Wednesday, April 24, 2024
Homeপ্ৰবন্ধঘৃতাহুতিৰ সলনি নিৰ্বাপনৰ সংকল্প প্ৰয়োজনীয়

ঘৃতাহুতিৰ সলনি নিৰ্বাপনৰ সংকল্প প্ৰয়োজনীয়

প্ৰকাশিত তাৰিখঃ ১৫ আগষ্ট, ২০১৬

 

</spanড০ হাফিজ আহমেদ –

বিশ্বজুৰি ইছলাম ধৰ্মাৱলম্বী লোকৰ বাবে ৰমজান মাহ অতি পবিত্ৰ মাহ। কিন্তু এই পবিত্ৰ মাহটোতে ইছলামৰ নামত কলংক সানি নিৰ্বিবাদে চলালে নৰহত্যা। ঢাকা, বাগদাদ আনকি মুছলমানসকলৰ পবিত্ৰ নগৰী মদিনাকো বাদ নিদিলে সেই সন্ত্ৰাসবাদীহঁতে। এই সন্ত্ৰাসবাদীহঁতৰ ইছলাম কেনে ইছলাম? কোৰান আৰু হাদীছৰ নিৰ্দেশ মানি নচলা কোনো ব্যক্তিয়েই নিজকে মুছলমান বুলি দাবী কৰিব নোৱাৰে। ইহঁতে কোৰান বা হাদীছৰ শিকনিৰ সম্পূৰ্ণ বিপৰীত কাম কৰি আছে। এই নৰপশুহঁতে পাহৰি গৈছে যে ইছলামত বল প্ৰয়োগ, অন্যায়-অত্যাচাৰ তথা সন্ত্ৰাসবাদী কাৰ্যকলাপৰ কোনো স্থান নাই। হজৰত মহম্মদে (ছাঃ) কৈছে– যিজনে এজন মানৱক হত্যা কৰিলে সেইজনে সমগ্ৰ মানৱ জাতিকে যেনিবা হত্যা কৰিলে। অৰ্থাৎ হত্যাকাৰীক তেওঁ মানৱ সভ্যতাৰ ধ্বংসকাৰীৰূপে চিনাক্ত কৰিছে। ঢাকাৰ নৰহত্যাকাৰীহঁতে কোৰান পঢ়িব নোৱাৰাসকলক হত্যা কৰিছে। বিশ্বৰ মুছলমানৰ কিমান শতাংই কোৰান পাঠ কৰিব পাৰে? মুছলমান হোৱাৰ যোগ্যতা কোৰান পাঠ কৰা আৰু মহিলাই হিজাব পৰিধান কৰা– এনে কথাবোৰ সন্ত্ৰাসবাদীহঁতক কোনে শিকালে? কোৰান পঢ়িব নজনা মুছলমান বা অইন ধৰ্মাৱলম্বী লোকক হত্যা কৰাৰ অধিকাৰ সিহঁতক কোনে দিলে? সুবিচাৰ, সুৰক্ষা, নিৰাপত্তা, শান্তি আদি বিষয়ত ইছলামে মুছলমান-অমুছলমানৰ মাজত কোনো পাৰ্থক্য নকৰে। নবীয়ে অমুছলমানসকলৰ ক্ষেত্ৰত কৈছে– তেওঁলোকৰ ধন-সম্পদো আমাৰ ধন-সম্পদৰ দৰেই, তেওঁলোকৰ তেজো আমাৰ দৰেই। কোৰানত সুবিচাৰ আৰু নিৰপেক্ষতাৰ সমতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কৈছে যে কোনো সম্প্ৰদায়ৰ ওপৰত তোমালোকৰ অবিচাৰ নকৰিবা আৰু তেওঁলোকৰ সৈতে সুবিচাৰৰ দায়িত্ব পালন কৰা (আল মায়িদাহঃ ৮) ধৰ্মীয় অধিকাৰৰ ক্ষেত্ৰতো পাৰস্পৰিক সহনশীলতা ৰক্ষা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে (আলোকিচাচঃ ৫৫)। ইছলামে এই কাৰ্যৰো অনুমতি দিয়া নাই যে এজনৰ অপৰাধৰ প্ৰতিশোধ আন এজনৰ ওপৰত লোৱা হওক আৰু কেইজনমান মাত্ৰ অদৰাধীৰ বাবে নিৰীহ মানুহক প্ৰতিশোধৰ লক্ষ্য হিচাপে লোৱা হওক (ফাতিৰঃ ১৮)। অথচ মাৰ্কিন সাম্ৰাজ্যবাদৰ অন্যায়-অত্যাচাৰৰ প্ৰতিশোধৰ বাবে বা মুছলমানসকলৰ ওপৰত হোৱা অন্যায়ৰ প্ৰতিবাদ কৰাৰ নামত সন্ত্ৰাসবাদীহঁতে নিৰীহ জনগণকে হত্যা কৰি আছে। সচেতন, শুভবুদ্ধিসম্পন্ন লোকসকলে এনে কথাবোৰ জানে। তেওঁলোকে বুজি পায় ধৰ্মক ‘বৰ্মৰূপে ব্যৱহাৰ কৰিলেও সন্ত্ৰাসবাদী কাৰ্যকলাপৰ অন্তৰালত থাকে ক্ষমতাৰ ৰাজনীতি, লুণ্ঠনৰ ৰাজনীতি। কিন্তু সচেতন লোকসকলে সন্ত্ৰাসবাদৰ বিপক্ষে সচৰাচৰ নীৰৱ ভূমিকা পালনকৰি থকা দেখা যায়। ফলত সন্ত্ৰাসবাদীহঁতৰে শক্তি বৃদ্ধি পায়।

এতিয়া জোঁৰ পুৰি হাত পাইছেহি। বাংলাদেশ আমৰ নিচেই কাষৰ দেশ। তাত সংঘটিত প্ৰতিটো ঘটনাই আমাৰ দেশত, আমাৰ ৰাজ্যখনত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। অভিজাত ঘৰৰ, অভিজাত বিদ্যালয়-বিশ্ববিদ্যালয়ত সুশিক্ষিত এচাম ডেকাই যেতিয়া তাত এনে জঘন্য ঘটনা সংঘটিত কৰিব পাৰে, আমি অকল এয়া ইছলামবিৰোধী পাষণ্ডৰ কাম বুলি হাত সাবতি বহি থাকিলে হ’ব জানো? এইক্ষেত্ৰত সেমন্তী ঘোষে ‘আনন্দবাজাৰ পত্ৰিকাত কৰা মন্তব্য প্ৰণিধানযোগ্য। সেইদৰে ‘সন্ত্ৰাসবাদীহঁতৰ কোনো ধৰ্ম পৰিচয় নাথাকে– আমি যদি এই কথাকে কৈ সান্তনা লভি থাকো, এই সন্ত্ৰাসবাদীহঁতৰ চৰম অসহিষ্ঞু ‘মুছলিম’ক দেখিও নেদেখাৰ ভাও জোৰো, ‘ইছলাম’ক কিদৰে সন্ত্ৰাসবাদীহঁতে ব্যৱহৃত কৰিছে, সেই কথা প্ৰকাশ নকৰো, তেন্তে ক’লীয়া ডাৱৰে আৱৰি ধৰি আকাশ আৰু বিপদে আহি চেপি ধৰিব আমাৰ টেঁটুত।

এনে সজাগতা সৃষ্টিৰ ক্ষেত্ৰত ৰাজ্যৰ চৰকাৰ তথা ৰাজ্যখনৰ প্ৰচাৰ মাধ্যমবোৰেও গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগিব। প্ৰচাৰ মাধ্যমবোৰে অতিৰঞ্জিত সংবাদ পৰিবেশনৰ পৰা বিৰত থাকিব লাগিব। কিন্তু অসমৰ একাংশ সংবাদ মাধ্যমে ঢাকাত সন্ত্ৰাসবাদী কাৰ্যকলাপ সংঘটিত হোৱাৰ পিচৰে পৰা চৰ-চাপৰিবাসীৰ বিপক্ষে অপপ্ৰচাৰত লিপ্ত হোৱা দেখা গৈছে। আৰক্ষী আৰু একাংশ সংবাদ মাধ্যমে অসমত বাংলাদেশৰ পৰা জেহাদীৰ অনুপ্ৰৱেশৰ কোনো তথ্য নাই বুলি প্ৰচাৰ কৰাৰ পিচতো সংবাদ মাধ্যমত জেহাদী সম্পৰ্কে অপপ্ৰচাৰ চলোৱা হৈছে। চৰ-চাপৰিবোৰক জেহাদীৰ কেন্দ্ৰৰূপে চিহ্নিত কৰিব খোজা হৈছে। এনে অপকৰ্মত লিপ্তসকলে চৰ-চাপৰিবোৰলৈ আহি প্ৰকৃত অৱস্থাৰ ভূ ল’বৰ বাবে যত্ন কৰক। সন্ত্ৰাসবাদীসকলৰ বিপক্ষে অতিসম্প্ৰতি সম্ভৱতঃ সৰ্বাধিক প্ৰতিবাদ হৈছে চৰ-চাপৰিবোৰতহে। চৰ-চাপৰি সাহিত্য পৰিষদৰ নেতৃত্বত প্ৰতিদিনেই অসমৰ কোনো নহয় কোনো অঞ্চলত এনে প্ৰতিবাদ হৈয়ে আছে। সংশ্লিষ্ট পক্ষই এনে প্ৰতিবাদৰ উমান নলয় কিয়? কিয় বাৰে বাৰে চৰ-চাপৰিবাসীৰ দেশপ্ৰেমক লৈ প্ৰশ্ন উত্থাপন কৰা হয়? অসম আন্দোলনৰ সময়ত ৰাজাকাৰৰ কাল্পনিক কাহিনী প্ৰচাৰ কৰাৰ দৰে বৰ্তমান জেহাদীক কেন্দ্ৰ কৰি কল্প কাহিনী ৰচি প্ৰচাৰ কৰি থাকিলে তাৰ ফল সমগ্ৰ অসমবাসীৰ বাবেও নেতিবাচক হ’ব। অসমবাসীয়ে পাহৰি যোৱা নাই ত্ৰিশ অক্টোবৰৰ এন ডি এফ বিৰ নৃশংস বোমা বিস্ফোৰণ কাণ্ডৰ দায়িত্ব কিদৰে কাল্পনিক জেহাদীৰ ওপৰত জাপি দি একাংশ সংবাদ মাধ্যমে অসমৰ মুছলমানসকলক জনৰোষৰ বলি কৰি তুলিব বিচাৰিছিল। বহুতেই অভিযোগ কৰিব ধৰিছে তৈলক্ষেত্ৰ নিলাম কৰি অসমৰ সম্পদ ব্যক্তিগত কোম্পানীৰ হাতত তুলি দিয়াৰ ব্যৱস্থা কৰা, ভেট বৃদ্ধি কৰি জনগণৰ মূৰত ৰামটাঙোন শোধোৱা, হিন্দু বাংলাদেশীক অসমত নাগৰিকত্ব প্ৰদান কৰা আদি নানা কাৰণত অসমৰ পৰিৱৰ্তনকামী চৰকাৰখনৰ বিপক্ষে তীব্ৰ জনমত গঢ়ি উঠিবলৈ ধৰিছে। এনে জনবিৰোধীৰ কাৰ্যকলাপৰ পৰা জনগণৰ দৃষ্টি অন্যফালে ঢাল খুৱাবলৈকেহে জেহাদীৰ নামত তীব্ৰ অপপ্ৰচাৰ চলাই চৰ-চাপৰিবাসীক বলিৰ পঠা সজাবলৈ আয়োজন চলোৱা হৈছে নেকি ? এইক্ষেত্ৰত ‘আউটলুক’ আলোচনীত প্ৰাক্তন গৃহ সচিব জি কে পিল্লায়ে কোৱা কথাষাৰ সংবাদ মাধ্যমে মনত ৰখা উচিত– ‘The media shouldn’t sensationalise cases without getting to know the evidence.’ চৰ-চাপৰিবাসী সমন্বিতে অসমৰ কোনো জনগোষ্ঠীৰ মাজতেই যাতে সন্ত্ৰাসবাদীয়ে গা কৰি উঠিব নোৱাৰে তাৰ বাবে তেওঁলোকৰ প্ৰতি হোৱা সকলো প্ৰকাৰৰ অন্যায়–অত্যাচাৰৰ প্ৰতিকাৰৰ ব্যৱস্থা কৰিব লাগিব। অনুন্নত, প্ৰান্তীয় জনগোষ্ঠীবোৰে চিৰদিনেই যদি আইনৰ শাসনৰ পৰা বঞ্চিত হৈ থাকে, তাৰ ফল বিষময় হ’বলৈ বাধ্য। সন্ত্ৰাসৰ জুইকুৰাত ঘিউ নাঢালি ইয়াক নিৰ্বাপিত কৰাৰ বাবেহে সংঘবদ্ধ হওঁক।

পবিত্ৰ ৰমজান মাহত ৰোজা নাৰাখি, নামাজ নপঢ়ি মানৱৰ হত্যালীলাত ব্যস্ত এনে সন্ত্ৰাসবাদীহঁত কেনে মুছলমান বুলি শেখ হাছিনাই প্ৰশ্ন কৰিছে। তেওঁ অনুৰোধ কৰিছে ধৰ্মৰ নামত ল’ৰা-ছোৱালীবোৰক কেনে শিক্ষা দিয়া হৈ আছে সেই দিশত অভিভাৱকসকলক দৃষ্টি নিক্ষেপ কৰিবলৈ। কাশ্মীৰৰ মুখ্যমন্ত্ৰী মেহবুবা মুফটিয়ে কৈছে– ৰমজান মাহত মানুহক হত্যা কৰা কাৰ্যই প্ৰমাণ কৰিছে সিহঁত কিধৰণৰ মুছলমান। সিহঁতক চিনাক্ত কৰিব লাগিব। বাংলাদেশ বা কাশ্মীৰৰ দৰে অৱস্থা অসমৰ হোৱা নাই। কিন্তু তেনে পৰিস্থিতি সৃষ্টি কৰাৰ বাবে হিন্দু বা মুছলমান উভয় পক্ষৰ চৰম অসহিষ্ঞুহঁতে যে চেষ্টা নচলাব তাৰ কোনো নিশ্চয়তা নাই। গতিকে সকলোৱে সচেতন হওক। সন্ত্ৰাসৰ জুইকুৰাই যাতে আই অসমীক দগ্ধ কৰিব নোৱাৰে তাৰ বাবে সজাগ হওক।

লেখকৰ যোগাযোগ নম্বৰঃ + ৯১ ৯৪৩৫৫৪১৮৭৮

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward