Friday, March 29, 2024
Homeবাতৰিব্ৰহ্মপুত্ৰৰ বুকু খনন শ্ল’গানতে সীমাবদ্ধ থাকিব নেকি ?

ব্ৰহ্মপুত্ৰৰ বুকু খনন শ্ল’গানতে সীমাবদ্ধ থাকিব নেকি ?

প্ৰকাশিত তাৰিখঃ ২৭ আগষ্ট, ২০১৮  

চি এন ডেক্স

দক্ষিণ–পূব এছিয়াৰ লগত অসম তথা উত্তৰ–পূৰ্বাঞ্চলে বাণিজ্যিক সম্পৰ্ক গঢ়ি তুলিবলৈ হ’লে ৰাষ্ট্ৰীয় জলপথ উন্নয়নৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিবই লাগিব। এই জলপথ উন্নয়নত গুৰুত্ব আৰোপ কৰি ১৯৮৮ চনত ব্ৰহ্মপুত্ৰক ৰাষ্ট্ৰীয় জলপথৰূপে ঘোষণা কৰিছিল। কিন্তু সেয়া আজিলৈকে ঘোষণাতে সীমাৱদ্ধ হৈ ৰ’ল।

৮৪১ কিলোমিটাৰ দৈৰ্ঘ্য ব্ৰহ্মপুত্ৰৰ বুকু খনন, নদীৰ দুয়োপাৰৰ ১৩০০ কিলোমিটাৰ দৈৰ্ঘ্য এক্সপ্ৰেছ হাইৱে’ আৰু নতুনকৈ সাতখন দলং নিৰ্মাণৰ বাবে চৰকাৰে ঘোষণা কৰিছিল যদিও আজিলৈ কাৰ্যকৰী নকৰিলে। অথচ ব্ৰহ্মপু্ত্ৰক সম্পদৰূপে গঢ়ি তোলা হ’ব বুলি প্ৰতিখন শাসকীয় চৰকাৰে আওৰাই আহিছে।

বিগত ২০১৭ বৰ্ষৰ ৪ এপ্ৰিলত ব্ৰহ্মপুত্ৰ খনন আৰু অন্যান্য উন্নয়নমূলক প্ৰকল্প নিৰ্মাণেৰে নদীখনক সম্পদলৈ উন্নীতকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে এক চুক্তি স্বাক্ষৰিত কৰিছিল। শদিয়াৰ পৰা ধুবুৰীলৈ ব্ৰহ্মপুত্ৰৰে জল পৰিবহণ ব্যৱস্থা সূচলৰূপে গঢ়ি তুলিবলৈ ১২৫০ কোটি টকা ধাৰ্য কৰিব বুলি প্ৰকাশ কৰিছিল কেন্দ্ৰীয় জল আৰু ৰাষ্ট্ৰীয় ঘাইপথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে।

ইপিনে ৰাজ্য চৰকাৰৰ পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়েও ব্ৰহ্মপুত্ৰ খনন কৰিবলৈ ৯৮০ কোটি টকা বিশ্ব বেংকে যোগান ধৰাৰ কথা ঘোষণা কৰিছিল। ৰাজ্য চৰকাৰখনে হাজাৰ হাজাৰ কোটি টকা বিনিয়োগ কৰাৰ কথা কৈ আহিছে যদিও কাৰ্যত ইয়াৰ ফলাফল শূন্য দেখা গৈছে। যোৱা বৰ্ষৰ ছেপ্টেম্বৰ মাহতে ব্ৰহ্মপুত্ৰৰ বুকু খনন কৰাৰ কথা আছিল যদিও এই মুহুৰ্তলৈকে কাম আৰম্ভ কৰা দেখা নাই। বিপৰীতে নদী খননৰ অভিজ্ঞতা লাভ কৰিবলৈ ৰাজ্যৰ আমোলা–অভিযন্তাই বিদেশ ভ্ৰমণেৰে ৰাজকোষৰ ধন কিন্তু খৰচ কৰিয়েই আছে।

আনহাতে, জলসম্পদ বিভাগে ড্ৰেজাৰ ক্ৰয়ৰ বাবে দুবাৰ নিবিদা আহ্বান কৰিছিল যদিও এতিয়ালৈ ড্ৰেজাৰ ক্ৰয় কৰিবলৈ সমৰ্থ নহ’ল। সেয়ে নালাগে আনকি ব্ৰহ্মপুত্ৰ অধ্যয়নৰ বাবে ২০১৬ চনত কেন্দ্ৰই আগবঢ়োৱা ১০০ কোটি টকাৰ পেকেজ এতিয়ালৈ ব্যৱহাৰ কৰিব পৰা নাই। ফিনলেণ্ডৰ কোম্পানী এটাই পি পি পি (পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বীপ) পদ্ধতিত ব্ৰহ্মপুত্ৰ খনন, শোভাবৰ্ধনকে আদিকৰি আন্তঃগাঁথনি নিৰ্মাণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক যি প্ৰস্তাৱ দিছিল দিল্লী–দিছপুৰৰ অৱহেলাত সেয়াও কোনো অগ্ৰগতি লাভ কৰা নাই। মাজুলিৰ বান–গৰাখহনীয়া সুৰক্ষাৰ বাবে আবণ্টন দিয়া এন এল চি পি আৰ আঁচনিৰ ২২৫ কোটি টকাৰ ব্যৱহাৰিক ৰ’ড মেপ তৈয়াৰ কৰিবলৈ ৰাজ্য চৰকাৰে এই পৰ্যন্ত সক্ষম হোৱা নাই বুলিও অভিযোগ উত্থাপিত হৈছে। ৰজাঘৰীয়াৰ উন্নয়নৰ ঘোষণাবোৰ এক আস্ফালনত পৰিণত হ’ব নেকি ? এতিয়া ৰাইজৰ মাজত সন্দেহ উপজিছে।  

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward