Wednesday, April 24, 2024
Homeবাতৰিধ্বংসৰ গৰাহত ষাঠিটা বৰ্ষ অতিক্ৰম কৰা অসম ৰাজ্যিক চিৰিয়াখানা

ধ্বংসৰ গৰাহত ষাঠিটা বৰ্ষ অতিক্ৰম কৰা অসম ৰাজ্যিক চিৰিয়াখানা

প্ৰকাশিত তাৰিখঃ ৩ ছেপ্টেম্বৰ, ২০১৮

চি এন ডেক্স

ষাঠিটা বৰ্ষ অতিক্ৰম কৰা অসম ৰাজ্যিক চিৰিয়াখানা বৰ্তমান ধ্বংসৰ পথত। ১৯৫৮ চনত স্থাপন হোৱা অসম ৰাজ্যিক চিৰিয়াখানাত বিভাগীয় এটা শক্তিৰ কুটীল চক্ৰত ক্ৰমান্বয়ে ধ্বংসৰ দিশে গতি কৰিছে।

যোৱা ২৮ আগষ্টত চিৰিয়াখানাৰ সমীপত অৱস্থিত চিৰিয়াখানা সুৰক্ষা মঞ্চই এই বিষয় সন্দৰ্ভত এখনি সংবাদমেলৰ আয়োজন কৰে। উক্ত সংবাদমেলত অংশগ্ৰহণ কৰি জ্যেষ্ঠ সাংবাদিক অদীপ ফুকনে খোদ চিৰিয়াখানাৰ দায়িত্বত থকা ডি এফ অ’ টেজচ মৰিস্বামীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে। তেখেতে অভিযোগ কৰে যে, দীৰ্ঘদিনৰ পৰা চিৰিয়াখানাত লুণ্ঠন প্ৰক্ৰিয়া চলি থকাত জীৱ–জন্তু, চৰাই–চিৰিকটিৰ মৃত্যুৰ হাৰ বাঢ়ি গৈছে। এই লুণ্ঠনৰ বিৰুদ্ধে ৰাজহুৱা অভিযোগ দিয়াৰ পিচতো চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। সেয়ে উক্ত কেলেংকাৰীৰ বিৰুদ্ধে তেখেতে সৰৱ হৈ পৰিছে।

কেলেংকাৰীৰ চূড়ান্ত পৰ্যায় পোৱাৰ পিচত মুখ্যমন্ত্ৰীয়ে নিজে আহি চিৰিয়াখানাত উপস্থিত হোৱাৰ লগতে তাত চলি থকা লুণ্ঠনৰ কথা নিশ্চিত কৰে।

২০১৭ চনৰ ১ ছেপ্টেম্বৰত চিৰিয়াখানা কৰ্তৃপক্ষই চিৰিয়াখানা সুৰক্ষা মঞ্চক এক আৰ টি আই যোগে দিয়া তথ্য অনুসৰি ১১৮ টা প্ৰজাতিৰ ১২২৩টা জীৱ–জন্তু থকাৰ কথা প্ৰকাশ কৰে। যদিও ইণ্টাৰনেটত উপলব্ধ তথ্য অনুসৰি ১১৮ টা প্ৰজাতিৰ পৰিৱৰ্তে ১১৪ টা প্ৰজাতি আৰু ১২২৩ টা জীৱ–জন্তুৰ পৰিৱৰ্তে ৮৯৫ টা জীৱ–জন্তুহে থকাৰ কথা উল্লেখ কৰে। ইমান সংখ্যক জীৱ–জন্তুৰ হাৰ কমিল কেনেকৈ হ’ল ?

চিৰিয়াখানাৰ জীৱ–জন্তু আৰু চৰাই–চিৰিকটিক প্ৰায়ে লেতেৰা খোৱাপানী আৰু কমকৈ খাদ্য যোগান ধৰা বুলি উত্থাপিত হোৱা অভিযোগ বহুদিনীয়া। কমকৈ খাদ্য আৰু লেতেৰা পানী খোৱাৰ ফলত বহু প্ৰাণীৰ মৃত্যু ঘটা বুলি অভিযোগ উত্থাপন হৈছে।

কেনাইন ডিচটেম্পাৰ নামৰ ভাইৰাছ বিধ সংক্ৰমণৰ ফলত চিৰিয়াখানাৰ বহু জীৱ–জন্তুৰ মৃত্যু হোৱা বুলি কৰ্তৃপক্ষৰ এক সূত্ৰত প্ৰকাশ কৰে। তেনেহ’লে বাহিৰৰ পৰা অনা জীৱ–জন্তু বিলাকক পৰীক্ষা অবিহনে চিৰিয়াখানালৈ অনা হ’ল নেকি ? কেনাইন ডিচটেম্পাৰ ভাইৰাছ সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ তদন্ত আৰম্ভ কৰি ইয়াৰ লগত জড়িত থকা ব্যক্তিসকলক উচিত শাস্তিৰ পদক্ষেপ চৰকাৰে গ্ৰহণ কৰক।

আচলতে চৰকাৰে চিৰিয়াখানাৰ জীৱ–জন্তু, চৰাই–চিৰিকটি ধ্বংস কৰি সেই ঠাইত বাণিজ্যিক ক্ষেত্ৰ গঢ়ি তোলাৰ কিবা ষড়যন্ত্ৰ কৰিছে নেকি ? কিয়নো ৰাইজৰ বহু প্ৰতিবাদৰ পিচতো খানাপাৰাৰ কৃষি বিশ্ববিদ্যালয়ৰ চৌহদত ফাইভ ষ্টাৰ হোটেল এখন নিৰ্মাণ কৰিবলৈ মাটি প্ৰদান কৰা হ’ল। ঠিক তেনেদৰে চিৰিয়াখানাৰ ১৭৫ হেক্টৰ মাটিত ব্যৱসায়িক ক্ষেত্ৰ নিৰ্মাণৰ বাবে কোনো ব্যক্তিগত খণ্ডক গতাই দিয়াৰ ষড়যন্ত্ৰ কৰা বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward