Tuesday, April 30, 2024
HomeARTICLEউন্মুক্ত বিদ্যুৎ পৰিবাহী তাঁৰঃ বন্য হস্তীৰ বাবে আজি ঘাতকৰ দৰে হৈ পৰিছে

উন্মুক্ত বিদ্যুৎ পৰিবাহী তাঁৰঃ বন্য হস্তীৰ বাবে আজি ঘাতকৰ দৰে হৈ পৰিছে

প্ৰকাশিত তাৰিখঃ ২৮ আগষ্ট, ২০২৩

নীৰেন্দ্ৰ প্ৰসাদ ৰাভা –

অসম শক্তি বিতৰণ কোম্পানীৰ উন্মুক্ত বিদ্যুৎ পৰিবাহী তাঁৰ সমূহ বৃহত্তৰ ৰাণী অঞ্চলটোত বনৰীয়া হাতীৰ বাবে এক ঘাতক সদৃশ হৈ পৰিছে। উল্লেখ্য যে, কোম্পানীয়ে ৪৪০ ভল্টৰ এল টি লাইন অঞ্চলটোৰ সকলোকেইখন গাঁৱতে সংযোগ কৰিছে। কিন্তু বিদ্যুৎ পৰিবাহী তাঁৰ সমূহ সম্পূৰ্ণ উন্মুক্ত হোৱাৰ লগতে বাটে–পথে প্ৰয়োজনতকৈ অধিক ওলমি থকাত ই ক্ৰমান্বয়ে বিপজ্জ্বনক হৈ উঠিছে। উন্মুক্ত এনে তাঁৰত বিদ্যুৎস্পৃষ্ট হৈ অঞ্চলটোত এটাৰ পিছত আন এটা দূৰ্ঘটনা ঘটিছে। য’ত প্ৰতিটো দূৰ্ঘটনাতে বনৰীয়া হাতীৰ মৃত্যু ঘটিছে। বিশেষকৈ বনাঞ্চলৰ পৰা জনাঞ্চললৈ অহা হাতীবোৰে কল, তামোল, কঁঠাল, বাঁহ গাঁজ আদি খাদ্য খাবলৈ বাৰীত প্ৰৱেশ কৰাৰ সময়তে এই ঘটনাবোৰ ঘটি থকা দেখা গৈছে। বিপৰীতে– গাঁৱলীয়া পথৰ কাষত ওলমি থকা বিদ্যুৎ পৰিবাহী তাঁৰবোৰেও বহুক্ষেত্ৰত হাতীৰ বিপদ ঘটাই আহিছে। তেনে এটি দূৰ্ঘটনা ঘটিছে ৰাণীৰ ৰাজাপানীচান্দাৰ কমলপাৰাত চলিত ৪ আগষ্টৰ পুৱতি নিশা। সেই নিশা ৰাণী সংৰক্ষিত বনাঞ্চলখনৰ পাহাৰৰ পৰা খাদ্যৰ সন্ধানত প্ৰায় ৪০টা হাতী থকা জাক এটাই গাঁও অঞ্চললৈ নামি আহিছিল। সেই জাকটোৰ পৰা ফালৰি কাটি অহা দুটা পোৱালি সহ মাইকী হাতী এজনীয়ে পৰমেশ্বৰ ৰাজবংশীৰ তামোলবাৰীত প্ৰৱেশ কৰি তামোলৰ গছবোৰ ভাঙি–উভালি লণ্ড–ভণ্ড কৰে। কিন্তু তামোলৰ গছ এডাল উভালি বিদ্যুৎ পৰিবাহী তাঁৰৰ ওপৰত বাগৰি পৰে। লগে লগে বিদ্যুৎ স্পৃষ্ট হৈ তিনিওটা হাতীৰ ঘটনাস্থলীতে মৃত্যু ঘটে। ইতিপূৰ্বে, ২০২০ চনৰ ২৫ ছেপ্টেম্বৰৰ নিশা বিদ্যুৎ পৰিবাহী তাঁৰত স্পৃষ্ট হৈ ৰাণীৰ বাকাৰাপাৰাত এহাল মতা–মাইকী আৰু ২০২২ চনত সেইখন গাঁৱতে আৰু এটা মতা হাতীৰ মৃত্যু ঘটিছিল।

উল্লেখযোগ্য যে, বিদ্যুৎ স্পৃষ্ট তিনিওটা দূৰ্ঘটনাতে মুঠ ৬টা হাতীৰ কৰুণ মৃত্যু ঘটিছিল। গুৰুত্ব দিবলগীয়া কথাটো হ’ল– বিগত দিন সমূহত বনৰীয়া হাতী মৃত্যুৰ বাবে প্ৰধান কাৰক ৰূপে যিহেতু উন্মুক্ত বিদ্যুৎ পৰিবাহী তাঁৰ সমূহ চিনাক্ত হৈছে। তেনেস্থলত বন্য হস্তী নিৰাপত্তাৰ বাবে অকল বন বিভাগেই নহয়, অসম শক্তি বিতৰণ কোম্পানীয়েহে অধিক দায়িত্ব পালন কৰিব লাগিছিল। কিন্তু কোম্পানীয়ে সেই বিষয়ত গুৰুত্বপূৰ্ণ কোনো পদক্ষেপ গ্ৰহণ নকৰাত উন্মুক্ত বিদ্যুৎ পৰিবাহী তাঁৰত স্পৃষ্ট হৈ দূৰ্ভাগ্যজনকভাৱে এটাৰ পিছত আন এটা বনৰীয়া হাতীৰ মৃত্যু ঘটি আহিছে।

এইক্ষেত্ৰত– ৰাণী বনাঞ্চলিক বিষয়া মনোৰঞ্জন বৰ্মণৰ কাৰ্যকালত অঞ্চলটোৰ উন্মুক্ত বিদ্যুৎ পৰিবাহী তাঁৰ সমূহ কেবল্‌ সংযোগৰ বাবে এক পৰিকল্পনা কৰিছিল। পৰিকল্পনা অনুসৰি বন বিষয়াগৰাকীয়ে আজাৰা আৰু মিৰ্জা বৈদ্যুতিক উপ–সংমণ্ডল বিষয়াৰ সৈতে ক্ষেত্ৰ অধ্যয়ন কাৰ্যও চলাইছিল। কিন্তু বন বিষয়াগৰাকী বদলি হোৱাৰ পিছত তেখেতৰ পৰিকল্পনাও তল পৰি থাকিল।

ৰাণী সংৰক্ষিত বনাঞ্চলৰ সমগ্ৰ পাহাৰীয়া অঞ্চলবোৰ বনৰীয়া হাতীৰ প্ৰধান আৱাসভূমি। চলিত বৰ্ষৰ জুলাই মাহৰ শেষ সপ্তাহৰ পৰা ৰাণী সংৰক্ষিত বনাঞ্চলৰ পাহাৰৰ নামনি অংশত বনৰীয়া হাতীৰ বিশাল জাক এটাই থিতাপি লৈছিল। আগে–পিছেও হাতীৰ বৃহৎ জাক তেনেদৰে থিতাপি লয়। গাঁওবাসীয়ে অনুমান কৰা মতে– সেই জাকটোত হাতীৰ সংখ্যা প্ৰায় দুই শতাধিক হ’ব। সময়ে সময়ে হাতীৰ জাকটো ৰাণী চাহ বাগিছাৰ পুখুৰীকেইটাত জলকেলি কৰি থকাও দেখিছিল। প্ৰতিটো নিশা হাতীবোৰে খাদ্যৰ সন্ধানত সেই বিশাল জাকটোৰ পৰা ভাগে ভাগে আহি গাঁও সমূহত প্ৰৱেশ কৰে। যোৱা ২ আগষ্টৰ নিশা খাদ্যৰ সন্ধানত অহা তিনিটাকৈ বনৰীয়া হাতী গাঁওখনৰ কৈলাশ গোৱালাৰ ঘৰৰ চোতালত প্ৰৱেশ কৰিছিল। ইয়াৰ ফলত হাতী–মানুহৰ সংঘাত ঘটিব পাৰে বুলি গাঁওবাসীয়ে আশংকা প্ৰকাশ কৰিছিল। গাঁওবাসীয়ে কৰা আশংকাৰ বিষয়ে ৰাণী বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়কো অৱগত কৰিছিল।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward