Wednesday, April 24, 2024
Homeবাতৰিঅসমৰ লোক হেনো দেশৰ ভিতৰতে অধিক সজাগঃ প্ৰধানমন্ত্ৰী

অসমৰ লোক হেনো দেশৰ ভিতৰতে অধিক সজাগঃ প্ৰধানমন্ত্ৰী

প্ৰকাশিত তাৰিখঃ ১৫ এপ্ৰিল, ২০১৭

চানডুবি নিউজ ব্যুৰ’–

অল ইণ্ডিয়া ৰেডিঅ’ অডিয়েন্ছ ৰিচাৰ্ছ শাখাই ৬০০ লোকেৰে গঠিত এটি দলে দেশখনৰ ৩০খন ৰাজ্যৰ ৬০০০ লোকৰ মাজত ‘মন কি বাত’ অনুষ্ঠান সম্পৰ্কত সমগ্ৰ দেশখনত এক সমীক্ষা চলাইছিল। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰীৰ এই অনুষ্ঠানটো বিহাৰ, মধ্যপ্ৰদেশ আৰু গুজৰাটৰ শ্ৰোতাই সৰ্বাধিক শুনে। কিন্তু অধিক সজাগ হ’ল অসম, মণিপুৰ আৰু ৰাজস্থানৰ শ্ৰোতাহে। অৰুণাচলৰ শ্ৰোতা দেশৰ ভিতৰতে কম সজাগ বুলি সমীক্ষাটোত প্ৰকাশ পাইছে।

অনুষ্ঠানটোৰ শ্ৰোতাসকলে পিতৃ–মাতৃক সন্মান প্ৰদৰ্শন কৰা, কৃষকলৈ আগবঢ়োৱা ৰাজসাহাৰ্য, সামাজিক অসমতা, ব্যক্তিগত শিক্ষাৰ মাছুল, প্ৰদূষণ আদিৰ বিষয়ে ‘মন কি বাত’ৰ জৰিয়তে নিজৰ মত প্ৰকাশ কৰাটো বিছাৰে বুলি– সমীক্ষাটোত প্ৰকাশ কৰিছে। ‘মন কি বাত’ৰ ইতিমধ্যে প্ৰচাৰিত ‘বেটি কে সাথ ছেলফি’ আৰু পৰীক্ষাত অধিক নম্বৰ লাভৰ বাবে পুত্র–কন্যাক হেঁচা নিদিয়া সম্পৰ্কত খণ্ড দুটাই সৰ্বাধিক জনপ্ৰিয়তা লাভ কৰা বুলি প্ৰকাশ। প্ৰতি দহজনৰ ভিতৰত দুজনেই ‘মন কি বাত’ৰ অনুষ্ঠান শুনা বুলি প্ৰকাশ পায়।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward