Friday, March 29, 2024
Homeবাতৰিবৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ডৰ গ্ৰাসত দীপৰ বিল

বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ডৰ গ্ৰাসত দীপৰ বিল

প্ৰকাশিত তাৰিখঃ ২৫ ফেব্ৰুৱাৰী, ২০১৯

 

চি এন ডেক্স

সমগ্ৰ গুৱাহাটীৰ জাৱৰ–জোথৰ পেলোৱা ডাষ্টবিন হ’ল দীপৰ বিল। বৰাগাঁৱত থকা ডাম্পিং গ্ৰাউণ্ডৰ আৱৰ্জনাৰ পৰা নিৰ্গত হোৱা বিষাক্ত পদাৰ্থই দীপৰ বিলৰ পানী ভয়াবহভাৱে প্ৰদূষিত কৰি তুলিছে। তদুপৰি মহানগৰীৰ ভিন ভিন এলেকাৰ পৰা অহা নলা–নৰ্দমাইয়ো বিলৰ পানী বিষাক্ত হোৱাৰ ক্ষেত্ৰত অধিকমাত্ৰা প্ৰদান কৰিছে। বিলৰ পানী এতিয়া মাছ, চৰাই–চিৰিকটি বিচৰণৰ বাবে অনুপযুক্ত হৈ পৰিছে। বহুক্ষেত্ৰত বিলখনৰ মাছ আৰু চৰাই–চিৰিকটিৰ মৃত্যু হোৱাও দেখা গৈছে।

এই সন্দৰ্ভত যোৱা বৃহস্পতিবাৰৰ বিধানসভা অধিবেশনৰ প্ৰশ্নোত্তৰ শিতানত পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই দুখীয়া মৎস্যজীৱী সকলৰ আৰ্থিক উন্নয়নৰ বাবে কিবা আঁচনি গ্ৰহণ কৰিছে নেকি বুলি  প্ৰশ্ন সুধিছিল। ৰাজ্যৰ মীন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই মন্তব্য কৰে এইদৰে– মই দীপৰ বিল ঘুৰি দেখিছো যে বিলখনৰ পানী এতিয়া বিষাক্ত হৈ পৰিছে। দীপৰ বিলৰ মাছ বুলি এসময়ত যি সুনাম আছিল সেয়া আজি নাই। এতিয়া দীপৰ বিলৰ মাছ খাবলৈ ভয় কৰে। কাৰণ বিষাক্ত পানীত থকা মাছ খালে বেমাৰ হৈ মানুহ মৰিব। মীন আইন অনুসৰি জুন, জুলাই, আগষ্ট মাহত দীপৰ বিলত মাছ মৰা কাৰ্য বন্ধ থাকে। সেই সময়ছোৱাত মাছমৰীয়া পৰিয়ালসকলক এককালীন আৰ্থিক অনুদান দিয়াৰ বাবে এক আঁচনি গ্ৰহণ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে সদনত ব্যক্ত কৰে।

ইফালে, বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ড তৎকালে স্থানান্তৰৰ ব্যৱস্থা নকৰিলে আদালতৰ আশ্ৰয় লোৱা হ’ব বুলিও বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই সদনত ব্যক্ত কৰে।

 

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Photo Courtesy: Chandubi News

 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward