Thursday, March 28, 2024
Homeবাতৰিনাগালেণ্ডত ধনেশ পক্ষী সংৰক্ষণৰ বাবে সজাগতা অভিযান

নাগালেণ্ডত ধনেশ পক্ষী সংৰক্ষণৰ বাবে সজাগতা অভিযান

প্ৰকাশিত তাৰিখঃ ১৫ জুন ২০১৬

চানডুবি নিউজ ডেক্স–

নাগালেণ্ডৰ সাংস্কৃতিক ঐতিহ্যৰ প্ৰতীক ধনেশ পক্ষী (হৰ্ণবিল)। দূষ্প্ৰাপ্য এই পক্ষীবিধৰ সংৰক্ষণৰ হ’কে দাবী জনাইছে নাগালেণ্ডৰ প্ৰকৃতিপ্ৰেমীসকলে। উল্লেখ্য যে, ‘ফিংগাৰপ্ৰিণ্ট ডিজাইন এণ্ড ইভেণ্ট’ নামৰ এক প্ৰকৃতিপ্ৰেমী সংগঠনে নাগাসকলৰ সাংস্কৃতিক প্ৰতীক ৰূপে বিবেচিত এই পক্ষীবিধৰ সংৰক্ষণৰ ক্ষেত্ৰত শেহতীয়াকৈ গুৰুত্ব আৰোপ কৰিছে।

‘ফিংগাৰপ্ৰিণ্ট ডিজাইন এণ্ড ইভেণ্ট’ নামৰ বে-চৰকাৰী সংগঠনটোৱে ইতিমধ্যে নাগালেণ্ডৰ বিভিন্ন স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এই পক্ষীবিধ সংৰক্ষণৰ বাবে সজাগতা অভিযান আৰম্ভ কৰিছে। সাংস্কৃতিক ঐতিহ্যৰ প্ৰতীকৰূপে বিবেচনা কৰা এই পক্ষীবিধ সম্প্ৰতি নাগালেণ্ডত অস্তিত্বৰ সংকটত। এই সংকট যেন অধিক ৰূপত প্ৰকাশ নাপায়, সেয়ে পক্ষীবিধক সংৰক্ষণৰ বাবে সংগঠনটোৰ জোৰদাৰ সজাগতা অভিযান। উল্লেখ কৰিব পাৰি যে– নাগালেণ্ড জুল’জিকেল পাৰ্কৰ নাগালেণ্ড ৰাজ্যিক চিৰিয়াখানাত সংৰক্ষিত কৰি ৰখা ‘জুলি’ নামৰ ধনেশ পক্ষীটোৱেহে চৰাইবিধৰ অস্তিত্ব জীয়াই ৰাখিছে, এই দাবী– প্ৰকৃতিপ্ৰেমী সংগঠনটোৰ।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtsey: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward