Friday, March 29, 2024
Homeবাতৰিবেবাক ৰাভা ক্ৰৌৰ ৰুঞ্চুমৰ প্ৰাক্তন সভাপতি জগত কামাৰ ইহলীলা সম্বৰণ  

বেবাক ৰাভা ক্ৰৌৰ ৰুঞ্চুমৰ প্ৰাক্তন সভাপতি জগত কামাৰ ইহলীলা সম্বৰণ  

প্ৰকাশিত তাৰিখঃ ১৩ নৱেম্বৰ’ ২০১৭

চানডুবি নিউজ ডেক্স –

নিখিল ৰাভা সাহিত্য সভা (বেবাক ৰাভা ক্ৰৌৰ ৰুঞ্চুম)ৰ অন্যতম কাণ্ডাৰী তথা প্ৰাক্তন সভাপতি জগত কামাৰ ১০ নৱেম্বৰৰ পুৱা ৭.৪০ বজাত পৰলোকপ্ৰাপ্তি ঘটে। প্ৰায় ৭২ টা বছৰ গৰকা প্ৰাক্তন সভাপতিগৰাকীয়ে বাৰ্ধক্যজনিত কাৰণত চিকিৎসাধীন অৱস্থাতে ইহলীলা সম্বৰণ কৰে।

ইপিনে জগত কামাৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে অঞ্চলটোত এক শোকাকুল পৰিবেশৰ সৃষ্টি হোৱাৰ লগতে অগণন গুণমুগ্ধৰে ভৰি পৰে তেখেতৰ বাসভৱন। মৃত্যুৰ সময়ত কামাই ইহসংসাৰত এৰি থৈ যায় পত্নী সহঃ দুজন পুত্ৰ, চাৰিগৰাকী কন্যা আৰু অজস্ৰ গুণমুগ্ধক। এক শোকাকুল পৰিবেশৰ মাজেৰে পৰ্বতঝোৰা মহকুমাৰ কাজিগাঁৱত তেখেতৰ শেষকৃত্য সম্পন্ন কৰে।     

উল্লেখনীয় যে জগত কামাৰ জন্ম হৈছিল ১৯৫৫ চনৰ ২২ ফেব্ৰুৱাৰীত ধুবুৰী জিলাৰ বৰশীঝৰা গাঁৱত। বৰশীঝৰা প্ৰাথমিক বিদ্যালয়ত শিক্ষকৰূপে কৰ্মজীৱন আৰম্ভ কৰি সেইখন বিদ্যালয়তে অৱসৰ গ্ৰহণ কৰে। ১৯৯৪ চনৰ পৰা ২০০২ চনলৈ এক সুদীৰ্ঘকাল নিখিল ৰাভা সাহিত্য সভাৰ সন্মানীয় সভাপতিৰ পদ অলংকৃত কৰিছিল।

মৃত্যুৰ আগমুহুৰ্তলৈকে ৰাভা ভাষা সাহিত্যলৈ নিৰৱচ্ছিন্ন সেৱা আগবঢ়াই অহা জগত কামাই অসম সাহিত্য সভাৰ পৰা লাভ কৰিছিল সাহিত্যিক বঁটা। লিখিমী ৰণতক, অক্ষয় সমিধান, জংছা নাবেং, আৰু ৰংচিকা (কবিতা পুঠি) নামৰ গ্ৰন্থকেইখনে প্ৰকাশিত ৰূপ পোৱাৰ বিপৰীতে আঠখন গ্ৰন্থ অপ্ৰকাশিত ৰূপতে থাকি গ’ল। ‘ৰাছান’ (ৰাভা অসমীয়া) নামৰ মাহেকীয়া পত্ৰিকাখন মৃত্যুৰ সময়লৈকে তেখেতে সম্পাদনা কৰিছিল।

ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা, নিখিল ৰাভা ছাত্ৰ সন্থা, নিখিল ৰাভা মহিলা পৰিষদ, ষষ্ঠ অনুসূচী দাবী সমিতি, নিখিল ৰাভা জাতীয় পৰিষদ, সদৌ ৰাভা কৃষ্টি সন্মিলনী, পৰ্বতঝোৰা জিলা ৰাভা ছাত্ৰ সন্থা, দেবীতোলা ভি চি ডি চি, বেবাক ৰাভা ক্ৰৌৰ ৰুঞ্চুমৰ কোকৰাঝাৰ জিলা সমিতিয়ে, কোকৰাঝাৰ জিলা ৰাভা ছাত্ৰ সন্থা, ৰাভা মহিলা জাতীয় পৰিষদৰ লগতে বিভিন্ন দল–সংগঠনে সদ্য প্ৰয়াত সাধকগৰাকীলৈ গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গৰ বাসগৃহলৈ গৈ সমবেদনা জ্ঞাপন কৰে।

নিখিল ৰাভা সাহিত্য সভাৰ সম্পাদক ৰাজ কুমাৰ ৰাভাই জগত কামাৰ বিয়োগত ৰাভা ভাষা সাহিত্যৰ এক অপূৰণীয় ক্ষতি হোৱাৰ লগতে ৰাভা ভাষা সাহিত্যৰ এজন একনিষ্ঠ কৰ্মীক হেৰুওৱা বুলি শোক প্ৰকাশ কৰে।

 

শিৰোনামৰ ছবিঃ গুগল ইমেজ  

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward