Saturday, April 20, 2024
Homeবাতৰিসফল সামৰণি পৰিল টাৱাং ৰাষ্ট্ৰীয় সাংস্কৃতিক মহোৎসৱৰ

সফল সামৰণি পৰিল টাৱাং ৰাষ্ট্ৰীয় সাংস্কৃতিক মহোৎসৱৰ

প্ৰকাশিত তাৰিখঃ ১৫ এপ্ৰিল, ২০১৭

চানডুবি নিউজ ব্যুৰ’–

অৰুণাচল প্ৰদেশৰ টাৱাং চহৰৰ পেৰেড গ্ৰাউণ্ডত ৫তম্ ৰাষ্ট্ৰীয় সাংস্কৃতিক মহোৎসৱৰ শুভাৰম্ভণি কৰা হয়। ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰ্যালয়ে ডিমাপুৰ কেন্দ্ৰৰ সৌজন্যত আৰু অৰুণাচল প্ৰদেশ চৰকাৰৰ সহযোগত যোৱা ২৩–২৫ মাৰ্চত তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে আয়োজন কৰা এই মহোৎসৱৰ সফল সামৰণি পৰে উক্ত পেৰেড গ্ৰাউণ্ডতে।

ড০ ওম প্রকাশ ভাৰতীয়ে সঞ্চালনা কৰা ৰাষ্ট্ৰীয় সাংস্কৃতিক মহোৎসৱৰ সামৰণি অনুষ্ঠানত কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্য গৃহ মন্ত্ৰী কিৰেণ ৰিজিজু’ই বন্তি প্ৰজ্বলন কৰে। অনুষ্ঠানটোৰ উপস্থিতকালত তেখেতে কয় যে– ১৯৬২ চনৰ পৰা আজি কেইবছৰমান আগলৈকে টাৱাঙৰ পৰিচয় নাজানিছিল ভাৰতব্ষৰ অন্যান্য প্ৰান্তৰ জনগণে। কিন্তু প্ৰধান নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰী ড০ মহেশ শৰ্মাৰ প্ৰচেষ্টাত অনুষ্ঠিত হোৱা সাংস্কৃতিক মহোৎসৱে যেন টাৱাঙক কৃতাৰ্থ কৰিলে। জগতত নাম উজ্বলি উঠিল এই টাৱাং চহৰৰ, তাৰবাবে ধন্যবাদ জনাইছো দুয়োগৰাকীলৈ।

আনহাতে সামৰণি অনুষ্ঠানত উপস্থিত থাকি অৰুণাচল প্ৰদেশ চৰকাৰৰ সাংস্কৃতিক মন্ত্রী মহেশ চাই, টাৱাং সমষ্টিৰ বিধায়ক ছিৰিং টাছি, টাৱাং জিলাৰ উপায়ুক্ত চাং ফুংচক আদিয়ে ভাষণ প্রদান কৰে। ৰাজ্যখনৰ বিভিন্ন অঞ্চলৰ ৰাইজ উপস্থিত থকা অনুষ্ঠানটোত ভাৰতৰ বিভিন্ন প্ৰান্তৰ শিল্পীসকলে লোকনৃত্য, লোকগীত আদি পৰিবেশন কৰে।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward