Friday, March 29, 2024
HomeNEWSষষ্ঠ বাৰ্ষিক দৰাবিল মহোৎসৱ

ষষ্ঠ বাৰ্ষিক দৰাবিল মহোৎসৱ

প্ৰকাশিত তাৰিখঃ ২৬ জানুৱাৰী, ২০২৩

চানডুবি নিউজ ৰিপ’ৰ্ট –

২৩ জানুৱাৰীৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে দৰাবিল মহোৎসৱ। বিগত ২০১৮ চনৰ পৰা আৰ্দ্ৰভূমিৰ বাকৰিত আয়োজন কৰি অহা দৰাবিল মহোৎসৱে এইবাৰ ষষ্ঠ বৰ্ষত ভৰি দিছে।

বৰ্তমান দৰাবিলৰ পৰিবেশ সংৰক্ষণৰ স্বাৰ্থত এচাম লোক জড়িত হৈ পৰিছে। লগতে, এই কাৰ্যসূচীত ৰাইজকো জড়িত হোৱাৰ আহ্বান জনাইছে।   

উল্লেখযোগ্য যে, দক্ষিণ কামৰূপ জিলাৰ পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত দৰাবিল এক ঐতিহ্যবাহী আৰ্দ্ৰভূমি। প্ৰায় ১১৬ হেক্টৰ মাটিকালিৰে আৱৰা এই আৰ্দ্ৰভূমি অঞ্চল সাতশ বছৰ পুৰণি। অঞ্চলটোৰ বহুলোকৰ জীৱন–জীৱিকাৰ একমাত্ৰ ভাৰসাস্থল হ’ল এই আৰ্দ্ৰভূমি।

বিভিন্ন কাৰ্যসূচীৰে আয়োজিত এইবৰ্ষৰ দৰাবিল মহোৎসৱত আৰ্দ্ৰভূমি অঞ্চলত উপলব্ধ চৰাই–চিৰিকটি, মাছ–কাছ লগতে সৰীসৃপ সম্পৰ্কীয় প্ৰচাৰে দৰ্শনাৰ্থীসকলক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে।

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward