Thursday, April 18, 2024
Homeবাতৰিপহৰা চকী নিৰ্মাণক লৈ উত্তপ্ত অসম–নাগালেণ্ড সীমান্তৰ হালোৱাটিং

পহৰা চকী নিৰ্মাণক লৈ উত্তপ্ত অসম–নাগালেণ্ড সীমান্তৰ হালোৱাটিং

প্ৰকাশিত তাৰিখঃ ৩০ জুলাই’ ২০১৮

চি এন ডেক্স

অসম–নাগালেণ্ড সীমান্তত বসবাস কৰা অসমীয়াবাসীৰ দীৰ্ঘদিনীয়া দাবীৰ অন্তত ৰাজ্য চৰকাৰে সীমান্তৰ এফ ছেক্টৰত থকা ৩৪ বিঘা ভুমিত এটা সীমান্ত পহৰা চকী (বি অ পি) স্থাপনৰ প্ৰস্তাৱ গ্ৰহণ কৰে। এই প্ৰস্তাৱমৰ্মে অসমে নিজৰ মাটিত সীমান্ত আৰক্ষী চকী স্থাপনৰ বাবে কাম–কাজ আৰম্ভ কৰাৰ মুহুৰ্তত নাগালেণ্ডে বাধা প্ৰদান কৰাত উত্তপ্ত হৈ পৰিছে সীমান্ত অঞ্চল।

বাতৰিত প্ৰকাশ পোৱা মতে, যোৱা ২৩ জুলাইত শিৱসাগৰ জিলাৰ হালোৱাটিং থানাৰ অন্তৰ্গত আমগুৰিত উক্ত ঘটনাটো সংঘটিত হয়। সীমান্তৰ এফ ছেক্টৰত প্ৰস্তাৱিত বি অ পি নিৰ্মাণৰ দায়িত্ব লাভ কৰে আৰ বি ইঞ্জিনীয়াৰিং প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠান এটাই। সেইমৰ্মে উক্ত প্ৰতিষ্ঠানটোৱে সীমান্ত আৰক্ষী চকী নিৰ্মাণ কৰিবলগীয়া ঠাইত হাবি–জংঘল পৰিস্কাৰ কৰিবলৈ বনুৱা নিয়োগ কৰে। বনুৱাসকলে কাম কৰি থকা মুহুৰ্তত নাগালেণ্ডৰ লোক আহি সেই ভূমি তেওঁলোকৰ বুলি দাবী কৰি নিৰ্মাণ কাৰ্যত বাধা প্ৰদান কৰে। বনুৱাসকলক উক্ত স্থানৰ খেদি পঠিওৱাৰ লগতে ঠিকাদাৰক নিৰ্মাণৰ কাম বন্ধ কৰিবলৈও নিৰ্দেশ দিয়ে।

পুনৰ ২৪ জুলাইত বহুসংখ্যক নগালোকে হাতে–হাতে যাঠি, জোং লৈ ওলাই আহি নিৰ্মাণস্থলীত যুদ্ধংদেহি মনোভাৱেৰে অৱস্থান গ্ৰহণ কৰে। কিন্তু নাগালেণ্ডৰ সীমান্ত দণ্ডাধীশ, আমগুৰি ৰাজহ চক্ৰ বিষয়া, শিৱসাগৰ জিলা আৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰ প্ৰচেষ্টাত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে।

ইপিনে, নগাৰ এনে কাৰ্যত প্ৰতিবাদমুখৰ হৈ পৰে সীমান্তৰ অসমীয়াসকল। অঞ্চলটোৰ বিভিন্ন দল, সংগঠন ওলাই আহি ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে। প্ৰচণ্ড ক্ষোভত ফাটি পৰা প্ৰতিবাদকাৰীৰ ওচৰত উপস্থিত হয় আমগুৰি ৰাজহ চক্ৰ বিষয়া আৰু নাগালেণ্ডৰ সীমান্ত দণ্ডাধীশ। প্ৰতিবাদকাৰীৰ নেতৃবৰ্গ,হালোৱাটিং আৰক্ষী, আমগুৰি ৰাজহ চক্ৰ বিষয়া, তুলি আৰক্ষী আৰু মোককচাং জিলাৰ অতিৰিক্ত উপায়ুক্তৰ মাজত হালোৱাটিং আৰক্ষী চকীত এক অনানুষ্ঠানিক আলোচনা অনুষ্ঠিত হয় যদিও কোনো সিদ্ধান্তত উপনীত হ’ব নোৱাৰিলে। সেয়ে বিষয়টো উৰ্ধতন মহলত আলোচনাৰে সমাধান কৰাৰ পোষকতা কৰে।    

উল্লেখযোগ্য যে, কিছুদিন আগতে উক্ত এলেকাত নগালেণ্ড প্ৰশাসনে এটি পথ নিৰ্মাণ কৰাত শিৱসাগৰ জিলা প্ৰশাসনে সেয়া বন্ধ কৰি দিছিল।

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward