Friday, April 19, 2024
Homeবাতৰিনিখিল ৰাভা সাহিত্য সভাৰ ৩৪ সংখ্যক কেন্দ্ৰীয় অধিবেশনত মুখ্যমন্ত্রী

নিখিল ৰাভা সাহিত্য সভাৰ ৩৪ সংখ্যক কেন্দ্ৰীয় অধিবেশনত মুখ্যমন্ত্রী

প্ৰকাশিত তাৰিখঃ ১ জানুৱাৰী, ২০১৮

চানডুবি নিউজ ডেক্স –

বেবাক্‌ ৰাভা ক্ৰৌৰাং ৰুঞ্চম (নিখিল ৰাভা সাহিত্য সভা)ৰ ৩৪ সংখ্যক কেন্দ্ৰীয় অধিবেশন যোৱা ২৭ ডিচেম্বৰৰ পৰা ৩০ ডিচেম্বৰলৈ চাৰিদিনীয়া কাৰ্যসূচীৰে ওদালগুৰি জিলাৰ টংলাত অনুষ্ঠিত হয়। শৈক্ষিক নগৰী টংলাৰ সতীশ চন্দ্ৰ ৰাভা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত অধিবেশনৰ অন্তিম দিনৰ কায্যসূচীত ৰাতিপুৱা  নৱ–নিৰ্বাচিত সভাপতি অমৰ সিং কোঁচক পুষ্পসজ্জিত বাহনত লৈ এক বৰ্ণিল শোভাযাত্ৰা বাহিৰ কৰে। ওদালগুৰি জিলাৰ উপায়ুক্ত দিলীপ কুমাৰ দাসে উদ্বোধন কৰে এই বৰ্ণিল শোভাযাত্রা। নগৰীখনৰ ৰাজপথত প্ৰায় পাঁচ সহস্ৰাধিক বিভিন্ন জাতি–জনগোষ্ঠীৰ লোকে অংশগ্ৰহণ কৰা শোভাযাত্ৰাত সকলোৰে দৃষ্টি আকৰ্ষণ কৰা লোককৃষ্টিয়ে সমাজলৈ এক সম্প্ৰীতিৰ বাৰ্তা প্ৰেৰণ কৰে।

অধিবেশনৰ অন্তিম দিনৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়– ৰাভা ভাষাৰ মাধ্যম বিছাৰি কৰি অহা দাবী, ৰাভা ভাষাৰ এহাজাৰ শিক্ষক নিযুক্তিকে আদিকৰি জাতীয় সমস্যা নিৰ্মূলৰ বাবে জনগোষ্ঠীটোৰ নেতৃস্থানীয় সংগঠনসমূহৰ লগত চৰকাৰে অতি শীঘ্রে আলোচনাত মিলিত হোৱাৰ প্রতিশ্রুতি প্ৰদান কৰে। তেখেতে কয় যে, সমাজত এলেহুৱাৰ কোনো অস্তিত্ব নাথাকে। ৰাভাসকল এক সুকীয়া পৰিচয় থকা জনগোষ্ঠী। অসমৰ সকলোবোৰ খিলঞ্জীয়া জনগোষ্ঠীয়ে কঠোৰ শ্ৰম কৰাৰ লগতে কলা–কৃষ্টিসমূহ প্ৰদৰ্শন কৰি জাতি, সমাজ, ৰাজ্য আৰু দেশ উজ্বলাই বিশ্ববাসীৰ সন্মুখত শ্ৰেষ্ঠত্বৰ প্ৰমাণ দাঙি ধৰিব লাগে। ৰাজ্যৰ খিলঞ্জীয়া যুৱক–যুৱতীসকলৰ দক্ষতা বিকাশৰ জৰিয়তে কৰ্ম সংস্থাপন সৃষ্টি কৰিবলৈ ২৪৯টা দক্ষতা বিকাশ কেন্দ্ৰ স্থাপন কৰা হৈছে। অহা এপ্ৰিলৰ ভিতৰত সকলোবোৰ কেন্দ্ৰ সক্ৰিয় হৈ উঠিব। উক্ত কেন্দ্ৰসমূহত ৰাভা যুৱক–যুৱতীসকলেও অংশ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। চৰকাৰে প্ৰতিটো বছৰতে দহ হাজাৰ যুৱক–যুৱতীক দক্ষ কৰি তুলিবলৈ ছিংগাপুৰ চৰকাৰৰ সহযোগিতাত দৰং জিলাৰ ছিপাঝাৰত অন্য এটা দক্ষতা বিকাশ কেন্দ্ৰ স্থাপন কৰাৰ কথা ভাষণৰ সময়ত ব্যক্ত কৰে। ‘সমন্বয়েহে সমাজখন সুস্থ সবল কৰি তোলে’ টংলাখন বৰ্ণিল জনগোষ্ঠীৰে পৰিপূৰ্ণ। ইয়াত ৰাভা সাহিত্য সভাই মানৱীয় প্ৰমূল্যবোধ আৰু ভাতৃত্ববোধৰ বাৰ্তা বিলোৱাৰ দায়িত্ব লওঁক।

বেবাক্‌ ৰাভা ক্ৰৌৰাং ৰুঞ্চমৰ সভাপতি অমৰ সিং কোঁচে সঞ্চালনা কৰা মুকলি সভাখন উদ্বোধন কৰে বিকালী মহাবিদ্যালয়ৰ অধ্যক্ষ ড মলিনা দেৱী ৰাভাই। উদ্বোধনী ভাষণত তেখেতে কয়, ৰাভা জনগোষ্ঠীৰ শিল্পী–সাহিত্যিক, ক্ৰীড়াবিদে নিজস্ব প্ৰতিভাৰে অসমবাসীক উজ্বলাই তুলিবলৈ সক্ষম হৈছে। কিন্তু তেনে সময়তে নিযুক্তি, পেঞ্চনৰ লগতে অন্যান্য চৰকাৰী সা–সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে ৰাভাসকল। মাধ্যম নাথাকিলে জাতি এটাৰ অস্বিত্ব জীয়াই নাথাকে। সেয়ে ৰাভা ভাষাক মাধ্যম হিচাপে ঘোষণা কৰক। ১৯৮৮ চনত চৰকাৰে ৰাভা ভাষাৰ শিক্ষকৰূপে নিযুক্তি দিয়া ৭০জন শিক্ষকৰ বহুকেইজনৰ মৃত্যু হ’ল। যদিও খালী হোৱা উক্ত পদ সমূহ পূৰাবলৈ এই পৰ্যন্ত চৰকাৰে কোনো ব্যৱস্থা হাতত লোৱা নাই। এই খালী পদ সমূহ পূৰণৰ বাদেও অতিৰিক্ত শিক্ষক নিযুক্তি আৰু ৰাভা ভাষাৰ উপ–পৰিদৰ্শকৰ পদ সৃষ্টি কৰিবলৈ দাবী উত্থাপন কৰে। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী তথা অভ্যৰ্থনা সমিতিৰ সভাপতি ৰিহণ দৈমাৰীয়ে সভাপতিৰ অভিভাষণত ৰাভা জাতি আৰু ৰাভা ভাষা বিকাশৰ ক্ষেত্ৰত অসম আৰু চুবুৰীয়া পশ্চিম বংগ চৰকাৰৰ প্ৰতি আহ্বান জনায়।

নিৰ্দিষ্ট বক্তাৰ ভাষণত ৰাভা ভাষাৰ পাঠ্যপুথি প্ৰণয়ন উপ–সমিতিৰ সভাপতি নিতাই ৰাভাই অসমৰ থলুৱা ভাষা–সংস্কৃতিক এখনি ফুলনিৰ সৈতে তুলনা কৰে। ভাষা–সাহিত্য–সংস্কৃতি ৰক্ষা কৰিবলৈ চৰকাৰে ব্যৱস্থা কৰিবলৈ দাবী জনায়। ৰাভাসকলৰ কথিত ভাষাক লিখিত ৰূপ দিয়াৰ লগতে জনগোষ্ঠীটোৰ ঐতিহাসিক সমল উদ্ধাৰৰ কাৰণে এটা বুৰঞ্জী অধ্যয়ন কোষ গঠনৰ চেষ্টা অব্যাহত ৰখা বুলি ভাষণ প্ৰসঙ্গত দোহাৰে।

ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ ৰাভাই সভাত অংশ গ্ৰহণ কৰি ৰাভা জনগোষ্ঠী ৰাজনৈতিকভাৱে শক্তিশালী নহ’লে ৰাভাৰ জাতীয় সমস্যা দূৰ নহয় বুলি মত প্ৰকাশ কৰে। সভাত ৰাজ্যসভাৰ সাংসদ শান্তিয়ুছ কুজুৰ, বিধায়ক দীপক ৰাভা, এম মহেশ্বৰ বড়ো আৰু কমলী বসুমতাৰী, বি টি চিৰ অধ্যক্ষ ত্রিদীপ দৈমাৰী, উপাধ্যক্ষ নেৰশ্বন বড়ো, আৰছুৰ সভাপতি ৰমেন সিং ৰাভা, ৰাভা জাতীয় পৰিষদৰ ভাৰপ্রাপ্ত সভাপতি নৰেন্দ্র কুমাৰ ৰাভা, ৰাভা মহিলা পৰিষদৰ সভানেত্রী হিমা ৰাভা আদি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

বেবাক্‌ ৰাভা ক্ৰৌৰাং ৰুঞ্চমৰ কাৰ্যবাহী সমিতিখন ২৭ জনীয়া সদস্যৰে গঠন কৰে। সভাৰ সভাপতিৰূপে অমৰসিং কোঁচ (কোকৰাঝাৰ) সম্পাদক প্ৰধান ৰাজ কুমাৰ ৰাভা (গোৱালপাৰা) উপসভাপতিদ্বয় ক্ৰমে বাবুল চন্দ্ৰ ৰাভা (ওদালগুৰি) যতীন্দ্ৰ ৰাভা (বাক্সা) সহকাৰী সম্পাদক মাটিৰাম ৰাভা (কামৰূপ), সাংগঠনিক সম্পাদক কৃষ্ঞ কান্ত ৰাভা (ওদালগুৰি) মুখপাত্র সম্পাদক সন্দেশ বাকচাকাক (মেঘালয়) আৰু পাঠ্যপুথি প্রণয়ন উপ–সমিতিৰ অধ্যক্ষৰ দায়িত্ব অৰ্পণ কৰা হয় গোৱালপাৰাৰ নিতাই ৰাভাক। 

 

শিৰোনামৰ ছবিঃ চানডুবি নিউজ  

Photo Courtesy: chandubinews

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward