Friday, April 26, 2024
Homeবাতৰিৰাজ্যৰ চৰকাৰী শিক্ষানুষ্ঠান শ্মশান যাত্ৰাৰ দিশে গতি কৰিছে নেকি ?

ৰাজ্যৰ চৰকাৰী শিক্ষানুষ্ঠান শ্মশান যাত্ৰাৰ দিশে গতি কৰিছে নেকি ?

প্ৰকাশিত তাৰিখঃ ৩ ছেপ্টেম্বৰ, ২০১৮

চি এন ডেক্স

ৰাজ্যৰ চৰকাৰী শিক্ষানুষ্ঠান শ্মশান যাত্ৰাৰ দিশে গতি নেকি ? চৰকাৰে শিক্ষাৰ উন্নয়নৰ ক্ষেত্ৰত যিমানে ঢাক–ঢোল নবজাওক কিয় অভিভাৱকসকলে কিন্তু তেনেবোৰ শিক্ষানুষ্ঠানত ছাত্ৰ–ছাত্ৰীক নামভৰ্তি কৰিবলৈ অনীহা প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। শিক্ষা উন্নয়নৰ ইমানবোৰ আঁচনি গ্ৰহণ কৰাৰ পিচতো কিয় ব্যক্তিগত শিক্ষানুষ্ঠান সমূহৰ সৈতে ফেৰ মাৰিবলৈ সক্ষম হোৱা নাই।

উল্লেখযোগ্য যে সমগ্ৰ ৰাজ্যখনত চৰকাৰীখণ্ডৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্রাথমিক বিদ্যালয়ৰ সংখ্যা প্রায় ৪৮ হাজাৰখন। বিপৰীতে প্ৰায় ৫ হাজাৰখন ব্যক্তিগত খণ্ডৰ বিদ্যালয় আছে। ৰাজ্যৰ ৫৭১খন চৰকাৰী শিক্ষানুষ্ঠানত শিক্ষাৰ্থীৰ নামভৰ্তিৰ সংখ্যা শূন্য বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। ছাত্ৰ–ছাত্ৰীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি অভিভাৱকসকলে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত নামভৰ্তিৰ বাবেহে বেছি আগ্ৰহী হৈ পৰা বুলি ৰাজ্যৰ শিক্ষা বিভাগে সদৰি কৰা বুলি এক সূত্ৰত প্ৰকাশ।

বিগত শিক্ষাবৰ্ষত ৰাজ্যৰ প্ৰায় ৬হাজাৰ শিক্ষানুষ্ঠানৰ প্ৰতিখনত সৰ্বাধিক ১৫জন শিক্ষাৰ্থী আছিল। ৪৭৬খন নিম্ন প্ৰাথমিক বিদ্যালয় আৰু ৯৫খন উচ্চ প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি নকৰিলে কোনো এজন শিক্ষাৰ্থীয়ে। তদুপৰি নিম্ন প্ৰাথমিক স্তৰত বছৰি ১০.০৮ %, উচ্চ প্ৰাথমিক স্তৰত ৮.৫৭%  আৰু উচ্চ মাধ্যমিক পৰ্যায়ত ১৪.৯০% ছাত্ৰ–ছাত্ৰীয়ে আধাতে বিদ্যালয় এৰিছে। ৰাজ্যৰ ১৪খন জিলাত ৬%তকৈ অধিক ছাত্ৰ–ছাত্ৰীয়ে বিদ্যালয় এৰিছে। বিগত শিক্ষাবৰ্ষত ৰাজ্যত ৮০,১৭৫জন শিশুৱে আধাতে শিক্ষা সমাপ্ত কৰিছে বুলি ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰক দাখিল কৰা এক প্ৰতিবেদনত প্ৰকাশ পাইছে। 

চৰকাৰী শিক্ষানুষ্ঠান সমূহত ছাত্ৰ–ছাত্ৰীৰ নামভৰ্তি নোহোৱাৰ বাবে একত্ৰীকৰণৰ দৰে পদক্ষেপ গ্ৰহণ কৰিছে। অৱশ্যে ছাত্ৰ–ছাত্ৰীৰ নামভৰ্তি নোহোৱা এনে শিক্ষানুষ্ঠানৰ অধিকাংশই উজনি অসমৰ। কিন্তু চৰ–চাপৰি অঞ্চলৰ অধিকাংশ শিক্ষানুষ্ঠানত ছাত্ৰ–ছাত্ৰীৰ ভিৰ হিচাপকৈ অধিক বুলি প্ৰকাশ পাইছে।

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward