Friday, April 19, 2024
Homeবাতৰিবগীবিল দলং মুকলি হ’ব ২০১৮ চনত

বগীবিল দলং মুকলি হ’ব ২০১৮ চনত

প্ৰকাশিত তাৰিখঃ ১৩ নৱেম্বৰ’ ২০১৭

চানডুবি নিউজ ডেক্স –

ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মীয়মান অৱস্থাত থকা বগীবিল দলং ২০১৮ চনৰ জুলাই মাহত সম্পূৰ্ণ হৈ উঠিব বুলি এক সূত্ৰে জানিব পৰা গৈছে। ৪.৯৪ কিঃ মিঃ দৈৰ্ঘ্যৰ ডিব্ৰুগড়–ধেমাজী জিলাক সংযোগ কৰা এই সেঁতুখন দেশৰ ভিতৰতে দীৰ্ঘতম ৰে’ল আৰু পথ দলং হিচাপে খ্যাতি লভিছে।

উল্লেখনীয় যে ১৯৯৭ চনৰ ২২ জানুৱাৰীত দেশৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী এইচ ডি দেৱেগৌড়াই ১,৭৬৭ কোটি টকা ব্যয় সাপেক্ষ দলংখনৰ আধাৰশিলা স্থাপন কৰিছিল। দলংখনৰ নিৰ্মাণকাৰ্যই চলিত বৰ্ষৰ ২১ এপ্ৰিলত ১৫ বছৰ অতিক্ৰম কৰিলে। ৰাষ্ট্ৰীয় প্ৰকল্প ৰূপে ঘোষণা কৰি ৫০০০ কোটিলৈ খৰচৰ পৰিমাণ বৃদ্ধি কৰা উক্ত দলংখনৰ নিৰ্মাণকাৰ্য অতি লেহেমীয়া আছিল।

৪১টা খুঁটা সংযুক্ত দলংখনৰ ৩৮টাৰ কাম ইতিমধ্যে সম্পূৰ্ণ হোৱাৰ লগতে বাকী তিনিটা ডিচেম্বৰ মাহত সম্পূৰ্ণ হ’ব বুলি উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ এক সূত্ৰত প্ৰকাশ পোৱা বুলি জানিব পৰা গৈছে। দুইখলপীয়া দলংখনৰ ওপৰ খলপত তিনিলেনযুক্ত পথ আৰু তলৰ খলপত দুইলেনযুক্ত ৰে’লপথ থাকিব। তিনিলেনযুক্ত পথটোৰ নিৰ্মাণ কাৰ্য ২০১৮ চনৰ এপ্ৰিল মাহত সম্পূৰ্ণ হ’ব। ইতিমধ্যে ৰে’লৱে লাইন নিৰ্মাণৰ কামো আৰম্ভ হৈছে। বৰষুণৰ বাবে কামৰ অগ্ৰগতি মন্থৰ হৈছিল যদিও বৰ্তমান ক্ষীপ্ৰ গতিৰে কাম–কাজ সমূহ চলি আছে।

বগীবিল দলঙে ভাৰতীয় ৰে’লৱেৰ সম্পূৰ্ণ তীখাৰে নিৰ্মান কৰা দেশৰ প্ৰথমখন দলং। দলংখনৰ নক্সা ডেনমাৰ্কৰ ৰামবল আৰু ভাৰতৰ ৰাইটছ (ৰেইল ইণ্ডিয়া টেকনিকেল এণ্ড ইক’নমিক চাৰ্ভিছ লিমিটেড)য়ে যুটীয়াভাৱে তৈয়াৰ কৰিছিল।

দেশৰ অন্যতম গুৰুত্বপূৰ্ণ বুলি পৰিগণিত হৈছে এই বগীবিল দলংখন। দলংখন নিৰ্মাণৰ ফলত অসম–অৰুণাচলৰ মাজত যাতায়তী ব্যৱস্থা অধিক সূচল হৈ উঠিব। আন্তঃৰাষ্ট্ৰীয় সীমা সুৰক্ষাৰ ক্ষেত্ৰতো এই দলংখনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। য’ত ভাৰতীয় সেনাৰ যাতায়তৰ বাবে সূচল হ’ব

 

শিৰোনামৰ ছবিঃ গুগল ইমেজ  

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward