Friday, March 29, 2024
Homeবাতৰিযাতায়তৰ বাবে মুকলি কৰিছে শ্বিলং–তুৰা পথ

যাতায়তৰ বাবে মুকলি কৰিছে শ্বিলং–তুৰা পথ

প্ৰকাশিত তাৰিখঃ ১৫ এপ্ৰিল, ২০১৭

চানডুবি নিউজ ব্যুৰ’–

শ্বিলং–তুৰা নৱ নিৰ্মিত পথটো মেঘালয় চৰকাৰে জনসাধাৰণৰ যাতায়তৰ বাবে মুকলি কৰি দিছে। এতিয়া শ্বিলং–তুৰা পথেৰে প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি ভ্ৰমণ কৰিবলৈ অধিক সুবিধা হ’ব। যিহেতু পূব খাচি পাহাৰ আৰু গাৰো পাহাৰৰ মাজত পোনপোটীয়া পথ যোগাযোগৰ ব্যৱস্থা সূচল হৈ পৰিল গতিকে পৰ্যটকসকলৰ চিন্তা কিহৰ!

উল্লেখযোগ্য যে, আজি কিছুদিন আগলৈকে যাত্ৰীসকলে তুৰাৰ পৰা শ্বিলং যাবলৈ অথবা শ্বিলঙৰ পৰা তুৰা যাবলৈ গুৱাহাটী হৈ যাব লাগিছিল। কিন্তু এতিয়াৰ পৰা গুৱাহাটী অতিক্ৰমি তুৰা বা শ্বিলং যাব নালাগে। ২৬৪.৩০ কিলোমিটাৰ দৈৰ্ঘৰ্যৰ শ্বিলং–তুৰা পথছোৱা অতিক্ৰম কৰাৰ সময়ত খাচি পাহাৰৰ আপাৰ শ্বিলং, চহিয়ং, মাইৰাং, কাঞ্চি, নংষ্টইন, চালাং আৰু গাৰোপাহাৰৰ ৰংজেন, ছংচাক, ৰংগ্ৰাম আদি ঠাই অতিক্ৰমি তুৰা নগৰত উপনীত হ’ব পাৰিব। সুদীৰ্ঘ পথছোৱা অতিক্ৰম কৰোতে ৮–৯ ঘণ্টা সময়ৰ প্ৰয়োজন। যাত্ৰাপথত বিভিন্ন ঠাইত ফল–মূলৰ বাগান, সৰু–বৰ নদী–নিজৰা, জলপ্ৰপাত, সংৰক্ষিত বনাঞ্চল আদি দেখা যায়।

শ্বিলং–তুৰা পথৰ পশ্চিম খাচি পাহাৰ জিলাৰ নংষ্টইন (Nongstoin)ৰ পৰা ফালৰি কাটি অসমৰ হাহিম নামৰ ঠাইখনত উপস্থিত হ’ব পৰা পথো আছো।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward