Friday, April 26, 2024
Homeবাতৰিএদল আন্তঃৰাষ্ট্ৰীয় কৃষি বিজ্ঞানীৰ কলিয়াবৰৰ আলুখেতি পৰিদৰ্শন 

এদল আন্তঃৰাষ্ট্ৰীয় কৃষি বিজ্ঞানীৰ কলিয়াবৰৰ আলুখেতি পৰিদৰ্শন 

প্ৰকাশিত তাৰিখঃ ২৫ ফেব্ৰুৱাৰী, ২০১৯

 

চি এন ডেক্স

আলুখেতিৰ বাবে জনাজাত হ’ল কলিয়াবৰৰ মাধতাৰী অঞ্চল। উক্ত অঞ্চলৰ তোষেশ্বৰ বৰা, দিনৰাম বৰা, প্ৰদীপ শইকীয়া, প্ৰদীপ শৰ্মাকে ধৰি বহুকেইগৰাকী ব্যক্তিয়ে পৰম্পৰাগত পদ্ধতিৰ বিপৰীতে ‘প্ৰকাশ জিৰ’টিলেজ’ নামৰ নতুন পদ্ধতি প্ৰয়োগ কৰি আলুখেতিত লাভবান হৈছে। এই পদ্ধতিত উৎপাদন বৃদ্ধিয়ে কৃষক সমাজলৈ আশাৰ ৰেঙনি কঢ়িয়াই আনিছে।

এই পদ্ধতিয়ে সমাদৃত লাভ কৰিছে আন্তঃৰাষ্ট্ৰীয় মহলত। সেয়ে আলুখেতিৰ মূ্ল্যায়নৰ বাবে কলিয়াবৰৰ মাধতাৰী অঞ্চলত উপস্থিত হয় আন্তঃৰাষ্ট্ৰীয় আলু কেন্দ্ৰ (International Potato Centre)ৰ বাৰ জনীয়া দল এটি। উক্ত দলটোৱে চাৰিগৰাকী কৃষকৰ কৃষি পদ্ধতিৰ জৰীপৰ লগতে তেওঁলোকৰ লগত ভাৱবিনিময় কৰে।

উল্লেখযোগ্য যে, অসম চৰকাৰৰ কৃষি বিভাগে ‘অসম বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ চমুকৈ (এপাৰ্ট) আঁচনি’ৰ জৰিয়তে ‘প্ৰকাশ জিৰ’টিলেজ’ পদ্ধতি প্ৰয়োগ কৰিছে। পৰীক্ষামূলক বাবে কুফ্ৰি জ্যোতি আৰু কুফ্ৰি পুখৰাজ নামৰ দুবিধ আলুৰ বীজ কৃষক কেইগৰাকীক যোগান ধৰিছিল।

এই পদ্ধতিত হাল বাব নালাগে। খৰচ আৰু পৰিশ্ৰম দুয়োফালৰ পৰাই সামান্য। নৰাৰ ওপৰত ভিত্তি কৰিয়েই এই খেতি কৰিব পাৰি। ধান দাই নিয়াৰ পিচত নৰাবোৰ কাটিব লাগে। মূল পথাৰখনৰ নিৰ্দিষ্ট দূৰত্বৰ অন্তৰে অন্তৰে আলুৰ বীজ ছটিয়াই তাৰ ওপৰত ৬ ইঞ্চি ডাঠকৈ নৰা জাপিলেই হয়। ৯০ দিনৰ মূৰত আলুখেতি চপাব পাৰি। য’ত প্ৰতিজোপা গছত ১ কিলোৰ ওপৰ আলু উৎপাদন হোৱা বুলি খেতিয়কসকলে ব্যক্ত কৰে।

আন্তঃৰাষ্ট্ৰীয় আলু কেন্দ্ৰৰ হৈ ইউ এছ এ, চীন, ফিনলেণ্ড, জৰ্জিয়া, পেৰু, কেনিয়া, বাংলাদেশ আদি দেশৰ পৰা অহা প্ৰতিনিধিসকলে কৃষক কেইগৰাকীৰ কৃষি পদ্ধতিক উচ্চ প্ৰশংসা কৰে।

বিদেশী বৈজ্ঞানীক দলটিৰ সৈতে সহযোগ আগবঢ়ায় নগাঁও জিলা কৃষি বিষয়া, কলিয়াবৰ মহকুমা কৃষি বিষয়া আৰু স্থানীয় কৃষি উন্নয়ন বিষয়াই। আৰম্ভণিৰ পৰাই আলুখেতি প্ৰকল্পৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল ভাৰতৰ ব্ৰিজেশ কুমাৰ আৰু জাৰ্মানীৰ চফীয়া বৌথে।   

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

Photo Courtesy: Google Images

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward