Tuesday, April 30, 2024
HomeARTICLEবুৰঞ্জীৰ লিকে লিকে

বুৰঞ্জীৰ লিকে লিকে

প্ৰকাশিত তাৰিখঃ ১০ জুলাই, ২০২৩

কল্প ৰজ্ঞন গগৈ –

স্বাধীন, সাৰ্বভৌম সমাজবাদী ভাৰত ৭৬ বছৰীয়া। ১৭৫৭ চনৰ পৰা ১৯৪৭ চনৰ ১৫ আগষ্টলৈ ইংৰাজৰ দখলত ভাৰত। তাৰ আগৰ ভাৰতৰ প্ৰায় পাঁচ হেজাৰ বছৰৰ পূৰণি ভেটি। এই ভেটিৰ নক্সা সলনিৰ কথা বুজিবলৈ জগত চেঠ্‌ সকলৰ কথা মনত পেলাব লাগিব। (বুৰঞ্জীৰ লিকে লিকে)

একেদৰে অসমৰ নক্সা সলনি হোৱাৰ বাবে স্বৰ্গদেউ গৌৰীনাথ সিংহ– ১৭৯২ চনৰ কথা মনত পেলাব লাগিব। অসমীয়া প্ৰজা জাগৰণ দমনৰ বাবে কেপ্টেইন ৱেলছৰ– ৫৫০ চিপাহীৰ হস্তক্ষেপ। ১৯৭২ চনৰ নৱেম্বৰ মাহৰ পৰা ১৭৯৪ চনৰ মে’ মাহলৈ– ৯ মাহ। ফলস্বৰূপে অসমৰ নক্সা বদল।

তাৰ পিচত স্বৰ্গদেউ চন্দ্ৰকান্তৰ দিনত বঢ়াগোঁহাই পূৰ্ণানন্দ আৰু বৰফুকন বদনৰ মাজৰ সংঘাত। ফলস্বৰূপে ১৮১৭ চনৰ মাৰ্চ মাহত ৬হেজাৰ মান সেনাৰ প্ৰৱেশ। কৃতাৰ্থ চন্দ্ৰকান্তই বৰফুকন বদনক মন্ত্ৰী বৰফুকন পাতে। ১৮১৭ চনৰ এপ্ৰিল মাহত হেমো আইদেউসকলৰ সৈতে মান সেনাৰ প্ৰত্যাৱৰ্তন।

১৮১৯ চনত চন্দ্ৰকান্তৰ আমন্ত্ৰণত মানৰ ২য় আক্ৰমণ। চন্দ্ৰকান্তক ৰজা পাতি মান সৈন্যৰ পুনৰ উভতনি। ১৮১৯–১৮২১ লৈ চন্দ্ৰকান্ত মানে পতা ৰজা। মানৰ লগত মতবিৰোধ আৰু এইবাৰ চন্দ্ৰকান্ত ব্ৰিটিছৰ শৰণত। গতিকে ১৮১৯–১৮২৫ চনত আহোম শাসন শেষ। প্ৰথম ইংগ–বৰ্মী যুদ্ধৰ ১৮২৪–১৮২৬ চনলৈ– পৰিণতি ইয়াণ্ডাবুৰ সন্ধি।

প্ৰকৃততে ১৭৯২ চনৰ পৰা স্বৰ্গদেউ গৌৰীনাথে আৰম্ভ কৰা পতনৰ নাটকৰ যৱনিকা পৰিল ইয়াণ্ডাবুত– ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত।

১৮১৭ চনত হেমো আইদেউৰ লগত যোৱা অসমীয়াৰ পমখেদি তপন শৰ্মা, বিনয় শৰ্মা আৰু সত্যকাম ফুকন গৈছিল মানদেশলৈ– বুৰঞ্জী নামৰ প্ৰকৃত বিজ্ঞানৰ সন্ধানত। কাৰ্লমাৰ্ক্সৰ মতে– ইতিহাসেই একমাত্ৰ বিজ্ঞান (History is the only Science)। তাত থকা সন্ধিৰ ফলকখন চাই আৰু চুই আহিলগৈ।

তাৰ পিচত গ’ল কৰ্ণফুলিৰ পাৰলৈ। চট্টগ্ৰামৰ অসম বস্তী বিচাৰি। বৰ্তমানৰ বাংশাদেশৰ অসম বস্তী হৈছে সাত সাগৰ তেৰ নদীৰ সিফালৰ পৰা অহা ব’গা বঙালৰ বিৰুদ্ধে থলগিৰি, কুকি–চীন সকলে কৰা মুক্তি সংগ্ৰামক দমন কৰিবলৈ অসমৰ পৰা সংগ্ৰহ কৰা অসম সেনা। ১৯১৭–১৯১৯ চন। এই সংগ্ৰাম দমন কৰি অসম সেনাক চট্টগ্ৰামত থাকিব দিলে।

একে সময়তে দেশৰ পশ্চিমে থকা পাঞ্জাৱত ২৩ এপ্ৰিল ১৯১৯ চনত জালিয়ানৱালাবাগ হত্যাকাণ্ড।

১৯৪৭ চনৰ ১৫ আগষ্টৰ পিচৰ এই ৭৬ বছৰে আমাৰ মহান ঐতিহ্যৰ বদলি নক্সাকে কিয় ধৰি আছো সেয়াহে আমাৰ মূল প্ৰশ্ন। সঠিক বুৰঞ্জীৰ অধ্যয়নেহে আমাক এই মনোবিকাৰৰ পৰা মুক্তি দিব। ১৫ জানুৱাৰী ১৮১৭ চনত স্বামী বিবেকানন্দই (১৮৬৩–১৯০২) কৈছিল– But education has yet to be in the world and civilization– it has begun nowhere yet।

সভ্যতা আহিব যেতিয়া শিক্ষাই পূৰ্ণ মানৱ তৈয়াৰ কৰিব। শিক্ষাৰ লক্ষ্য হ’ব– Man Making, Nation Building, Character Building।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward