Thursday, March 28, 2024
HomeUncategorizedপলাশবাৰী নগৰ আৰক্ষীৰ হাতত কৰায়ত্ত কুখ্যাত গাড়ী চোৰ ব’গা আলী     

পলাশবাৰী নগৰ আৰক্ষীৰ হাতত কৰায়ত্ত কুখ্যাত গাড়ী চোৰ ব’গা আলী     

প্ৰকাশিত তাৰিখঃ ১১ এপ্ৰিল, ২০২২

চানডুবি নিউজ ৰিপ’ৰ্ট –

যোৱা ৯ এপ্ৰিলত নিশা প্ৰায় ১১ বজাত পলাশবাৰী নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মনমোহন দাসে সহকৰ্মীৰ সৈতে ব্ৰহ্মপুত্ৰ নদীৰ পাৰত নিয়মীয়া টহল দি আছিল। সেই সময়ত কিছু দূৰত দুখন মটৰ চাইকেইলৰ সৈতে তিনিজন মানুহ দেখিবলৈ পায়। আৰক্ষীক দেখি লোক তিনিজনে পলাবলৈ চেষ্টা চলায়। আৰক্ষীয়ে লোক তিনিজনক ৰ’বলৈ নিৰ্দেশ দিছিল যদিও তেওঁলোক মটৰ চাইকেল ষ্টাৰ্ট কৰি পলাবলৈ চেষ্টা চলোৱাৰ সময়ত ভাৰপ্ৰাপ্ত বিষয়া মনমোহন দাস আৰু সহকৰ্মীকেইজনে দৌৰি গৈ এজনক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। ইপিনে, আন্ধাৰৰ সুযোগ লৈ দুজন লোক পলাই যাবলৈ সক্ষম হয়। আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ কৰা লোকজন হ’ল কুখ্যাত গাড়ী চোৰ আনোৱাৰ হুছেইন ওৰফে ব’গা আলী। আৰক্ষীয়ে ব’গা আলীৰ বিজয়নগৰৰ হালীগাঁওস্থিত ঘৰৰ পৰা দুখন পালচাৰ মটৰ চাইকেল জব্দ কৰে। ভাৰপ্ৰাপ্ত বিষয়া দাসে পলাশবাৰী আৰক্ষী থানাত আনোৱাৰ হুছেইন ওৰফে ব’গা আলীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ 379/ 411 ধাৰাৰ অধীনত 147/ 22 নম্বৰৰ এক গোচৰ ৰুজু কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward