Friday, April 19, 2024
HomeARTICLEকৃষি ভিত্তিক ৰাজনীতি

কৃষি ভিত্তিক ৰাজনীতি

প্ৰকাশিত তাৰিখঃ ৩১ অক্টোবৰ, ২০২২

কল্প ৰঞ্জন গগৈ –

আজিৰ পৰা ১০ – ১২ হেজাৰ বছৰ আগেয়ে কৃষি নামৰ ‘বস্তুটো’– কৃষি– কৰ্ষন– কৃষ্টি– তাৰ পিছত ‘সংস্কৃতি’ যোগ হ’ল মানৱ সভ্যতাৰ গতিৰ লগত। সেইদিন ধৰি মানুহে এক নতুন যুগত প্ৰৱেশ কৰিলে।

মাটি কৰ্ষন কৰিয়েই মানুহে আৰম্ভ কৰিলে এক নতুন জীৱন। তাৰ পৰা ক্ৰমান্বয়ে মানুহে ঢাপে ঢাপে নিজৰ শ্ৰমৰ সহায়ত নতুন সভ্যতা গঢ়িলে। এনেকৈয়ে মাটিৰ মালিক–শ্ৰমিক, জমিদাৰ–জোতদাৰ–ৰজা–উদ্যোগপতি–পুঁজিপতি আদিৰ সৃষ্টি হ’ল।

বৰ্তমানৰ শতিকাত যন্ত্ৰ আহিল– কিন্তু কৃষি কৰ্ম– উৎপাদন– কৃষি উৎপাদিত শস্যৰ চাহিদা– মানুহৰ ভোক– একেদৰে থাকি গ’ল। কৃষক– কৃষি বিভাগ– বজাৰ– উপভোক্তা সকলো একেই থাকি গ’ল।

স্বাধীন ভাৰতত নেহেৰুসকলে কৃষি কৰ্মৰ ওপৰত গুৰুত্ব নিদিয়াৰ ফল হাতে হাতে পালে। কৃষি বিজ্ঞান–প্ৰযুক্তিক গুৰুত্ব দি সেউজ বিপ্লৱ আৰম্ভ কৰাৰ লগে লগে ১ম বাৰ্ষিক পৰিকল্পনাৰ কৃষি উৎপাদন ৫০ লাখ মেট্ৰিক টনৰ পৰা ৫ম পৰিকল্পনাত হ’লগৈ ২৫৫ লাখ মেট্ৰিক টন। অথচ জনসংখ্যা বাঢ়িল– লগে লগে কৃষি ভূমি কমিল।

ভাৰতবৰ্ষৰ ৭০% মানুহ কৃষিৰ ওপৰত নিৰ্ভৰশীল। জি ডি পিলৈ কৃষকৰ অৱদান ১৫% হ’লেও নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত ইয়াৰ অৱদান ৪৫%–৫০%। তেনেক্ষেত্ৰত ভাৰতবৰ্ষই আজি পৰ্যন্ত কৃষিক গুৰুত্ব দিয়া নাই।

কৃষি আধুনিকীকৰণৰ বাবে কৃষি শিক্ষাকেন্দ্ৰ– কৃষি বিশ্ববিদ্যালয়বোৰ আছে। কৃষি শিক্ষাৰ প্ৰধান কৰ্ম তিনিটা– ক) গৱেষণা খ) শিক্ষা গ) সম্প্ৰসাৰণ। বছৰি কৃষি বিশ্ববিদ্যালয়ৰ পৰা কৃষি স্নাতক, পি এইচ ডি ওলাই আছে। তাৰে এটা সামান্য অংশ ৰাজ্যিক কৃষি বিভাগ আৰু বিশ্ববিদ্যালয়ত চাকৰি পায়। বাকীবোৰ নিবনুৱা/ অৰ্দ্ধনিবনুৱা হয়গৈ।

অসম এখন কৃষি প্ৰধান ৰাজ্য য’ত কৃষি স্নাতক– কৃষকসকলৰ প্ৰতি বিশেষ গুৰুত্ব দি কৃষি নীতি তৈয়াৰ কৰিব লাগিছিল। পঞ্চায়তীৰাজ শক্তিশালী কৰি কৃষি আৰু গ্ৰামোন্নয়নৰ বাবে এখন পূৰ্ণংগ আঁচনি/ যোজনা প্ৰস্তুত কৰিব লাগিছিল। কৃষি উৎপাদনৰ লগত জড়িত বিভাগ কেইটাক একত্ৰিত কৰি বিশেষ কাৰ্যসূচী প্ৰস্তুত কৰিব লাগিছিল।

সৈন্য বাহিনীয়ে দেশখনৰ ভূগোল ৰক্ষা কৰে– কৃষক বাহিনীয়ে দেশৰ মানুহৰ স্বাস্থ্য সুৰক্ষিত কৰে– লগতে মানুহৰ বুৰঞ্জীও সুৰক্ষিত কৰে। দেশখনৰ স্বাধীনতা যুদ্ধত কৃষকসকলৰ ভূমিকা আছিল মুখ্য। বৰ্তমানলৈকে কৃষক সকলে পূৰ্ণ মৰ্যাদা পোৱা নাই আৰু নোপোৱালৈকে পূৰ্ণ স্বাধীনতা পোৱা বুলি ক’বলৈ অৱকাশ নাই। আজি উৎপাদনৰ ওপৰত গুৰুত্ব নিদি বজাৰখনৰ ওপৰতহে গুৰুত্ব দিয়া হৈছে। কৃষি নিজেই এক অনাদৃত বিষয় হৈ আছে। অসমৰ কৃষি বিভাগেই তাৰ উদাহৰণ। প্ৰযুক্তিৰ লগত জড়িত বিভাগটোৰ মুৰব্বী যেতিয়া প্ৰশাসনীয় সেৱা বিষয়া হয়, কৃষি সেৱাক গুৰুত্বহীন কৰি পথাৰ আৰু নাঙলৰ লগত সম্বন্ধ নথকা বিভাগ কেইটাক গুৰুত্ব দিয়া হয় তেনেহ’লে কৃষকসকলে ন্যায্যখিনি পাব নে?

অধৰাধৰ মূল উৎস কি? অপৰাধ মাত্ৰ এটা (Symptom) লক্ষনহে। কেৱল লক্ষনক লক্ষ্য লৈ চিকিৎসা কৰিলে ৰোগ নিৰাময় অসম্ভৱ। যোৱা ৭৫ বছৰে জাতীয় নায়কসকলে লক্ষনবোৰৰ চিকিৎসা কৰি থাকোতে দেশৰ অসুখ বাঢ়ি গৈ আছে।

ইতিহাসৰ চালিকা শক্তি হৈছে দেশৰ আম জনতা। আম জনতাৰ হাতত ক্ষমতা নাই– নাই পোচাক– ‘না কুৰ্চি– না হুকুমত– নাতো বৰ্দি (Uniform)। কেৱল আছে হিম্মৎ আৰু লাগিব বুদ্ধি– জ্ঞান– প্ৰজ্ঞা। আম জনতা হ’ব লাগিব ৰণজিকা সিংহ– শ্বেৰ খান– সিংহৰ ৰজা।

মেক্সিম গৰ্কীৰ মতে– অতীতলৈ নেযাব– চাবহে, বৰ্তমানতে নেথাকিব; ঠিক কৰক ভৱিষ্যতলৈ কেনেকৈ যাম? তাৰ বাবে মাটি কৰ্ষন কৰিবই লাগিব।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward