Saturday, April 20, 2024
HomeUncategorizedচৰ–চাপৰি সাহিত্য পৰিষদ, অসম

চৰ–চাপৰি সাহিত্য পৰিষদ, অসম

প্ৰকাশিত তাৰিখঃ ১১ এপ্ৰিল, ২০২২

প্ৰেছ বিবৃতি

অতি সম্প্ৰতি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই উত্তৰ–পূৰ্বাঞ্চলৰ ৰাজ্যবোৰৰ বিদ্যালয়সমূহত দশম শ্ৰেণীলৈকে হিন্দী বিষয়টোক বাধ্যতামূলক কৰা হ’ব বুলি কৰা ঘোষণাই আমাৰ ৰাজ্যখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।চৰকাৰী ভাষা হিচাপে হিন্দী শিকাত কাৰো আপত্তি থাকিব নালাগে আৰু অসমৰ বিদ্যালয়বোৰত যথেষ্ট সংখ্যক ছাত্ৰ–ছাত্ৰীয়েই হিন্দী শিকি আছে।

কিন্তু যিসময়ত অসমৰ সকলো বিদ্যালয়ত অসমীয়া ভাষাই বাধ্যতামূলক নহয়,তেনে সময়ত হিন্দীক বাধ্যতামূলক ভাষা হিচাপে জাপি দিয়াটো কিমানদূৰ সমীচীন হ’ব? দুখ আৰু পৰিতাপৰ কথা–অসমৰ নৱপ্ৰজন্মৰ একাংশ ই শিক্ষা–দীক্ষা লাভ কৰাৰ পিছত শুদ্ধকৈ অসমীয়া ভাষা ক’ব আৰু লিখিব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে। হিন্দী বাধ্যতামূলক কৰাৰ ফলস্বৰূপে অসমীয়া ভাষাৰ চৰ্চা আৰু অধিক সংকুচিত হৈ পৰিব। অসমত ক্ৰমান্বয়ে অসমীয়া ভাষীৰ সংখ্যা হ্ৰাস পাই আহিছে। ৰাজ্য চৰকাৰ তথা অসমৰ সাহিত্য সংগঠনসমূহে এই ক্ষেত্ৰত বিশেষ গুৰুত্ব দিছে বুলি ক’ব নোৱাৰি। হিন্দীক বাধ্যতামূলক কৰাৰ পৰিবৰ্তে অসমত অসমীয়া আৰু জনজাতীয় ভাষাসমূহৰ উন্নতিৰ ওপৰতহে অধিক গুৰুত্ব আৰোপ কৰা উচিত।

হিন্দীক বাধ্যতামূলক মূলক কৰাৰ সলনি চৰ–চাপৰি সাহিত্য পৰিষদে বৰ্তমানে বিদ্যালয় সমূহত যিদৰে হিন্দী শিকাই থকা হৈছে, সেইদৰেই শিকোৱাৰ পোষকতা কৰে।

তদুপৰি পৰিষদে ৰাজ্য চৰকাৰে অসমীয়া ভাষাৰ প্ৰসাৰ আৰু বিকাশৰ বাবে চৰ–চাপৰি সমন্বিতে সমগ্ৰ অসমতে যথোপযুক্ত ব্যৱস্থা হাতত লোৱাটো কামনা কৰে।

0 হাফিজ আহমেদ, সভাপতি

আনোৱাৰ হোছেইন, প্ৰধান সম্পাদক

১০/৪/২০২২ ইং

 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward