Thursday, April 25, 2024
HomeNEWSতিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মন্দিয়াত চৰ-চাপৰি সাহিত্য পৰিষদৰ ত্ৰি-বাৰ্ষিক ৰাজ্যিক অধিবেশন

তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মন্দিয়াত চৰ-চাপৰি সাহিত্য পৰিষদৰ ত্ৰি-বাৰ্ষিক ৰাজ্যিক অধিবেশন

প্ৰকাশিত তাৰিখঃ ২৫ জানুৱাৰী, ২০২৩

চানডুবি নিউজ ৰিপ’ৰ্ট –

বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ মন্দিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইছমাইল হোছেইন সমন্বয় ক্ষেত্ৰত অহা ২৭ জানুৱাৰীৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে চৰ-চাপৰি সাহিত্য পৰিষদ, অসমৰ ত্ৰি-বাৰ্ষিক ৰাজ্যিক অধিবেশন অনুষ্ঠিত হব। উক্ত অধিবেশনৰ প্ৰথম দিন ২৭ জানুৱাৰীৰ পুৱা ৮-৩০ বজাত পতাকা উত্তোলন কৰিব পৰিষদৰ ৰাজ্যিক সভাপতি ডহাফিজ আহমেদে। ১০ বজাত প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰিব অভ্যৰ্থনা সমিতিৰ সভাপতি আব্দুল গণি খানে। ১০-৩০ বজাত চৰ-চাপৰি সাহিত্য পৰিষদৰ গ্ৰন্থ বিপণী উদ্বোধন কৰিব অধ্যক্ষ অমূল্য গোস্বামীয়ে। ১১ বজাত কবি সন্মিলন। লগতে  প্ৰদৰ্শনীমূলক লাঠীবাৰী খেল, ধূয়া গান, মাগন গীত পৰিবেশন। আবেলি বৰগীত, জ্যোতি সংগীত, ভূপেন্দ্ৰ সংগীত, লোকগীত, কাৱালি,গজল আদি সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হব। সন্ধিয়া ৫ বজাত ছামচুল হক আৰু গীতাৰাণী সৰকাৰৰ কবি গান। সন্ধিয়া ৭ বজাত লাৰ্জিনা পাৰবিন আৰু অন্যান্য শিল্পীয়ে গীত-মাত পৰিবেশন কৰিব। সাংস্কৃতিক সন্ধিয়া অনুষ্ঠান উদ্বোধন কৰিব বিশিষ্ট সাহিত্যিক, নাট্যকাৰ, গল্পকাৰ, ঔপন্যাসিক, কবি তথা কলগাছিয়াৰ ৰূপসী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া নৱৰত্ন পাটোৱাৰীয়ে।

অধিবেশনৰ দ্বিতীয় দিনৰ পুৱা ৯ বজাত ইয়াকুব আলী সোঁৱৰণী কুইজ প্ৰতিযোগিতা। ১০বজাত প্ৰতিনিধি পঞ্জীয়ন। ১০-৩০ বজাত ‘চৰ-চাপৰিবাসী আৰু অসমীয়া জাতিসত্বা’ শীৰ্ষক আলোচনাচক্ৰ। সঞ্চলনা কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ মুৰব্বী অধ্যাপিকা ড অনুৰাধা শৰ্মাই। আলোচক হিচাপে উপস্থিত থাকিব তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ড সঞ্জীৱ পল ডেকা, নগালেণ্ড কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড নাজিম উদ্দিন ছিদ্দিকি, নগাওঁ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড শিখামণি শৰ্মা আদিয়ে। উক্ত দিনৰ ১২বজাত বি, এইচ কলেজৰ অধ্যাপক ড চুলতান আলী আহমেদৰ পৌৰহিত্যত সম্বৰ্ধনা প্ৰদান আৰু পুৰস্কাৰ বিতৰণ অনুষ্ঠান অনুষ্ঠিত হ’ব। সম্বৰ্ধনা জ্ঞাপন কৰিবলগীয়া কৃতী ব্যাক্তি সকল হৈছে ক্ৰমে ড এম সেলিম হোছেইন, পাৰভীন চুলতানা, ড আব্দুল কালাম আজাদ, ড নাজমা খানম, ড ফৰিদা আহমেদ, ড ৰেহেনা চুলতানা, ড হাফিজা আহমেদ, ডা মীৰ হোছেইন, ড নাজিম উদ্দিন ছিদ্দিকি, বিল্লাল হোছেইন এচিএছ আদি। দিনৰ ১বজাত বঁটা প্ৰদান অনুষ্ঠানত ইছমাইল হোছেইন(জ্যেষ্ঠ)সোঁৱৰণী সমন্বয় বঁটা অসমৰ বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰুক, শ্বহীদ ওমৰ আলী সোঁৱৰণী সম্প্ৰীতি বঁটা বিশিষ্ট লোক সংস্কৃতিৰ গৱেষক কুৰবান আলী চৌধুৰীক, মোবাৰক হোছেইন সোঁৱৰণী গ্ৰাম্য সাংবাদিকতা বঁটা বিশিষ্ট সাংবাদিক দিগন্ত শৰ্মাক, মাতৃ সোমজান নেছা সোঁৱৰণী লেখিকা বঁটা বিশিষ্ট ঔপন্যাসিক বেগম আছমা খাতুনক, শ্বহীদ আলিফ উদ্দিন সোঁৱৰণী বঁটা বিশিষ্ট লেখক অধ্যাপক দ্বীজেন বৰ্মনক প্ৰদান কৰা হ’ব। দিনৰ ২-৩০বজাত অধিবেশনৰ প্ৰথম মুকলি সভা অভ্যৰ্থনা সমিতিৰ মুখ্য পৃষ্ঠপোষক তথা বিধায়ক শ্বেৰমান আলী আহমেদৰ পৌৰহিত্যত অনুষ্ঠিত হ’ব।

উক্ত মুকলি সভাত বিষয়বস্তু উপস্হাপন কৰিব চৰ-চাপৰি সাহিত্য পৰিষদ, অসমৰ প্ৰধান সম্পাদক আনোৱাৰ হোছেইনে। উক্ত মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব সাংসদ মৌলানা বদৰ উদ্দিন আজমল, অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, বিধায়ক অখিল গগৈ, কংগ্ৰেছ দ’লৰ ৰাজ্যিক মুখপাত্ৰ মনজিত মহন্ত, বিধায়ক মনোৰঞ্জন তালুকদাৰ, বিধায়ক আশ্ৰাফুল হোছেইন, বিধায়ক আমিনুল ইছলাম, অগপ কেন্দ্ৰীয় কমিটিৰ উপ-সভাপতি ৰণজিৎ ডেকা আদি। বিয়লি ৫বজাত পৰিষদৰ ৰাজ্যিক সভাপতি ড হাফিজ আহমেদৰ পৌৰহিত্যত প্ৰতিনিধি সভা অনুষ্ঠিত হ’ব। উক্ত সভাত প্ৰধান সম্পাদক আনোৱাৰ হোছেইনে সম্পাদকীয় প্ৰতিবেদন উত্থাপন কৰিব। সন্ধিয়া ৭-৩০বজাত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব।

অধিবেশনৰ অন্তিম দিন ২৯ জানুৱাৰীত পুৱা ৯বজাত বিশিষ্ট মনোৰোগ বিশেষজ্ঞ চিকিৎসক ডা ৰেজাউল হামিদে বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব। দিনৰ ১২বজাত গ্ৰন্থ আৰু স্মৃতিগ্ৰন্থ উন্মোচন। উক্ত অনুষ্ঠানত বিধায়ক শ্বেৰমান আলী আহমেদে অধিবেশনৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰিব। গ্ৰন্থ উন্মোচন কৰিব ক্ৰমে উত্তৰাখণ্ড কাশীপুৰ আইআইএমৰ অধ্যাপক ড কে এম বাহাৰুল ইছলাম, চমৰীয়া আঞ্চলিক মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড ইউছুফ আলী আহমেদ, নগালেণ্ড কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড নাজিম উদ্দিন ছিদ্দিকি, মন্দিয়া আঞ্চলিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড মলিন চন্দ্ৰ ডেকা, বিশিষ্ট লেখক, অনুবাদক অধ্যাপক ড এম সেলিম হোছেইন আৰু বিশিষ্ট চিকিৎসক ডা হাফিজুৰ ৰহমানে। দিনৰ ১-৩০ বজাত পৰিষদৰ ৰাজ্যিক সভাপতি ড হাফিজ আহমেদৰ পৌৰহিত্যত দ্বিতীয় মুকলি সভা অনুষ্ঠিত হ’ব আৰু উদ্দেশ্য ব্যাখ্যা কৰিব পৰিষদৰ প্ৰধান সম্পাদক আনোৱাৰ হোছেইনে। উক্ত মুকলি সভাত মুখ্য অতিথিৰ আসন অলংকৃত কৰিব ভাৰতবৰ্ষৰ আগশাৰীৰ বিশিষ্ট চিন্তাবিদ ৰামপুনিয়ানিয়ে। সভাৰ নিৰ্দিষ্ট বক্তা হিচাপে পশ্চিম বংগৰ প্ৰগতিশীল কবি মৌমিতা আলম, বিশিষ্ট অতিথি হিচাপে নেপালী সাহিত্য সভাৰ সভাপতি দুৰ্গা খাতিবডা, চাহ জনগোষ্ঠী সাহিত্য সভাৰ সভাপতি সঞ্জয় তাঁতী, বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়ো, নতুন সাহিত্য পৰিষদৰ সভাপতি অনন্ত কলিতা, অসমীয়া সাহিত্য সন্মিলনীৰ সভাপতি সাগৰ বৰুৱা, হোজাই জিলা সাহিত্য সভাৰ সভাপতি ড ইন্দ্ৰজিত বেজবৰুৱা উপস্থিত থাকিব। উক্তদিনা ধুবুৰীৰ জনপ্ৰিয় সংগীত শিল্পী কোকিলা সৰকাৰ, কয়াকুছিৰ জনপ্ৰিয় কণ্ঠশিল্পী ময়নাল হক চৌধুৰী আদিৰ গীতেৰে সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰা হ’ব। সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠান উদ্বোধন কৰিব বৰপেটা জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক ৰাতুল কুমাৰ দাসে।

চৰ-চাপৰি সাহিত্য পৰিষদ, অসমৰ ত্ৰি-বাৰ্ষিক ৰাজ্যিক অধিবেশনৰ সকলো দিনৰ প্ৰতিটো কাৰ্যসূচীত উপস্থিত থাকি অনুষ্ঠানটি সাফল্য মণ্ডিত কৰিবলৈ অভ্যৰ্থনা সমিতিৰ সভাপতি আব্দুল গণি খান, মুখ্য সম্পাদক অধ্যাপক মিজানুৰ ৰহমান, পৰিষদৰ ৰাজ্যিক প্ৰধান সম্পাদক আনোৱাৰ হোছেইন আদিয়ে আহ্বান জনাইছে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward