Thursday, May 2, 2024
HomeNEWSনৱজ্যোতি সংঘ আৰু পুথিভঁৰাল গৃহৰ শুভ উদ্ধোধন

নৱজ্যোতি সংঘ আৰু পুথিভঁৰাল গৃহৰ শুভ উদ্ধোধন

প্ৰকাশিত তাৰিখঃ ১২ আগষ্ট, ২০২৩

চানডুবি নিউজ ৰিপ’ৰ্ট–

আজি বৰপেটা জিলাৰ কপোহা গাঁৱত নৱজ্যোতি সংঘ আৰু পুথিভৰালৰ শুভ উদ্ধোধন কৰা হয়।পুথিভঁৰালখন উদ্ধোধন কৰে চৰ-চাপৰি সাহিত্য পৰিষদৰ সভাপতি ডঃ হাফিজ আহমেদে।

সংঘৰ সভাপতি অধ্যাপক মিজানুৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত উদ্ধোধক আহমেদে কয় যে– যুৱচামৰ একাংশৰ মাজত সমাজবিৰোধী কাম-কাজে গা কৰি উঠাৰ প্ৰথম আৰু প্ৰধান কাৰণ হ’ল-অধ্যয়ন বিমুখিতা আৰু শৰীৰ চৰ্চাৰ প্ৰতি অনীহা। তেওঁ অতি সম্প্ৰীতি সমাজখনত গা কৰি উঠা মদ, ভাং, ড্ৰাগছ আদিৰ বিপক্ষে ঐক্যবদ্ধভাবে সংগ্ৰামত লিপ্ত হ’বলৈ যুৱচামক আহ্বান জনায়।অধ্যয়নে কিদৰে শিক্ষা আৰু জ্ঞান লাভত সহায় কৰিছে সেই কথাও তেওঁ উদাহৰণ সহকাৰে বিবৰি কয়।

বৃহত্তৰ মন্দিয়া অঞ্চলৰ গণ্যমান্য ব্যক্তিসকলৰ উপস্থিতিত অনুষ্ঠিত এই সভাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা আশ্ৰাফুল ইচলাম, অধ্যাপক আব্দুছ ছাত্তাৰ আহমেদকে আদি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়েও ভাষণ প্ৰদান কৰে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward