Friday, April 19, 2024
Homeবাতৰিম’পিন উৎসৱ অৰুণাচল ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদ্‌যাপন

ম’পিন উৎসৱ অৰুণাচল ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদ্‌যাপন

প্ৰকাশিত তাৰিখঃ ১৫ এপ্ৰিল, ২০১৭

চানডুবি নিউজ ব্যুৰ’–

গাল’ অৰুণাচল প্ৰদেশৰ অন্যতম প্ৰধান জনজাতি। কৃষি প্ৰধান এই জনজাতিসকলৰ মূল উপাস্য দেৱী ম’পিন আনে। পৰম্পৰাগত ৰীতি–নীতিৰে গাল’ জনজাতিসকলৰ প্ৰধান উৎসৱ ম’পিন ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত উলহ মালহেৰে পালন কৰে।

অৰুণাচলৰ ৰাজধানী চহৰ ইটানগৰ লগতে নাহৰলগুন, পাছিঘাট, তেজু, ৰয়িং আদি বিভিন্ন ঠাইত ৰাজহুৱাভাৱে ম’পিন উৎসৱ পালন কৰা হয়। ৰাজধানী চহৰ ইটানগৰৰ ম’পিন খেলপথাৰত পৰম্পৰাগত ৰীতি–নীতি অনুসৰি মূল পূজাৰীয়ে মন্ত্ৰ পাঠ কৰি ম’পিন উৎসৱ শুভাৰম্ভণি কৰে। ধন আৰু প্ৰতিপত্তি লাভ, সকলোৱে শান্তি–সম্প্ৰীতি বৰ্তাই ৰাখি জীৱন নিৰ্বাহ কৰা আদি কামনাৰে উপাস্য দেৱী ম’পিন আনেক প্ৰাৰ্থনা জনোৱা হয়।

উৎসৱ উপলক্ষে ৰং–ৰহইচ কৰাৰ লগতে উৎসৱৰ সতে সংগতি ৰাখি বিভিন্ন প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। ম’পিন খেলপথাৰৰ চাৰিওফালে নিৰ্মাণ কৰা ষ্টলসমূহত পৰম্পৰাগত আৰু আধুনিক দুইধৰণৰ খাদ্য আৰু সাজসজ্জাৰে সজ্জিত কৰি তোলা হৈছিল। যি সকলোৰে বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward