Friday, May 3, 2024
HomeARTICLEসমানুভূতিৰ গণতন্ত্ৰ

সমানুভূতিৰ গণতন্ত্ৰ

প্ৰকাশিত তাৰিখঃ ১৯ জুন, ২০২৩

কল্প ৰঞ্জন গগৈ –

ত্ৰয়োদশ শতিকাত পাটকাই প্ৰৱেশ কৰি ম্যুং–ডুন–চূন–খাম সোণালী বাগিছাৰ সপোন এৰি থৈ যোৱা চ্যাওল্যুং চ্যুকাফা আৰু তেওঁৰ লগত অহা ৯হেজাৰ সতীৰ্থৰ উত্তৰসূৰী সকলে গঢ়া অসম প্ৰশাসনীয় ব্যৱস্থাৰ চৰম পতন ঘটিছিল ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ দিনা সুদূৰ মানদেশৰ ইয়াণ্ডাবুত– ইয়ৰাৱতী নৈৰ পাৰত। সন্ধি হৈছিল মানদেশৰ ৰজা আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত। ইংৰাজ সাম্ৰাজ্যবাদী শক্তিৰ দখলত থকা ভাৰতীয় সত্বাৰ দখলত আহি গ’ল অসম– গম নোপোৱাকৈ। সেয়ে সাম্ৰাজ্যবাদী ভাৰতৰ অংগ অসম একনায়কৰ শাসনৰ লগত সংলগ্ন– ১৯৪৭ চনৰ ১৫ আগষ্টলৈকে। এই শোকগাঁথাক কি বুলি ব্যাখ্যা দিয়া যাব? ইয়াৰ মূল কাৰণ অসমৰ জনগণ নহয় কিন্তু। বিশেষকৈ নিম্নবৰ্গৰ। (সমানুভূতিৰ গণতন্ত্ৰ)

ভাৰতবৰ্ষক সম্পূৰ্ণৰূপে দখল কৰি তাক কু–সংস্কৃতিৰে লেপি–মচি অসমলৈ মেলি দিলে। বুৰঞ্জী, সময় আৰু সমাজৰ গতি যিহেতু একাবেঁকা, সৰ্পিল আৰু দ্বান্দিক সেয়ে নিবিচৰাকৈ সাম্ৰাজ্যবাদৰ এমুঠি ডাল ভাৰতেও পালে– লগতে অসমেও। কিন্তু সিংহভাগ যিহেতু অপতৃণ (Weeds) সেয়ে আজি বেয়াখিনি সমাজত প্ৰকট। বিশেষকৈ আজিৰ পূঁজিবাদ–সাম্ৰাজ্যবাদৰ চৰম পতনৰ যুগত হত্যা–আত্মহত্যাৰ চক্ৰবেহুত পৃথিৱী। সেয়ে চৌদিশে অন্ধকাৰ, মানুহৰ চিন্তা খণ্ডিত সেয়ে সন্দেহবাদী।

তেনে এটা সময়তে আমি কৈছো– মানুহৰ নতুন বুৰঞ্জী আমিয়েই লিখিব লাগিব। প্ৰয়োজনত বুৰঞ্জীক আামি চোঁচৰাই লৈ যাব লাগিব। অপসংস্কৃতিক সেৱাও কৰি ৰাখিব লাগিব। এক আটিল মন আাৰু দেহৰ কৰ্মী বাহিনীয়ে এই কাম কৰিব লাগিব। চ্যুকাফা, শংকৰ–মাধৱ, আজান পীৰৰ পৰা জ্যোতি, বিষ্ঞু, ভূপেনলৈ আমাক ‘সমানুভূতি’ সকলো মানুহ আৰু প্ৰাণীলৈ– এই বৌদ্ধ ধৰ্মৰ নিয়ম দি থৈ গৈছে– জাতি–ধৰ্ম–বৰ্ণ নিৰ্বিশেষে এক সাৰ্বজনীন দায়িত্ব হিচাপে। এই ‘সমানুভূতি’ৰ অৰ্থ হৈছে আনৰ কষ্ট সমানভাৱে অনুভৱ কৰাৰ ক্ষমতা। এই সমানুভূতিৰ বাবেই আজিলৈকে মানুহৰ বুৰঞ্জীয়ে ভঙাতকৈ গঢ়াৰ কথাহে বেচিকৈ কয়।

একনায়কত্বতন্ত্ৰৰ ঠাই গণতন্ত্ৰই ল’লে সদিচ্ছা আৰু সমানুভূতি বাঢ়িব। বিশ্বৰ জনগণ বিশেষকৈ নিম্নবৰ্গৰ জনগণ গণতন্ত্ৰৰ সমৰ্থক। সেয়ে তেওঁলোক সমাজ বিকাশৰ সমৰ্থক তথা সৈনিক। এই নিম্নবৰ্গৰ হালোৱা–বনুৱাই হৈছে– বিষ্ঞু ৰাভাই কোৱা শেষ যুদ্ধৰ ৰণুৱা। বিশ্বৰ এমুঠি মানুহৰ বিপৰীতে সকলো মানুহৰ জীৱনলৈ পোহৰ আৰু আনন্দ অনাৰ প্ৰতিশ্ৰুতি এই নিম্নবৰ্গইহে দিব পাৰিব।

আজি একৈশ শতিকাত আমি আত্ৰানি কৰিছো, কাৰণ সময় আগবাঢ়ি গৈ আছে দ্ৰুত গতিত। ইতিকিং কৰি গৈ আছে আমাক– কাৰণ বিশ্বত আাজি একনায়কত্বৰ ৰাজত্ব। সেয়ে সদিচ্ছা আৰু সমানুভূতিৰে ভৰা গণতান্ত্ৰিক ব্যৱস্থা (Democratic System) নগঢ়ালৈকে ৰণক্লান্ত নহওঁ আমি।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward