Monday, April 29, 2024
HomeARTICLEআহিল উভতি বিষ্ঞু ৰাভা

আহিল উভতি বিষ্ঞু ৰাভা

প্ৰকাশিত তাৰিখঃ ১ এপ্ৰিল, ২০২৪

কল্প ৰঞ্জন গগৈ –

সৈনিক শিল্পী বিষ্ঞু ৰাভাই শিকাইছিল ভূপেনক– সৰ্বহাৰাৰ সৰ্বস্ব ওভতাই অনাৰ সাধনা। সেয়ে কৈছিল– শেষ যুদ্ধৰ আমি ৰণুৱা–পৃথিৱীৰ হালোৱা–বনুৱা। সেয়েহে আজি আমি এই শেষ যুদ্ধৰ সৈনিক।

বিষ্ঞু ৰাভাই শিকাইছিল সম্ভ্ৰম–সন্মান–ইজ্জত। জাতিৰ স্বাভিমান। লগতে নাৰীৰ প্ৰকৃত সম্ভ্ৰমৰ দৰ্শন (Philosophy of Real Womanhood)। হালোৱা, নাৰীৰ প্ৰকৃত সম্ভ্ৰমৰ কথা–নিজৰ চিনাকী। তেওঁ সপোন দেখা বিশ্বখন হৈছে এখন সুন্দৰ বিশ্ব। য’ত কোনো মানুহ মানুহৰ শত্ৰু নহয়, য’ত পুৰণি সমাজৰ জুৱাৰী–মদাহী–ভ্ৰষ্টাচাৰী নেথাকিব। নতুন গান–নাচ–নাটকৰ এই বিশ্বৰ অস্ত্ৰ হ’ব ‘কিতাপ’। যি কিতাপৰ প্ৰধান শিক্ষা হ’ব মানৱতা–সহযোগিতা (Humanity and Co–operation)। সেয়ে ৰাভাৰ নেতৃত্ব মানে কিতাপৰ নেতৃত্ব। তত্বৰ বাবে কিতাপ। শুদ্ধ তত্ব মানে সঠিক অনুশীলন যাৰ অভাৱত খিলঞ্জীয়াৰ জীৱন নিস্প্ৰভ। ভুল অনুশীলনৰ ফল শূন্য (Absolute Zero)। সংকটেৰে পূৰ্ণ বস্তাপঁচা দৰ্শনৰ ফচল সদায়েই শূন্য (End Result Zero)।

সাত ৰাজ মিহলাই নতুন সমাজৰ ভেটি নিৰ্মাণ কৰি থৈ যোৱা চাওল্যুং চ্যুকাফাৰ সমাজখনক সাম্যবাদলৈ উত্তৰণৰ বাবে বিপ্লৱী শংকৰ–মাধৱৰ পথত হেঙাৰ দিলে ডাঙৰীয়া গৌৰীনাথে বগা বঙালক নিমন্ত্ৰণ কৰি– ১৭৯২ চনত। ১৭৯৩ চনৰ বাণিজ্য চুক্তিৰ পিছৰ পৰাই দেশ বগা বঙালৰ দখলত। ১৭৫৭ চনৰ পৰাই দেশ জগত চেঠ্‌সকলৰ দখলত। সেয়ে আজি দেশৰ সাৰ্বভৌমত্বৰ বাবে বিপ্লৱী শংকৰ–মাধৱৰ লগতে বিষ্ঞু–জ্যোতিৰ তত্ব আৰু অনুশীলনৰ প্ৰয়োজন।

আজি সমগ্ৰ বিশ্ব সমাজবাদলৈ গতি কৰিছে। ইয়াৰ সহায়ক কবিতা–সাহিত্য–সংস্কৃতি শাসকসকলৰ বা পুৰণি সমাজৰ ৰক্ষকসকলৰ বাবে ভয়ৰ কাৰণ। ৰাভাৰ চিন্তা শত্ৰু, ৰাঘৱ মৰাণৰ ভয়ৰ কাৰণ– শংকৰ–মাধৱৰ হৰিনাম দেশদ্ৰোহী।

বিভক্ত ভাৰতবৰ্ষত কুম্ভকৰ্ণসকল নিশ্চিত নহয় যে বগা বঙালৰ বাবেই দেশৰ দুৰ্দশা আৰু মদৰ বাৰৰ (Bar) বাউন্সাৰ (Bouncers) হিচাপে থৈ যোৱা জগত চেঠ্‌ সকলৰ উত্তৰসুৰী টাটা–বিৰলা, আম্বানী–আদানী–আদানী সকলেই দেশৰ বৈশ্য যুগ সৱল কৰি ৰাখিছে। কুম্ভকৰ্ণ সকল যুদ্ধৰ উপাসক। গমেই নেপায় যে কুৰি শতিকাৰ ৰাষ্ট্ৰসংঘই একৈশ শতিকাত বন্ধ্যা (Dry as Desert) ভৱিষ্যতৰ পথ প্ৰদৰ্শক খিলঞ্জীয়া আৰু লগতে আন্তৰ্জাতিক বিষ্ঞু ৰাভা (Khilonjiya as well as International Bishnu Rabha)।

বিষ্ঞু ৰাভাসকলৰ মুৰ্তিপূজাৰে নহয়– প্ৰকৃত চৰ্চ্চাৰেহে খিলঞ্জীয়া সকলে আৰম্ভ কৰক এই যাত্ৰা। কুম্ভকৰ্ণৰ টোপনি পৰিহাৰ কৰক। সম্ভ্ৰমৰ সাধনা কৰক। কাৰণ ৰুটিতকৈ সম্ভ্ৰমৰ স্থান ওপৰত। বগা বঙালে লৈ যোৱা সম্ভ্ৰম পুনৰ ঘুৰাই আনিব লাগিব।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward