Tuesday, April 30, 2024
HomeNEWSৰাণীৰ মেকুৰীকুছিত বায়খো উৎসৱ উদযাপন

ৰাণীৰ মেকুৰীকুছিত বায়খো উৎসৱ উদযাপন

প্ৰকাশিত তাৰিখঃ ১৯জুন, ২০২৩

চানডুবি নিউজ ৰিপ’ৰ্ট–

গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাণীৰ মেকুৰীকুছি ৰাজহুৱা খেলপথাৰত ১৬ জুনত এদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হয় বায়খো উৎসৱ। ৰাণী আঞ্চলিক ৰাভা ছাত্ৰ, আঞ্চলিক মহিলা পৰিষদ আৰু আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতিৰ যুটীয়া উদ্যোগত এই উৎসৱ উদযাপন কৰা হয়। বায়খো উৎসৱৰ কাৰ্যসূচী অনুসৰি– ৰাতিপুৱা পতাকা উত্তোলন কৰে ছাত্ৰ সংগঠনটোৰ সভাপতি জীতেন বাক্‌ছোকে আৰু স্মৃতি তৰ্পন কৰে নিখিল ৰাভা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক হিতেশ্বৰ ৰাভাই। ইয়াৰ পিচত বৃক্ষৰোপণ কৰে ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ বনবিষয়া জয়ন্ত কুমাৰ গোস্বামীয়ে আৰু গছপুলি বিতৰন কৰে ৰাণী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কবিন্দ্ৰ ৰাভাই। পুৱা ১০ বজাৰ পিচত আৰম্ভ হয় বায়খো উৎসৱৰ মহাপূজা। এই মহাপূজাৰ পিছত আৰম্ভ হয় লোক–কৃষ্টি সমাৰোহ।

দুপৰীয়া ছাত্ৰ সংগঠনটোৰ সভাপতি জীতেন বাকছোকৰ পৌৰহিত্যত এক সম্বৰ্দ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত অঞ্চলটোৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত কৃতী অৰ্জন কৰা শিক্ষাৰ্থীসকলক সম্বৰ্দ্ধনা জ্ঞাপন কৰে। উক্ত সভাত বিশিষ্ট অতিথিৰূপে উপস্থিত থকা নিখিল ৰাভা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰদীপ ৰাভাই এইদৰে কয়– বায়খো হ’ল ৰাভাসকলৰ কৃষিৰ অধিষ্ঠাত্ৰী লক্ষ্মী দেৱী। বায়খো দেৱীৰ লগত আৰু কেইবাজনো দেৱতালৈ এই পূজাৰ নৈবদ্য আগবঢ়োৱা হয়। বায়খো মূলতঃ ৰাভাসকলৰ কৃষিভিত্তিক বসন্তকালীন উৎসৱ। বায়খো দেৱীলৈ পূজা–অৰ্চনা আগবঢ়োৱাৰ পিচতহে ৰাভাসকলে কৃষিকৰ্মৰ বাবে খেতিপথাৰত নামি পৰে। অতীতত নতুন বছৰক আদৰণি জনোৱা লগতে সমাজৰপৰা অপায়–অমংগল দূৰ কৰি কৃষিভূমিৰ উৰ্বৰা শক্তি বৃদ্ধি কামনাৰে বায়খো উৎসৱ পালন কৰা হৈছিল। আজিও একেই কামনাৰে বায়খো উৎসৱ পালন কৰা হয়। ইপিনে, পূজাৰ সমান্তৰালভাৱে কৃষ্টি দল সমূহে বিভিন্ন লোকনৃত্য প্ৰদৰ্শন কৰে।

আৰম্ভণি কালছোৱাত অসমীয়া ব’হাগ মাহৰ পূৰ্ণিমা তিথিত বায়খো উৎসৱ পালনৰ নিয়ম আছিল। যদিও বৰ্তমান জেঠ মাহৰ পূৰ্ণিমা তিথিত এই উৎসৱ উদযাপন কৰা হয়। কোনো কোনোৱে মাহটোৰ শেষলৈকে এই উৎসৱ উদযাপন কৰি অহাও দেখা যায়।

উল্লেখযোগ্য যে, ৰাভা সমাজত অতি প্ৰাচীনকালৰপৰা প্ৰচলিত ‘বায়খোকচি’ পূজা আজিৰ বায়খো উৎসৱ। ‘বায়খোকচি’ৰ মূল অৰ্থ হ’ল– ‘বায়’ মানে– দৈৱ বা দেৱী, ‘খোকচি’ মানে– বাঁহ–বেতেৰে নিৰ্মিত সা–সামগ্ৰী থোৱা পাত্ৰ আৰু ‘চি’ মানে– তেজ। বায়খো উৎসৱ সৃষ্টিৰ আঁৰত ৰাভা সমাজত বহুতো জনশ্ৰুতি, লোককাহিনী, লোককথা আদি প্ৰবাদ সমূহ পোৱা যায়। পূৰ্বতে মেঘালয়ৰ গাৰোপাহাৰ আৰু অসমৰ গোৱালপাৰা জিলাত বসবাস কৰা ৰাভাসকলৰ ৰংদানি আৰু মাইতৰী এই দুটা ফৈদৰ মাজতে বায়খো পূজাৰ সীমাৱদ্ধ আছিল। যদিও, আজি কেইবছৰমানৰ পৰা নিখিল ৰাভা ছাত্ৰ সন্থাৰ কামৰূপ জিলা সমিতি আৰু সদৌ ৰাভা কৃষ্টি সন্মিলনে বায়খোক সমগ্ৰ জনগোষ্ঠীটোৰ মাজলৈ এক উৎসৱ ৰূপে প্ৰচাৰ আৰু প্ৰসাৰ ঘটালে।বৰ্তমান বায়খো ৰাভাসকলৰ প্ৰধান উৎসৱ হৈ পৰিল।

আবেলি লেৱা (লতা) টনা খেল প্ৰতিযোগিতা আয়োজন কৰা হয়। সন্ধিয়া বন্তি প্ৰজ্বলন কৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্যা ৰশ্মিবালা ৰাভাই। ইয়াৰ পিচত বায়ব্ৰা(পূজাৰী)সকলৰ কিল্লা (দূৰ্গ) ভঙা পৰ্ব অনুস্থিত হয়। এইপৰ্ব অন্ত পৰাৰ পিচত আৰম্ভ হয় বায়ব্ৰাসকলৰ অগ্নিপৰীক্ষা অৰ্থাৎ ‘বাৰনাক্কায়’ নৃত্য। বাৰনাক্কায় হ’ল– জ্বলন্ত অঙঠা জুইৰ ওপৰত নচা এক নৃত্য। বায়ব্ৰাসকলে কঠোৰভাৱে পালন কৰা এক ব্ৰতৰ মাজেৰেহে এই নৃত্য পৰিৱেশন কৰিবলৈ সক্ষম হয়। জ্বলন্ত জুইৰ ওপৰত প্ৰদৰ্শন কৰা এই কঠিন নৃত্যবিধ ভয়ংকৰ যদিও ই এবিধ অপূৰ্ব কলা।

নিশাৰ ভাগত সাংস্কৃতিক অনুষ্ঠান মুকলি কৰে অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি জিতু বৰগোহাঁয়ে। এই মঞ্চতে পৰম্পৰাগত সাজপাৰত ফেশ্বন শ্ব’ পতাৰ লগতে নিমন্ত্ৰীত কণ্ঠ শিল্পীসকলেও বিভিন্ন গীতমাত পৰিৱেশন কৰে।

বায়খো উৎসৱৰ অনুষ্ঠানত কামৰূপ জিলাৰ সাধাৰণ সম্পাদক অশোক নংবাগ, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ উপাধ্যক্ষ ৰমাকান্ত ৰাভা, কাৰ্যবাহী সদস্য সুমিত ৰাভা, আদিত্য ৰাভা, প্ৰাক্তন কাৰ্যবাহী সদস্যা জয়ন্তী ৰাভা, সাধাৰণ সদস্য সঞ্জয় কুমাৰ ৰাভা, নৃপেন ৰাভা, দিলীপ ৰাভা, ৰাণী গাঁও পঞ্চায়তৰ সভানেত্ৰী পূৰৱী বড়ো সদস্যা ধৰিত্ৰী ৰাভাই বিশিষ্ট্য অতিথিৰ ৰূপত উপস্থিত থাকে।

শিৰোনামৰ ফটোঃ প্ৰভাত ৰাভা, চানডুবি নিউজ

Title Pix: Prabhat Rabha, Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward