Friday, March 29, 2024
HomeNEWSৰাণীৰ মহিলা উৎপাদন গোট বাহুপাৰা বন–ধন বিকাশ কেন্দ্ৰত কাঠফুলা খেতিৰ প্ৰশিক্ষণ  

ৰাণীৰ মহিলা উৎপাদন গোট বাহুপাৰা বন–ধন বিকাশ কেন্দ্ৰত কাঠফুলা খেতিৰ প্ৰশিক্ষণ  

প্ৰকাশিত তাৰিখঃ ৩১ অক্টোবৰ, ২০২২

চানডুবি নিউজ ৰিপ’ৰ্ট –

গুৱাহাটীৰ লালমাটিত অৱস্থিত ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানে মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাণীৰ বাহুপাৰা বন–ধন বিকাশ কেন্দ্ৰৰ সহযোগত কাঠফুলা খেতিৰ বিষয়ে এলানী প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰিছে। ২৮ৰ পৰা ৩১ অক্টোবৰলৈ বাহুপাৰা বন–ধন বিকাশ কেন্দ্ৰৰ সভানেত্ৰী জয়ন্তী ৰাভাৰ বাসগৃহত চলিবলগীয়া এই প্ৰশিক্ষণ কাৰ্যসূচীত ৩০ গৰাকী মহিলাই অংশ গ্ৰহণ কৰিছে।

উল্লেখযোগ্য যে, মানসম্পন্ন কাঠফুলা উৎপাদন, বজাৰ ব্যৱস্থা লগতে বিশ্বত প্ৰথম কাঠফুলা উৎপাদন, খাদ্য হিচাপে ব্যৱহাৰ আদি সকলো বিষয় এই প্ৰশিক্ষণ কাৰ্যসূচীত সামৰি লৈছে। অনুষ্ঠানটোৰ মুখ্য প্ৰশিক্ষক দিপুল হালৈয়ে জনোৱা মতে– কাঠফুলাৰ প্ৰথম আৱিস্কাৰ হৈছিল এছিয়া মহাদেশত লগতে ইয়াক খাদ্য হিচাপেও প্ৰথম প্ৰচলিত হৈছিল। মূলতঃ এছিয়া মহাদেশৰ মংগোলীয়ান জনগোষ্ঠীৰ লোকসকলে আজিৰপৰা হাজাৰ বছৰ আগতে প্ৰাকৃতিকভাৱে উৎপাদন হোৱা কাঠফুলাক খাদ্য হিচাপে ব্যৱহাৰ কৰি আহিছিল। জনগোষ্ঠীটোৰ লোকসকলে কাঠফুলাক আজিও খাদ্য হিচাপে ব্যৱহাৰ কৰি আহিছে আৰু কৰি থাকিব।

এছিয়া মহাদেশৰ অংশীদাৰ ভাৰতবৰ্ষই বৰ্তমান কাঠফুলা উৎপাদনত এক উল্লেখযোগ্য স্থান অধিকাৰ কৰিছে। দেশখনৰ বিভিন্ন ৰাজ্যৰ লগতে আমাৰ অসমেও কাঠফুলা উৎপাদনত যথেষ্ট অৰিহনা যোগাই আহিছে। বৰ্তমান কাঠফুলাৰ বীজ কৃত্ৰিমভাৱে উৎপাদন কৰা হয় যদিও ইয়াৰ খেতিখন কিন্তু সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশত কৰা হয়। এই পদ্ধতিত কাঠফুলা উৎপাদনৰ বাবে ধানখেৰক প্ৰধান উপাদান হিচাপে ব্যৱহাৰ কৰা হয়।

কাঠফুলাৰ জন্মস্থান আমাৰ এছিয়া মহাদেশ যদিও বৰ্তমান ইয়াক খাদ্য হিচাপে ব্যৱহাৰ কৰা অধিক সংখ্যক লোকসকল হ’ল ইউৰোপ, আমেৰিকা আদি পশ্চিমীয়া দেশ সমূহৰ। সেই দেশ সমূহৰ মানুহে কাঠফুলাক এবিধ সুষম খাদ্য হিচাপে খালেও তেওঁলোকে নিজৰ দেশত ইয়াক উৎপাদন নকৰে। গতিকে এছিয়া মহাদেশে পশ্চিমীয়া দেশ সমূহক কাঠফুলা ৰপ্তানি কৰি আহিছে।

কাঠফুলা বৰ্তমান প্ৰচুৰ সম্ভাৱনাপূৰ্ণ এক কৃষিভিত্তিক খেতি। কম পৰিশ্ৰমত, কম ঠাইত, কম মুলধনত কাঠফুলাৰ খেতি কৰি জীৱিকাৰ বাট মোকোলাব পাৰে বুলি প্ৰশিক্ষক দিপুল হালৈয়ে জনায়। বৰ্তমান কাঠফুলা খেতিয়ে নিবনুৱা সংস্থাপনৰ সঠিক বাট দেখুৱাই দিব পাৰিব বুলিও তেখেতে বিশ্বাস কৰে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News  

 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward