Thursday, March 28, 2024
Homeবাতৰিবান সমস্যা সন্দৰ্ভত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সংবাদমেল

বান সমস্যা সন্দৰ্ভত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সংবাদমেল

প্ৰকাশিত তাৰিখঃ ১৫ আগষ্ট, ২০১৬

চানডুবি নিউজ ব্যুৰ’–

অসমৰ বান সমস্যা আৰু সাহায্য সন্দৰ্ভত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সংবাদমেলৰ আয়োজন। সংবাদ মেলত মন্ত্ৰী পাটোৱাৰীয়ে উল্লেখ কৰে যে– বান সাহায্যৰ ক্ষেত্ৰত প্ৰদান কৰিবলৈ অসম চৰকাৰৰ টকাৰ অভাৱ ঘটা নাই। ৬৫৪কোটি টকা দুৰ্যোগ সাহাৰ্য পুঁজিত এতিয়াও জমা আছে। চলিত বৰ্ষত তাৰে ৪৭ কোটি ৫২ লাখ টকা মোকলাই দিয়া হৈছে। পাটোৱাৰীয়ে মত প্ৰকাশ কৰে যে– বান সাহায্যৰ ধন মুকলি কৰি দিয়াৰ ক্ষেত্ৰত চৰকাৰে কাৰো প্ৰতি বৈষম্য ভাৱ ৰখা নাই। বানপানীৰ সাহাৰ্যৰ নামত পেকেজ ঘোষণা কৰা প্ৰক্ৰিয়াটো দৰাচলতে এটা ৰাজনীতিকৰণৰ আহিলাৰ বাদে একো নহয় বুলি পাটোৱাৰীয়ে মন্তব্য কৰে। তেওঁ উল্লেখ কৰে যে– পূৰ্বৰ চৰকাৰৰ দিনতো কোনো মন্ত্ৰীয়ে বান সাহাৰ্যৰ নামত পেকেজ দিয়া নাছিল। ব্যৱহাৰিক প্ৰমাণ পত্ৰ প্ৰদান নকৰা পৰ্যন্ত কোনো টকা মোকলাই দিয়া নহয়। সেয়ে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জম্মু–কাশ্মীৰত দিম বুলি ঘোষণা কৰা টকা এই পৰ্যন্ত মুকলি কৰি দিয়া নাই।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward