Monday, May 6, 2024
HomeNEWSৰাভা ভাষা ডিপ্ল’মা পাঠ্যক্ৰমৰ পৰীক্ষা সফল সামৰণি

ৰাভা ভাষা ডিপ্ল’মা পাঠ্যক্ৰমৰ পৰীক্ষা সফল সামৰণি

প্ৰকাশিত তাৰিখঃ ১০ জুলাই, ২০২৩

চানডুবি নিউজ ৰিপ’ৰ্ট –

৭ জুলাইৰ পৰা অনুস্থিত হোৱা ৰাভা ভাষা ডিপ্ল’মা পাঠ্যক্ৰমৰ চূড়ান্ত পৰীক্ষা সমূহ ৯ তাৰিখৰ আবেলি সমাপ্তি হয়। ৰাজ্যখনৰ গোৱালপাৰা, কামৰূপ, ওদালগুৰি, শোণিতপুৰ, ধেমাজি, বঙাইগাঁও, চিৰাং, বাস্কাকে আদিকৰি কেইবাখনো জিলাত আৰু মেঘালয়ৰ একমাত্ৰ কেন্দ্ৰটোত পৰীক্ষাসমূহ অনুস্থিত হয়।

এই বৰ্ষত ৪১টা কেন্দ্ৰত সৰ্বমুঠ ১২৪২গৰাকী শিক্ষাৰ্থীয়ে ৰাভা ভাষা ডিপ্ল’মা পৰীক্ষাত অৱতীৰ্ণ হৈছিল। তাৰ ভিতৰত পৰীক্ষাৰ্থীৰ সংখ্যা হ’ল এনেধৰণ– ফামানছিনি (পৰিচয়) ৩৫, পৌমৌৰছিনি (প্ৰথমা) ২১০, হাবাৰছিনি (প্ৰৱেশিকা) ৩০৪, পিৰ হাবাৰছিনি (প্ৰৱোধ) ৪০০, মৌতকাপাছিনি (বিশাৰদ) ১৬৭, পিৰ মৌতকাপছিনি (প্ৰবীন) প্ৰথমবৰ্ষ ৬৮ আৰু প্ৰবীন ২য় বৰ্ষত ৭৩গৰাকী।

ইপিনে– গুৱাহাটী মহানগৰীৰ কাষৰীয়া দক্ষিণ কামৰূপৰ লোহাৰঘাট কেন্দ্ৰটোত বিভিন্ন শ্ৰেণীৰ ৩৫গৰাকী শিক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হোৱা দেখা গৈছে।     

উল্লেখযোগ্য যে, বেবাক ৰাভা ক্ৰৌৰাং ৰুনচুমৰ (নিখিল ৰাভা সাহিত্য সভা) অধীনত ২০১০বৰ্ষত ৰাভা ভাষা ডিপ্ল’মা পাঠ্যক্ৰম প্ৰচলন কৰা হৈছিল। লগতে ২০১১বৰ্ষৰ পৰা পৰীক্ষা সমূহো নিয়মীয়াভাৱে অনুস্থিত কৰি আহিছে।

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward