Saturday, April 27, 2024
HomeNEWSৰাণীৰ মহিলা কৃষক প্ৰতিভা দাস

ৰাণীৰ মহিলা কৃষক প্ৰতিভা দাস

প্ৰকাশিত তাৰিখঃ ৪ মাৰ্চ, ২০২৪

চানডুবি নিউজ ৰিপ’ৰ্ট –

‘পথাৰো আমাৰ–বজাৰো আমাৰ, মন কৰিলে ছন–বাকৰি মাটিত ধন,’ এয়া আমাৰ অসমীয়া জাতিটোৰ বাবে কেৱল শ্ল’গানতে সীমাৱদ্ধ থাকিলে নহ’ব। কেৱল কথাৰে নহয়, হাতে–কামে জড়িত হৈ অসমীয়া জাতিটো পৰিশ্ৰমী বুলি পৰিচয় দাঙি ধৰিব লাগিব। অসমীয়াই অকল স্বাৱলম্বী হোৱাৰ কথা ভাবিলেই নহ’ব, বাণিজ্যিক ভিত্তিত কথাবোৰ ভাবিব লাগিব।

গুৱাহাটীৰ পাৰ্শ্বৱৰ্তীৰ ৰাণীৰ মহিলা কৃষক প্ৰতিভা দাস এগৰাকী সাধাৰণ মহিলা। প্ৰতিভা দাসৰ ঘৰ ৰাণীৰ মৈৰাপুৰ–মাজপাৰাত। স্বামী, একমাত্ৰ সন্তানসহঃ প্ৰতিভাৰ এখন সংসাৰ আছে। কিন্তু সংসাৰখনত তাই অকল গৃহিণীয়েই নহয়। প্ৰতিভাই কৃষি কাৰ্যৰ লগতো জড়িত হৈ পৰিছে। আজি কেইবা বছৰ হ’ল প্ৰতিভাই কাঠফুলা খেতি আৰম্ভ কৰা।

এই খেতিবিধ আৰম্ভ কৰাৰ আগতে প্ৰতিভাই কাঁহিকুছি অৱস্থিত কামৰূপ কৃষি বিজ্ঞান কেন্দ্ৰ লগতে বিভিন্ন সংস্থাৰ জৰিয়তে প্ৰশিক্ষণ গ্ৰহণ কৰিছিল। কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্র আৰু খানাপাৰাৰ কৃষি বিভাগৰ কাৰ্যালয়ৰপৰা কাঠফুলাৰ উন্নতমানৰ বীজ লাভ কৰি নিজৰ ঘৰতে আৰম্ভ কৰিছিল কাঠফুলাৰ খেতি। নিজাববীয়াকৈ আৰম্ভ কৰা প্ৰতিভাই বিগত ২০২৩ বৰ্ষত প্রায় ১০০ কিলোগ্ৰামৰো অধিক শুকান কাঠফুলা উৎপাদন কৰিবলৈ সক্ষম হৈছিল। প্ৰতিভাই স্থানীয় অঞ্চলতে শুকান কাঠফুলা সমূহ প্রতি কিলোগ্ৰামত ২০০ টকাকৈ বিক্রী কৰিবলৈ সক্ষম হৈছিল। বর্তমান বৃহত্তৰ অঞ্চলটোতে কেঁচা আৰু শুকান কাঠফুলা বিক্ৰি কৰিবপৰা এখন বজাৰ আছে। কিন্তু বজাৰখনৰ চাহিদা অনুপাতে প্ৰতিভাই কাঠফুলা উৎপাদন কৰিবপৰা নাই। কিয়নো উৎপাদন খৰচৰ বাবে প্ৰয়োজন হোৱা পুঁজি প্ৰতিভাই যোগাৰ কৰিব নোৱাৰে। সেয়ে উৎপাদন বঢ়োৱাৰ ইচ্ছা থকাৰ পিছতো সেয়া কৰিবলৈ সক্ষম হোৱা নাই।

অতি দুখৰ বিষয় আজিৰপৰা ১০ বছৰ পূর্বে প্রতিভাৰ স্বামী দিগন্ত দাসে এক যান্ত্ৰিক দুর্ঘটনাত এখন ভৰি হেৰুৱাইছিল। তাৰ পিছৰেপৰাই প্ৰতিভাই একমাত্ৰ সন্তানৰ সৈতে তিনিটা পৰিয়ালৰ একমাত্র উপার্জনকাৰী হিচাপে দায়িত্ব ল’ব লগা হৈছিল। কাঠফুলা খেতিৰে পৰিয়ালটো পোহপাল দি এক বিৰল নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হোৱা প্ৰতিভাহঁতৰ দৰে মহিলা কৃষকৰ প্ৰতি চৰকাৰে চকু মেলি চাবনে?

শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward