোৱা ৯–১১ ফেব্ৰুৱাৰীলৈ তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় এই মহোৎসৱৰ। মহোৎসৱৰ অন্তিম দিনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এনেদৰে কয়–  দীপৰ বিলৰ জৈৱ বৈচিত্ৰ্যতা অক্ষুণ্ণ ৰাখি পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হিচাপে গঢ় দিয়াৰ বাবে দীপৰ বিলক স্মাৰ্ট চিটীত অন্তৰ্ভূক্ত কৰাতো প্ৰয়োজন। সেয়ে পৰ্যটনৰ মানচিত্ৰত গুৰুত্ব বঢ়াই তুলিবলৈ দীপৰ বিলক স্মাৰ্ট চিটীত অন্তৰ্ভূক্তি কৰা হৈছে। দীপৰ বিল আমাৰ জাতীয় সম্পদ। গুৱাহাটীৰ ঐতিহ্যৰ সৈতে দীপৰ বিলৰ এক নিবিড় সম্পৰ্ক আছে। এই বিলৰ ঐতিহ্য আৰু গৰিমা অটুট ৰাখিবলৈ আমি দায়বদ্ধতাৰে কাম কৰিব লাগিব। অৱশ্যে দীপৰ বিলৰ নিৰ্মল বাতাৱৰণ অক্ষুন্ন ৰখাৰ ক্ষেত্ৰত দাঁতিকাষৰীয়া গাঁওসমূহৰ এক কৰণীয় আছে। ৰাজ্যখনত ২০০৪খন বিল আছে আৰু ব্ৰহ্মপুত্ৰৰ বুকুত ২৪০০খন সৰু–বৰ চৰ অঞ্চল আছে। এই বিলসমূহে আমাৰ  প্ৰাকৃতিক সৌন্দৰ্য বৃদ্ধি কৰাৰ লগতে আমাৰ জলবায়ু সন্তুলিত কৰাৰ ক্ষেত্ৰতো বিশেষ ভূমিকা গ্ৰহণ কৰিছে। দীপৰ বিলৰ নৈসৰ্গিক পৰিবেশৰ লগতে ইয়াৰ ওচৰত অৱস্থিত পাহাৰসমূহৰ সেউজ পৰিবেশ অক্ষুন্ন ৰখাৰ ক্ষেত্ৰতো আমি সচেষ্ট হ’ব লাগিব। দীপৰ বিল সংৰক্ষণ আৰু দেশী–বিদেশী পৰ্যটকৰ আকৰ্ষণীয় পৰ্যটন ক্ষেত্ৰ হিচাপে পৰিণত কৰিবলৈ ৰাজ্য চৰকাৰে সুকীয়াকৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিব।

মহোৎসৱৰ সামৰণি সভা পৌৰোহিত্য কৰে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই।  জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, কৃষিমন্ত্ৰী অতুল বৰা, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা আৰু মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীয়েও সভাত ভাষণ প্ৰদান কৰে। মুখ্য বন সংৰক্ষক বিকাশ ব্ৰহ্ম, হাইড্ৰ কাৰ্বনৰ অধ্যক্ষ পোনাকণ বৰুৱা লগতে বহু বিশিষ্ট ব্যক্তিয়ে সামৰণি অনুষ্ঠানত উপস্থিত থাকে।  

 

শিৰোনামৰ ছবিঃ প্ৰভাত ৰাভা

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward