Saturday, April 20, 2024
Homeবাতৰিবীৰঙ্গনা ‘সাধনী কলা ক্ষেত্ৰ’ৰ দ্বাৰ উন্মোচন কৰিলে মুখ্যমন্ত্ৰীয়ে

বীৰঙ্গনা ‘সাধনী কলা ক্ষেত্ৰ’ৰ দ্বাৰ উন্মোচন কৰিলে মুখ্যমন্ত্ৰীয়ে

প্ৰকাশিত তাৰিখঃ ১২ ফেব্ৰুৱাৰী, ২০১৮

চানডুবি নিউজ ডেক্স

বীৰঙ্গনা সতী সাধনীৰ পুণ্যস্মৃতিত নিৰ্মাণ কৰিছে কেইবা কোটি টকা ব্যয় সাপেক্ষ ‘বীৰঙ্গনা সাধনী কলাক্ষেত্ৰ’। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গোলাঘাট জিলাৰ চেঙেলীত নিৰ্মাণ কৰা এই কলাক্ষেত্ৰৰ দ্বাৰ যোৱা ৯ ফেব্ৰুৱাৰীত আনুষ্ঠানিকভাৱে মুকলি কৰে ।

অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে গোলাঘাট জিলা প্ৰশাসনৰ সহযোগত আয়োজন কৰা উদ্বোধনী সভাত অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে কয়– সাধনী এইগৰাকী মহীয়সী নাৰী কেৱল অসমীয়া নাৰীয়েই নহয় সমগ্ৰ বিশ্বৰ নাৰী সমাজৰ স্বাভিমানৰ প্ৰতীক। অসমৰ প্ৰতিটো জনগোষ্ঠিয়েই গৌৰৱজ্জ্বল ঐতিহ্যৰে মহীয়ান, সৰ্বাংগসুন্দৰ সাংস্কৃতিক পৰম্পৰাৰে সমৃদ্ধ আৰু শক্তিশালী। তেনেক্ষেত্ৰত অসমীয়া জাতিয়ে একেলগে কাম কৰি আগবাঢ়িলে জাতিটোৰ নিজৰ শ্ৰেষ্ঠত্ব নিশ্চিতভাৱে প্ৰতিপন্ন কৰিবলৈ সক্ষম হ’ব। তাৰবাবে অসমৰ যুৱশক্তিয়ে  সৰ্বদিশত আৱশ্যকীয় দক্ষতা আহৰণেৰে নিজক পাৰ্গত কৰি তুলিব লাগিব। উপযুক্ত মানৱ সম্পদ গঢ়ি তুলিবলৈ এইক্ষেত্ৰত শিক্ষকসকলৰো গুৰু দায়িত্ব আছে।

আনহাতে, উদ্বোধনী সভাত উপস্থিত থকা প্ৰাক্তনমন্ত্ৰী তথা গোলাঘাট সমষ্টিৰ বিধায়িকা অজন্তা নেওগে তেওঁৰ এটা দীৰ্ঘদিনীয়া সপোন বাস্তৱায়িত হোৱা বুলি বক্তব্য কৰি মুখ্যমন্ত্ৰীক প্ৰশংসা কৰে। লগতে বগীবিল দলঙক সতী সাধনীৰ নামত উচৰ্গা কৰিবলৈ আৰু সতী সাধনী দিৱসৰ দিনটো চৰকাৰী বন্ধৰ দিন ঘোষণা কৰিবলৈয়ো মুখ্যমন্ত্ৰীৰ প্ৰতি অনুৰোধ কৰে। 

উদ্বোধনী সভাত কৃষিমন্ত্ৰী অতুল বৰা, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দ’লে, সদৌ চুতীয়া জাতি সন্মিনৰ সভাপতি অমিয় বৰায়ো ভাষণ দিয়ে। সভাত জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা, জিলা উপায়ুক্ত গৌৰৱ বোথ্ৰাকে আদি কৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward