Friday, March 29, 2024
Homeবাতৰিমায়াং ইউৰোক এবিধ বিৰল প্ৰজাতিৰ চৰাই

মায়াং ইউৰোক এবিধ বিৰল প্ৰজাতিৰ চৰাই

প্ৰকাশিত তাৰিখঃ ১৯ ফেব্ৰুৱাৰী, ২০১৮

চানডুবি নিউজ ডেক্স

জল চৰাই যাক মণিপুৰৰ স্থানীয় ভাষাত মায়াং ইউৰোক নামেৰে জনা যায়। পৃথিৱীৰ বিৰল প্ৰজাতিৰ এই জলচৰ চৰাইবিধৰ বৈজ্ঞানিক নাম (Thresjiornis Melanoephalus)।

এই বৰ্ষত মণিপুৰৰ লোকটাক হ্ৰদত মায়াং ইউৰোক চৰাই বিধৰ জাক এটিৰ আগমণ ঘটিছে। ২০০২ চনত ৰাজ্যখনৰ আৰ্দ্ৰভূমিত শেষবাৰৰ বাবে দেখা পোৱা চৰাই বিধ সুদীৰ্ঘ ১৬ বছৰ পিচত পুনৰ ভূমুকি মাৰিছে।

বাৰ্ড লাইফ ইণ্টাৰনেশ্যনেল আৰু আই ইউ চি এন নামৰ প্ৰকৃতি সংৰক্ষণৰ ওপৰত কামকৰা আন্তঃৰাষ্ট্ৰীয় সংগঠন দুটাই বিপন্নপ্ৰায় এই চৰাইবিধক ৰেড ডাটা বুকৰ তালিকাত অন্তৰ্ভূক্ত কৰিছে। শেহতীয়াকৈ ৰাজ্যখনে চলাইছে ‘বাৰ্ষিক জলচৰ চৰাই পিয়ল ২০১৮’। এই সময়ছোৱাৰ ২০ জানুৱাৰীত লোকটাক হ্ৰদৰ সমীপৰ টাংজেন নামৰ আদ্ৰভূমি এখনত চৰাই বিধৰ জাক এটি দেখা পাইছে পক্ষী গণনাকাৰীসকলে। ভাৰতীয় পক্ষী সংৰক্ষণ নেটৱৰ্কৰ মণিপুৰ ৰাজ্যিক সমন্বয়ক আৰ কে বিৰজিতে এক সূত্ৰত প্ৰকাশ কৰিছে।    

আন্তঃৰাষ্ট্ৰীয় সংগঠন দুটাই মায়ং ইউৰোক ‘জলচৰ চৰাই পিয়ল’ত অন্তৰ্ভূক্ত কৰিছে। ৰাজ্যৰ কেইবাটাও স্বেচ্ছাসেৱী সংগঠনে বন বিভাগৰ তত্বাৱধানত লোকটাক হ্ৰদ আৰু আশে–পাশে থকা ৫০টা আৰ্দ্ৰভূমিত বাৰ্ষিক জলচৰ চৰাই পিয়ল ইতিমধ্যে সম্পন্ন কৰি উঠিছে। বিভিন্ন সূত্ৰত প্ৰকাশ পোৱা মতে, চৰাইবিধ ১৮৮৮, ১৯৩২ আৰু ২০০২ চনত ৰাজ্যখনৰ কেইখনমান আৰ্দ্ৰভূমিত দেখা গৈছিল। অৱশ্যে পাৰিপাৰ্শ্বিক কাৰণবশতঃ বৰ্তমান জলচৰ চৰাইৰ জাকবোৰে কেইবুল লামজাও আৰু থৌবাল জিলাৰ আৰ্দ্ৰভূমিত আশ্ৰয় লোৱা বুলি প্ৰকাশ কৰিছে। পিয়লৰ সময়ছোৱাত বিপন্নপ্ৰায় ৯টা বিভিন্ন প্ৰজাতিৰ হাঁহ দেখা বুলিও প্ৰকাশ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward