Thursday, March 28, 2024
Homeবাতৰি‘ভাগীৰথী’ পুৰণি ঠিকনাত নতুন সংবাদ

‘ভাগীৰথী’ পুৰণি ঠিকনাত নতুন সংবাদ

প্ৰকাশিত তাৰিখঃ ১৫ জুন ২০১৬

চানডুবি নিউজ ডেক্স–

বৃহত্তৰ আমৰাঙ্গা–বৰিহাট কেন্দ্ৰীক অঞ্চলটো অসমৰ অন্যতম সমৃদ্ধ শালী পেছাদাৰি নাট্যকলা ‘যাত্ৰা’ৰ উত্থান–পতনৰ সাক্ষী। বিগত কেইবাটাও দশকজুৰি সমগ্ৰ দক্ষিণ কামৰূপৰ লগতে আমৰাঙ্গা–বৰিহাট কেন্দ্ৰীক অঞ্চলটোত যাত্ৰা নাট্যশৈলীৰ অগ্ৰগতি আৰু সম্প্ৰসাৰণৰ ক্ষেত্ৰত বহুতো সম্পৰীক্ষণ সম্ভৱ হৈছে। ইয়াতে জন্ম হ’ল বহু যাত্ৰা দলৰ। তেওঁলোকৰ অনবদ্য ত্যাগ আৰু সৃষ্টিশীলতাৰে যাত্ৰা নাট্যকলাক বহুদূৰ আগুৱাই লৈ গ’ল।

এই ধাৰাবাহিকতাৰ সফল সংযোজন হ’ল ২০১৪ চনত মুকুল কলিতাৰ প্ৰযোজনাত জন্ম লাভ কৰা ‘ভাগীৰথী’ যাত্ৰা দল। নাট্যকাৰ–পৰিচালক ভৱেশ দাসৰ পৰিপক্ক পৰিচালনাত তিনিখন মঞ্চত অত্যাধুনিক পোহৰ আৰু অৰ্থবহ সংগীত ব্যৱস্থাপনাৰে যাত্ৰাৰ সকলো মৌলিকত্ব বজাই ৰাখিও এক নতুন সোৱাদ দিবলৈ সক্ষম হৈছে ‘ভাগীৰথী’ যাত্ৰা দল। বিগত দুটা বৰ্ষৰ ভাগীৰথীৰ মূল সম্পদ হ’ল সাম্প্ৰতিক কালৰ মানৱতাৰ অৱক্ষয়ৰ বিৰুদ্ধে জেহাদ কৰা ভৱেশ দাসৰ দূখন মৌলিক নাটক ক্ৰমে ‘মৃত্যু-গহ্বৰ’ আৰু অগ্নিকুণ্ড’। দুয়োখন নাটকেই নাট্য সাহিত্যৰ অৱক্ষয়ৰ সময়ত দুটা উল্লেখযোগ্য সংযোজন বুলি কোৱাৰ থল আছে। বিগত দুটা বৰ্ষত নাটক দুখন সফলতাৰে পৰিৱেশন কৰাত সহযোগ কৰিছে অভিনয় শিল্পী– পংকজ কলিতা, বলেন চৌধুৰী, মদন তালুকদ্বাৰ, দীপা পাটৰ আদিয়ে লগতে সংগীত শিল্পী নলিনী ৰয়, প্ৰদীপ কলিতা, ভূৱনেশ্বৰ ৰাভা আদি যাত্ৰাজগতৰ নামি-দামী শিল্পীয়ে। ভাগীৰথীৰ এই সফল যাত্ৰাৰ অন্যতম স্বীকৃতি হ’ল ছয়গাঁও ৰাস মহোৎসৱত আয়োজন কৰা যাত্ৰা নাট প্ৰতিযোগিতাত শ্ৰেষ্ঠ নাট্যদলৰ সন্মানৰ লগতে প্ৰায় সকলো শিতানতে শ্ৰেষ্ঠত্বৰ সন্মান লাভ।

বহু ঘাত-প্ৰতিঘাত অতিক্ৰমি দায়বদ্ধ সংগঠক তথা প্ৰযোজক মুকুল কলিতাই ২০১৬-১৭ বৰ্ষৰ বাবেও ‘ভাগীৰথী’ যাত্ৰা দলৰ ব্যাপক আয়োজন সম্পূৰ্ণ কৰি তুলিছে। জানিব পৰা মতে, নাট্যকাৰ–পৰিচালক ভৱেশ দাসে ইতিমধ্যে নাটকৰ পাণ্ডুলিপি সম্পূৰ্ণ কৰি তুলিছে। আগন্তুক বৰ্ষতো ‘ভাগীৰথী’য়ে উন্নতমান সম্পন্ন নাটৰ উপহাৰ দিব বুলি আশা থাকিল।

শিৰোনামৰ ছবিঃ মুকুল কলিতা

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward