Thursday, May 2, 2024
HomeNEWSছয়গাঁৱৰ বিষ্ণু–জ্যোতি নাট্য গোষ্ঠীৰ শুভ নাট্যাৰম্ভ

ছয়গাঁৱৰ বিষ্ণু–জ্যোতি নাট্য গোষ্ঠীৰ শুভ নাট্যাৰম্ভ

প্ৰকাশিত তাৰিখঃ ১০ আগষ্ট, ২০২৩

চানডুবি নিউজ ৰিপ’ৰ্ট –

বৰ্তমান ভ্ৰাম্যমাণ থিয়েটাৰৰ আখৰাৰ বতৰ। ৰাজ্যৰ বিভিন্ন স্থানত ভ্ৰাম্যমাণ থিয়েটাৰৰ আখৰা পূৰ্ণগতিত চলি থকাৰ সময়তে নামনি অসমৰ আন এক কলা–সংস্কৃতি যাত্ৰা দল সমূহৰো আখৰা আৰম্ভ হৈছে৷ আজি অৰ্থাৎ ১০ আগষ্ট তাৰিখে দক্ষিণ কামৰূপৰ আগশাৰীৰ এটি যাত্ৰা নাট্য দল ছয়গাঁৱৰ বিষ্ণু–জ্যোতি নাট্যগোষ্ঠীৰ অষ্টাদশ বৰ্ষৰ শুভ নাট্যাৰম্ভ অনুষ্ঠিত হয়। পুৱা গীতা পাঠেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰাৰ পিচতে ছয়গাঁৱৰ বিশিষ্ট সমাজকৰ্মী যতীন গোস্বামীয়ে নাৰিকল ভাঙি অষ্টাদশ নাট্যবৰ্ষৰ শুভাৰম্ভ কৰে।

এই বৰ্ষত বিষ্ণু–জ্যোতি নাট্যগোষ্ঠীয়ে তিনিখন নাটকেৰে অন্য এক অভিলেখ সৃষ্টিৰ দিশে অগ্ৰসৰ হৈছে৷ ইয়াৰ ভিতৰত অন্যতম পৌৰাণিক নাট হৈছে ‘মহাসতী অব্জা’। বিপুল দাস সম্পাদিত এই নাটখন উন্মোচন কৰে ছয়গাঁও মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা প্ৰাক্তন অধ্যাপক ড° নগেন কলিতাই। মহেশ কলিতাৰ দ্বাৰা ৰচিত সামাজিক নাট ‘মৰুভূমিত জীৱনৰ গান’ উন্মোচন কৰে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ প্ৰাক্তন নাট বিভাগৰ বিষয়া তথা নাট্যকাৰ; পৰিচালক; অভিনেতা তৰুণ কলিতাই।আনহাতে, যাত্ৰা দলটোৰ প্ৰযোজক তথা সাংবাদিক বিপুল দাস ৰচিত ‘তেজত প্ৰেমৰ বৰষুণ’ নামৰ নাটখন উন্মোচন কৰে পাৰ্ল্লীৰ বুঢ়াগোহাঁই নাট্য পৰিষদৰ এগৰাকী প্ৰাক্তন প্ৰযোজক উপেন কলিতাই৷

যাত্ৰা দলটিৰ নাট পৰিচালনা জোন কুমাৰ দাসৰ। দাসে যাত্ৰা জগতত নাট পৰিচালনাৰে ইতিমধ্যে এক সুকীয়া স্থান অধিকাৰ কৰিছে। দক্ষিণ কামৰূপৰ অন্যতম সংগীত শিল্পী হৰিণ শালৈ আৰু ভাস্কৰ দেৱানে দ্বৈতভাৱে সংগীত পৰিচালনাৰ দায়িত্ব গ্ৰহণ কৰিছে। নৃত্য পৰিচালনা কৰিব প্ৰদীপ দাসে।

আজিৰ নাট শুভাৰম্ভ অনুষ্ঠানত শিল্পী, কলাকুশলী লগতে বিশিষ্ট অতিথি, শুভাকাংক্ষীসকল উপস্থিত থাকে। অহা বিশ্বকৰ্মা পূজাৰ পৰা দলটোৱে নাট্য যাত্ৰা আৰম্ভ কৰিব।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward