Friday, April 26, 2024
HomeNEWSবুদ্ধদেৱ, শংকৰদেৱ আৰু আইনষ্টাইন

বুদ্ধদেৱ, শংকৰদেৱ আৰু আইনষ্টাইন

প্ৰকাশিত তাৰিখঃ ২৭ মাৰ্চ, ২০২৩

কল্প ৰঞ্জন গগৈ –

এক ঐতিহাসিক স্তৰত আমি বাস কৰি আছো। ঘটনাবোৰ অৱধাৰিত, আচৰিত হ’বলৈ একো নাই। আমি নিৰপেক্ষতা অৱলম্বন কৰিলেও দ্বান্দিকভাৱে পৰিবৰ্তন হ’বই।

ইতিহাসৰ চালিকা শক্তি হৈছে সচেতন–সচেতন জনগণ। মানুহৰ ঐক্যৱদ্ধ প্ৰচেষ্টাতহে পৰিবৰ্তন হ’ব। এই পৰিবৰ্তন হ’ব বুৰঞ্জীৰ পথেদি। সেয়ে বুৰঞ্জীৰ ওপৰত দখল নাথাকিলে এই পৰিবৰ্তন হ’ব প্ৰহসন অথবা শোকগাঁথা (Tragedy)। বুৰঞ্জী হৈ পৰে দুখৰ ঘটনা–অতীতৰ দুখৰ কথাবোৰ নতুন ৰূপ লয়গৈ।

ইতিহাসিক গতি দিয়ে জনগণে আৰু সচেতন–সুচেতন জনগণেহে সমাজ এখনক আগবঢ়াই নিব পাৰে। সন্মিলিত ৰূপ ল’লেহে।

কিছুদিনৰ আগতে উচ্চতম ন্যায়ালয়ৰ এজন জ্যেষ্ঠ অধিবক্তা দূষ্যন্ত ডাভেই (Dusanta Dave) ক্ষোভেৰে কৈছিল যে ভাৰতবৰ্ষৰ শিক্ষিত মধ্যশ্ৰেণী (Educated Middle Class) আন দেশৰ তুলনাত গণতন্ত্ৰৰ পক্ষত কমকৈ মাত মতা দেখা গৈছে। অৰ্থনৈতিকভাৱে সৱল এই শ্ৰেণীয়ে পক্ষ লৈছে গণতন্ত্ৰ বিৰোধী হিংস্ৰ উন্মাদনাৰ। প্ৰকৃততে এক সচেতন–সুচেতন গণতন্ত্ৰমুখী মধ্যশ্ৰেণীৰ অভাৱত দেশখনৰ উত্তৰণ ৰূদ্ধ হৈ পৰিছে।

আইনষ্টাইনে তুলি ধৰা ধৰ্মৰ বিকাশশীল ধাৰাটোক সঠিক ৰূপত তুলি ধৰিব নোৱাৰা বাবে ই এক প্ৰতিক্ৰিয়াশীল শক্তিৰ ৰূপ লৈছে। ধৰ্ম হৈ পৰিছে মনুষ্যত্ব বিকাশৰ আহিলাৰ ঠাইত ভুল মানুহৰ হাতৰ পুতলা। উত্তৰণশীল ভাৰতবৰ্ষৰ গণতান্ত্ৰিক বিকাশৰ পথত স্পীডব্ৰেকাৰৰ ৰূপ লৈছে।

সনাতন ধৰ্মৰ ভালত্বখিনিক তুলি ধৰিছিল বুদ্ধদেৱে। সেয়ে বুদ্ধদেৱৰ পৰা নিৰৱিচ্ছিন্নভাৱে আইনষ্টাইনলৈকে যি নৈ বৈ গ’ল ভাৰতবৰ্ষৰ মধ্যশ্ৰেণীয়ে তাক গতি দিব লাগিব। প্ৰগতিশীল বিজ্ঞানমূখী ধাৰণাৰে দেশৰ জনগণক নেতৃত্ব দিব লাগিব।

তেজস্বী ভাৰত গঢ়িবলৈ হ’লে এক শক্তিশালী জনসম্পদ গঢ়িবলৈ নতুন মানুহ গঢ়াৰ শিক্ষা প্ৰৱৰ্তন কৰিব লাগিব। বৰ্তমানৰ ভয়াৱহ যুগসন্ধি অতিক্ৰম কৰিবলৈ নতুন শিক্ষাৰ মানুহ লাগিব।

মানুহ নামৰ পদৰ্থটো চিৰ সংগ্ৰামী, বিকাশশীল আৰু উত্তৰণশীল। সময়ৰ সৰ্পিল গতিৰ লগত খাপ খায় সমাজ আগবাঢ়ে। কেৱল বিজ্ঞানমুখী চিন্তাইহে সমাজক গতি দিয়ে। সেয়ে গণতন্ত্ৰৰ শিপাডাল সমাজ সম্পৰ্কৰ ভিতৰতহে আছে। ৰাজনৈতিক দল, সংসদ, বিধানসভা বা চৰকাৰৰ ভিতৰত ই নাই। আছে সমাজ–ব্যৱস্থাৰ মাজতহে। সেয়ে সমাজ ব্যৱস্থাৰ পৰিবৰ্তনৰ বাবে দেশৰ গণমুখী বুদ্ধিজীৱি আৰু (Public Intellectuals) প্ৰগতিশীল মধ্যশ্ৰেণীয়ে সমাজখনক সন্মিলিতভাৱে যুঁজৰ বাবে বাট দেখুৱাই নিব লাগিব। বৌদ্ধিক নেতৃত্বৰ সহায়ত দেশৰ জনসম্পদখিনিক আগবঢ়াই নিব লাগিব আৰু একেদৰে বাকীখিনিকো আগুৱাই যাবলৈ প্ৰেৰণা যোগাব লাগিব। পদ্ধতিগতভাৱে কৰিলে ই কঠিন নহয়।

স্বৈৰতন্ত্ৰৰ পৰা গণতন্ত্ৰলৈ, দলীয় ক্ষুদ্ৰ চিন্তাৰ পৰা বিশাল সমাজ তথা দেশলৈ যাতে অবিৰত গতিলাভ কৰে তাৰ বাবে এক সুস্থ গণতান্ত্ৰিক ৰাজনীতি লাগিব– বৰ্তমানতকৈ উন্নত। দেশৰ বিদ্বৎ সমাজে ইয়াৰ বাবে কৰ্মসূচী তৈয়াৰ কৰিব লাগিব। সমাজৰ অনুমোদন নাথাকিলে বৰ্তমানৰ বিসংগতিবোৰ নাথাকিলেহেতেন। বা ভৱিষ্যতেও নাথাকে। সেয়ে সমাজে ভুল চিন্তাধাৰাক নাকচ কৰিব লাগিব।      

বৰ্তমানৰ দুস্কৃতিবোৰ সংস্কৃতিৰ দুৰ্গৰ পৰাই সম্প্ৰসাৰিত হৈছে। সেয়ে জনসমাজেও ইয়াক গ্ৰহণ কৰিছে। প্ৰথম বলি হৈছে নাৰী শক্তি। বিজ্ঞাপন–প্ৰদৰ্শনীৰ বলি। শ্ৰীমন্ত শংকৰদেৱে অনন্য মাতৃ শক্তিক পূৰ্ণ আকাশ বুলি গণ্য কৰাৰ বাবেহে শৰণ দিবলৈ ধৃষ্টতা প্ৰকাশ কৰা নাছিল। মহিয়সী মাতৃ গৰাকীক প্ৰকৃত সন্মান জনায়েই শৰণ দিয়াৰ পৰা বিৰত আছিল বুলিহে মই ভাবো।

সেয়ে বৰ্তমানৰ মাতৃশক্তিয়ে নিজকে গোলকীয় বলিশালৰ পৰা বিজ্ঞাপন আৰু প্ৰদৰ্শনীৰ পৰা মুক্ত হ’ব লাগিব– স্বমহিমাৰে। না্ৰী শক্তিৰ পূৰ্ণ বিকাশেৰে।

পদাৰ্থ জগতখনৰ উত্তৰণ ঘটিছে সমাজবাদলৈ। আইনষ্টাইনেও কৈ গৈছে– মানৱ সমাজৰ বিকাশ হ’বলৈকে সমাজবাদ লাগিব। আধুনিক সমাজ বিজ্ঞানেও কয় যে বৰ্তমানৰ অৱক্ষয়ৰ অন্ত পৰিব সমাজবাদতহে। বুদ্ধই কোৱা জ্ঞায়ময় তন্ত্ৰ– শ্ৰীমন্ত শংকৰদেৱে কোৱা– সকলোৰে আত্মাৰাম– সকলোবোৰ সমাজবাদমুখী সমাজৰ কথা।

পুৰণা ধাৰণাৰে সমাজ আগবাঢ়িব নোৱাৰে। আধুনিক সমাজ বিজ্ঞানৰ তত্ববোৰ অনুশীলন কৰিব লাগিব সমাজত– নতুনক আদৰিবলৈ।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward