Saturday, April 27, 2024
HomeARTICLEঅসমৰ নতুন জালুকপাহাম গাঁওখন চৰকাৰৰপৰাই অৱহেলিত

অসমৰ নতুন জালুকপাহাম গাঁওখন চৰকাৰৰপৰাই অৱহেলিত

প্ৰকাশিত তাৰিখঃ ২৫ মাৰ্চ, ২০২৪

নীৰেন্দ্ৰ প্ৰসাদ ৰাভা –

নতুন জালুকপাহাম পশ্চিম গুৱাহাটী সমষ্টি তথা বৃহত্তৰ গুৱাহাটীৰ অংশীদাৰ এখন কাৰ্বি জনজাতি বসতিপ্ৰধান পাহাৰীয়া গাঁও। প্ৰায় ১৮ বছৰ আগতে জালুকপাহামৰপৰা ১০ টা পৰিয়াল আহি এই ঠাইখনত বসতি স্থাপন কৰিছিল। লোকসকল জালুকপাহামৰ পৰা আহি বসতি স্থাপন কৰা বাবে গাঁওখনৰ নাম নতুন জালুকপাহাম দিছিল। কোনো কোনোৱে গাঁওখনক নতুন বস্তি বুলিও কয়। অৱশ্যে এই ১৮টা বছৰত নতুন গাঁওখনত পৰিয়ালৰ সংখ্যা এটাও বৃদ্ধি হোৱা নাই। গাঁওখনৰ বাসিন্দা নৃপেন টুমুঙে প্ৰকাশ কৰা মতে– অসম চৰকাৰৰপৰা মাত্ৰ ভোটাৰ কাৰ্ডখনহে পাইছে। তাৰবাদে চৰকাৰী উন্নয়নে এতিয়াও গাঁওখনক ঢুকি পোৱা নাই। প্ৰাথমিক চিকিৎসাৰ বাবে ৪ কিলোমিটাৰ আঁতৰৰ জালুকপাহামত থকা উপ–স্বাস্থ্য কেন্দ্ৰ অথবা ১৪ কিলোমিটাৰ দূৰৰ ৩০খন বিচনাযুক্ত ৰাণী সামূহিক চিকিৎসালয়লৈ নামি আহিব লাগে। এই মুহুৰ্তলৈকে গাঁওখনৰ কোনো এটা পৰিয়ালৰে ৰেচন কাৰ্ড নাই। পুৰণি গাঁওখনৰ যৌথ পৰিয়ালটোৰ নামত এখন ৰেচন কাৰ্ড আছিল। সেই কাৰ্ডখন পুৰণি ঘৰখনতেই থাকি গ’ল। নতুন জালুকপাহামত গাঁওপাতি বসবাস কৰা আজি ১৮ বছৰেই হ’ল যদিও আমাৰ নামত নতুনকৈ ৰেচন কাৰ্ড যোগাৰ কৰি দিয়াৰ বাবে অসম চৰকাৰ অথবা ৰাণীস্থিত সূলভ মুল্যৰ দোকানৰ এজেণ্টগৰাকীও কোনো ব্যৱস্থা নকৰিলে। টুমুঙে আক্ষেপ কৰি কয়– নিৰ্বাচনৰ সময়ত বিধে বিধে গাড়ী লৈ নেতা–পালিনেতাৰ আগমণ ঘটে। নিৰ্বাচনৰ পিছত কোনো এজনৰে ছাঁ টোকে দেখিবলৈ নাপাও। আমি অসমৰে বাসিন্দা, কিন্তু মেঘালয় চৰকাৰেহে গাঁওখনৰ পৰিয়ালকেইটাক ভোটাৰ কাৰ্ড, ৰেচন কাৰ্ড, আধাৰকাৰ্ড, পানকাৰ্ড, সৌৰ চাকি, খোৱাপানী লগতে চৰকাৰী ঘৰৰ ব্যৱস্থা কৰি দিবলৈও আৰম্ভ কৰিছে। মেঘালয়ে গাঁওখনৰ কাষৰীয়া পাহাৰীয়া নিজৰা এটাৰ পানী সংৰক্ষণ কৰি পৰিয়ালকেইটাৰ পদুলিত, চোতালৰ চুকত পানীৰ টেপ বহুৱাই দিছে। খ্ৰীষ্টিয়ান মিচনে গাঁওখনত এখন প্ৰাথমিক বিদ্যালয় স্থাপন কৰি দিছে। ইঘৰ–সিঘৰ চলাচলৰ বাবে সৰু–সুৰা সাঁকো নিৰ্মাণ কৰি দিছে।

নতুন জালুকপাহামৰ গাঁৱৰে দশম শ্ৰেণীত পঢ়ি থকা এজন ছাত্ৰ পল্লৱ টুমুং। পল্লৱে গাঁওখনৰ মাজেৰে বৈ যোৱা নদীখনত গা–ধুই থকা শিশুকেইটাৰ লগত আছিল। পল্লৱে আমাক সুধিছিল– খুড়াহঁতে ক’ৰপৰা আহিছে, ক’ত যাব। ৰাণীৰপৰা আমি এনেই ফুৰিবলৈ আহিছো। আমি সুধিছিলো– এই গাঁওখনৰ নাম কি? কৈছিল– নতুন জালুকপাহাম। গাঁওখন অসমৰ নে মেঘালয়ৰ? তেওঁ কৈছিল– অসমৰ। সেই সময়তে এগৰাকী আইতাই নদীখন পাৰ হৈ আহি আছিল। আঠুলৈকে পানী থকা নদীখনৰ সোঁ–মাজত থিয় হৈ আইতাগৰাকীয়ে কৈছিল– এইখন অসমৰে গাঁও। মেঘালয়ৰ সীমাটো বহু দূৰত আছে। পল্লৱে সুন্দৰকৈ অসমীয়া ক’ব পাৰে, বুজিও পায়। আমি সুধিছিলো– তোমাৰ ঘৰ ইয়াত নে? হয়। কিন্তু মই সৰুৰেপৰা জাগীৰোডত থকা মামাহঁতৰ ঘৰতেই ডাঙৰ–দীঘল হৈছো। তাতেই অসমীয়া মাধ্যমত পঢ়া–শুনাও কৰি আছো। ভঁৰালৰ ধানবোৰ উলিয়াই বাঁহৰ ডলাৰে জাৰি থকা কাৰ্বি মহিলা দুগৰাকীয়ে কৈছিল– আমি অসম অসম বুলি চিঞৰি থাকো, কিন্তু অসমে আমাৰেই খবৰ নাৰাখে। আমি যে দূৰ্গম এলেকাত বসবাস কৰি আছো ভৈয়ামৰ কেইজন মানুহে জানে! আমি অনেক দুৰ্যোগৰ মাজত থকা মানুহ, আমাৰ ভোক বেছি। গতিকে যিয়ে আগে যোগান ধৰে ভোকৰ তাড়নাত তাকেই গ্ৰহণ কৰিছো। হ’লেও– আমি অসমৰ মাটিত থাকি মেঘালয়ে আগবঢ়োৱা সা–সুবিধা গ্ৰহণ কৰি থাকিবলৈও ভাল নলগা হৈছে। নিজকে দোষী–দোষীৰ নিচিনা লাগে। কিন্তু কি হ’ব! আজিলৈকে অসম চৰকাৰে আমাক ৰেচন কাৰ্ডখনৰেই সুবিধা কৰি দিব নোৱাৰিলে। তহঁতে আমাৰ দুখৰ কথা অসম চৰকাৰক জনাবিচোন। আমি সুধিছিলো– আপোনালোকৰ নাম কি? মহিলা দুগৰাকীয়ে কৈছিল– নামটোৰনো কি কাম? আমি কৈ থকা কথাখিনিকে শুনি থাকচোন। নৃপেন টুমুঙে কোৱা মতে– গাঁওখনৰ ভোটাধিকাৰ লাভ কৰা নাগৰিকসকলে দুয়োখন ৰাজ্যৰ– অসমৰ বিধানসভা, লোকসভা, পঞ্চায়ত, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ আৰু মেঘলায়ৰ বিধানসভা, লোকসভা, খাছিপাহাৰ জিলা স্বায়ত্তশাসিত পৰিষদ আদি নিৰ্বাচন সমূহত ভোটদান কৰি আহিছে। মাটাং গাঁৱৰ বাসিন্দা ময়ুৰী টুমুং হ’ল ৰাণী গাঁও পঞ্চায়তৰ পৰা নিৰ্বাচিত হোৱা স্থানীয় এলেকাটোৰ এগৰাকী ৱাৰ্ড সদস্যা। ময়ুৰীৰ নিজৰ ঘৰখনেই উদং, নিজে উপাৰ্জন নকৰিলে ঘৰখন নচলে। গতিকে তাইৰ কাৰণে সমাজৰ সেৱা কৰাটো জটীল হৈ পৰিছে। সেয়ে ময়ুৰীয়ে লখৰাৰ এখন ব্যক্তিগত শিক্ষানুষ্ঠানত ৰান্ধনিৰ কাম কৰি জীৱিকা নিৰ্বাহ কৰিবলগীয়া হৈছে।

উল্লেখনীয় যে, অসম চৰকাৰে যুগ যুগ ধৰি বহিঃবিশ্বৰ লগত সম্পৰ্কবিহীন অঞ্চলটোত পথ নিৰ্মাণৰ বাবে এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছিল। কিয়নো, ২০১১ চনত অসম চৰকাৰে পাহাৰীয়া দূৰ্গম এলেকাটোৰ মাজেৰে ৰাণীৰপৰা জালুকপাহাম–গড়ভাংগা হৈ লখৰা সংযোগী এক পথ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰিছিল। সেই অনুসৰি– ২০১১ চনত লখৰাৰপৰা গড়ভাংগা হৈ জালুকপাহামলৈ আৰু ২০১৭ চনত ৰাণীৰপৰা কপিলী–ডুম’পাহাম, জালুকপাহাম সংযোগী পথটোৰ নিৰ্মাণকাৰ্য আৰম্ভ হৈছিল। ২২ কিলোমিটাৰ দৈৰ্ঘ্যৰ লখৰা–গড়ভাংগা–জালুকপাহাম পথটোৰ নিৰ্মাণকাৰ্য ইতিমধ্যে সমাপ্ত হৈছে। ইপিনে– ২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ কপিলী–নাৰলিং–ডুম’পাহাম–জালুকপাহাম পথৰ নিৰ্মাণকাৰ্যও চলি আছে। ইতিমধ্যে পথটোৰ নিৰ্মাণকাৰ্য কপিলী– নাৰলিং–চাংমা নগৰ–কণ্ঠমপাহাম–ডুম’পাহাম–ভালুকখোৱালৈকে পকীকৰণ সম্পূৰ্ণ হৈ উঠিছে। আনহাতে, জালুকপাহামৰপৰাও ৰাণী অভিমুখে পথটোৰ পকীকৰণ কৰি আহি আছে। কায়াংপথাৰ আৰু নতুন জালুকপাহাম এই গাঁও দুখনৰ মাজৰ অংশখিনিত নিৰ্মাণকাৰ্য বাকী আছে। সৌভাগ্যৰ কথা– নতুন জালুকপাহাম গাঁৱৰ পৰিয়ালকেইটাই আৰু দুই–এবছৰৰ পিছত আধুনিক পথ যোগাযোগ ব্যৱস্থাৰ সোঁৱাদ লাভ কৰিব। ইয়াৰ লগে লগে এক দূৰ্বিসহঃ জীৱনৰ অন্ত পৰিব। কিয়নো, তেওঁলোকে পাহাৰীয়া লুংলুঙীয়া বাটেৰে আৰু ৪ঘণ্টা খোজকাঢ়ি ৰাণীলৈ আহিব নালাগে, গাড়ী–মটৰেৰে এক  ঘণ্টাতে ৰাণীত উপস্থিত হ’ব পাৰিব।

এই কথা সঁচা যে– নতুন জালুকপাহামৰ মানুহখিনিয়ে অভাৱৰ কাৰণে মেঘালয়ৰ পৰা সা–সুবিধা গ্ৰহণ কৰিলেও সেইখন ৰাজ্যৰ লগত মনে–প্ৰাণে চামিল হোৱাৰ কথা কেতিয়াও নাভাবে। আনকি বাৰে বাৰে সেই ৰাজ্যখনৰপৰা সা–সুবিধা গ্ৰহণ কৰি থাকিবলৈও মন নাই। নিৰক্ষৰ, সহজ–সৰল মানুহখিনিয়ে সহজভাৱে কথাখিনি ব্যক্ত কৰিছিল। অসমত ৪বাৰ ভোটদান কৰাৰ বিপৰীতে মেঘালয়ত ৩বাৰ ভোটদান কৰে। কিন্তু উন্নয়নৰ ক্ষেত্ৰত অসমৰ অৱদান নাই বুলি ক’লেও ভুল কোৱা নহয়। গাঁওখনৰপৰা অসম–মেঘালয় আন্তঃৰাজ্যিক সীমাৰেখা যথেষ্ট দূৰত আছে। কিন্তু নিজ ৰাজ্যখনৰপৰাই উন্নয়ন বঞ্চিত গাঁওখনত ইতিমধ্যে মেঘালয় প্ৰশাসনে যথেষ্ট উন্নয়নমূলক কাম–কাজেৰে গজগজীয়া হৈ উঠিছে। সেয়াও একপ্ৰকাৰ আগ্ৰাসনৰেই কুজ–কাৱাজ বুলিব পাৰি। অদূৰ ভৱিষ্যতে মেঘালয়ে নতুন জালুক পাহামক নিজৰ ভূমি বুলি দাবী কৰিবপৰা সম্ভাৱনাও একেবাৰে শূন্য বুলি ক’ব নোৱাৰি। গতিকে চুবুৰীয়া ৰাজ্যখনৰ ভূমি আগ্ৰাসনে জটীল ৰূপ লোৱাৰ আগতে অসম চৰকাৰ প্ৰশাসনে আন্তঃৰাজ্যিক সীমাঞ্চলৰ গাঁওখনত উন্নয়নমূলক আঁচনি সমূহ ৰূপায়ন কৰিব লাগে।

Title Pix: Chandubi News
শিৰোনামৰ ফটোঃ চানডুবি নিউজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward