Saturday, April 20, 2024
HomeARTICLEক্ষুধাতুৰ– যুদ্ধৰ বাবে

ক্ষুধাতুৰ– যুদ্ধৰ বাবে

প্ৰকাশিত তাৰিখঃ১১ এপ্ৰিল, ২০২২

কল্প ৰঞ্জন গগৈ –

মহাভাৰত মানেই যুদ্ধ। ইলিয়াদ–ওডিচি মানে যুদ্ধ। সেয়েহে বিশ্ব মানেই যুদ্ধ। হয় দমন–শোষণৰ বাবে নহয় মুক্তিৰ বাবে। সেয়ে আমাৰ মনত প্ৰশ্ন– যুদ্ধইহে মানুহৰ ভোক নিবাৰণ কৰিবলৈ সক্ষম নেকি? নে শান্তিৰ বাবে ভোক নিবাৰণ কৰিবলৈকে যুদ্ধৰ প্ৰয়োজন নেকি?  টলষ্টয়ে লিখা যুদ্ধ আৰু শান্তিৰ– War and Peace – তাৎপৰ্য ক’ত লুকাই আছে?

কবিগুৰু ৰবীন্দ্ৰনাথ আছিল যুদ্ধবিৰোধী। নোঁবেল পুৰস্কাৰ ল’বলৈ যাওঁতে বাটত তেওঁ জাপানত থাকি গৈছিল। কবিয়ে সচৰাচৰ অনুভৱ কৰাৰ দৰে বিশ্ব যে যুদ্ধলৈ গতি কৰিছে তাক হাড়ে হাড়ে বুজি পোৱাৰ বাবে যুদ্ধ–বিৰোধী ভাষণ দিছিল ৰাইজে ভাল পালেও কৰ্তৃপক্ষই বেয়া পালে। নোঁবেল পুৰস্কাৰ পাবগৈ বুলিহে তেওঁ জেলৰ ভাত খাবলগীয়া নহ’ল বা বিশ্বৰ শত্ৰু বুলি বিভীষণৰ নাম নাগালে। কৃষ্ঞইও সেইদৰে যুদ্ধৰ বাবে অৰ্জুনক জেকাবলগীয়া হৈছিল।

সেয়ে যুদ্ধ আমি ভাল পাওঁ বা বেয়া পাওঁ যুদ্ধ হ’বই কাৰণ যুদ্ধ নিজেই ৰাজনীতিৰ সম্প্ৰসাৰিত ৰূপ। সেয়ে যুদ্ধ ন্যায় নে অন্যায় সেয়া ৰাজনৈতিক মতবাদৰহে কথা– মুল কথা যুদ্ধ কাৰ লাভৰ বাবে? ইয়াৰ ফলাফল কি হ’ব?

সম্ৰাট অশোকে কলিংগ যুদ্ধৰ পিছত বুদ্ধৰ শিষ্য হৈ যুদ্ধ এৰি দিলে। শান্তি আৰু অহিংসাৰ প্ৰচাৰ কৰাত লাগিল। সেয়ে তেওঁ আমাৰ মাজত থাকি গ’ল– চক্ৰ আৰু স্তম্ভৰ ৰূপত।

আধুনিক যুগত বেপাৰৰ সীমা বঢ়াবলৈ দুখনকৈ বিশ্বযুদ্ধ হৈ গ’ল। ৰাষ্ট্ৰসংঘ জন্ম হোৱাৰ পিছতো– ২৪ ছেপ্টেম্বৰ ১৯৪৫– যুদ্ধৰ সাম নেকাটিল আৰু তৃতীয় বিশ্বযুদ্ধ এখনৰ বাবে হুংকাৰ দি থকা হৈছে। আমি প্ৰজাগণে যুদ্ধ বিচাৰো নে নিবিছাৰো– তাৰ ওপৰত বিশ্বৰ শাসক বেপাৰী কোনো নিৰ্ভৰশীল নহয় কিন্তু উত্তম পক্ষৰ বাবে যুদ্ধ প্ৰয়োজনীয় আৰু নৈতিক– essential, ethical and legal। কেৱল জনসাধাৰণ হে শান্তিৰ বাবে ভোকাতুৰ– hungry for peace। কাৰণ ৰজাই ৰজাই যুদ্ধ লাগে কিন্তু মাৰ খায় প্ৰজাই– বিশেষকৈ নাৰী আৰু শিশুসকলে। সাধাৰণ মানুহে মৰিহে প্ৰমাণ কৰিব লাগে জীৱন কিমান মূল্যৱান।

আজি সমগ্ৰ বিশ্বত এক যুদ্ধকালীন পৰিস্থিতি চলি আছে। যুদ্ধই মানুহৰ চেতনাৰ বিকাশ ঘটনা আৰু মগজুৰ বন্ধ হৈ থকা কোষ মুক্ত কৰি তোলে। মানুহ সচেতন হয় আৰু নতুন ধৰণে চিন্তা কৰিবলৈ শিকে আৰু এনেকৈয়ে বোধশক্তি জন্মে। অৱশ্যে Illy motivated সকল বাদ দি।

হিৰোশ্বিমা–নাগাচাকিৰ পিছৰ পৰা জাপানে শিকিলে– হিটলাৰৰ সংগৰ ফলাফল কি। আজি ভাৰতবৰ্ষৰ জনগণে ঠিক কৰিব লাগিব আমি কি কৰিব লাগিব– নিজৰ অৰ্থনৈতিক, সাংস্কৃতিক, ৰাজনৈতিক নিৰাপত্তাৰ বাবে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward