Thursday, March 28, 2024
Homeবাতৰিবিদেশী বহিষ্কাৰৰ নামত খৰচ ১৩৪ কোটি

বিদেশী বহিষ্কাৰৰ নামত খৰচ ১৩৪ কোটি

প্ৰকাশিত তাৰিখঃ ১৯ ফেব্ৰুৱাৰী, ২০১৮

চানডুবি নিউজ ডেক্স

এতিয়ালৈ অসম চৰকাৰে বিদেশী বহিষ্কাৰৰ নামত খৰচ কৰিলে ১৩৪ কোটি টকা। কিন্তু এই বিশাল ধনৰাশি খৰচৰ পিচতো ৭৫জন বিদেশীকহে দেশান্তৰ কৰিবলৈ সক্ষম হ’ল। এই তথ্য অসম চুক্তি ৰূপায়ণ বিভাগৰ।

যোৱা ১৩ ফেব্ৰুৱাৰীত অনুষ্ঠিত অসম বিধান সভাত অগপৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই এক প্ৰশ্ন উত্থাপন কৰে। সেই প্ৰশ্নৰ উত্তৰত অসম চুক্তি ৰূপায়ণ বিভাগৰ হৈ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই এই তথ্য দাঙি ধৰে। মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা অনুসৰি এতিয়ালৈকে ৯০,২০৬জনক বিদেশী চিনাক্তকৰণ কৰা হৈছে। বহিষ্কাৰ হোৱা বিদেশীৰ সংখ্যা ২৯,৭৮৩জন যদিও ২৯,৬৬৩জনক পুচবেক আৰু ৭৫জনক দেশান্তৰ কৰা হয়।

বিপৰীতে অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ নামত ব্যয় হয় ৮৫৪.১১ কোটি টকা। এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে ৯০৫.৭২ কোটি টকা মুকলি কৰি দিয়াৰ কথা উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।    

অসম চুক্তিৰ দফামতে বিদেশী বুলি চিনাক্ত হোৱাৰ পিচত সেই ব্যক্তিজনক বহিষ্কাৰ কৰিব লাগিছিল যদিও আজিলৈকে এই প্ৰক্ৰিয়াটো সক্ৰিয় কৰা দেখা নগ’ল। এই চুক্তি অনুসৰি ভাৰত–বাংলাদেশ সীমান্তৰ স্থলভাগত কাটাতাঁৰৰ বেৰ ৯৩.৭৭ শতাংশ এলেকাত সম্পন্ন কৰা হৈছে আৰু কেন্দ্ৰীয় চৰকাৰৰ অধীনত বাকী অংশৰ কাম–কাজ চলি আছে। জলভাগৰ ৪৮.১১ কিলোমিটাৰ দৈৰ্ঘ্য এলেকা এতিয়ালৈ উন্মুক্ত হৈ থকা বুলি সদনক অৱগত কৰে। উন্মুক্ত জলভাগত অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰৰ দ্বাৰা বন্ধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে পৰীক্ষা নিৰীক্ষা অব্যাহত ৰাখিছে বুলিও সদনক অৱগত কৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward