Sunday, May 5, 2024
HomeNEWSৰাণীত ‘স্বাক্ষৰ’ পৰিয়ালৰ গ্ৰীষ্মকালীনপাঠদানৰ সামৰণি অনুষ্ঠান

ৰাণীত ‘স্বাক্ষৰ’ পৰিয়ালৰ গ্ৰীষ্মকালীনপাঠদানৰ সামৰণি অনুষ্ঠান

প্ৰকাশিত তাৰিখঃ ২৩ জুলাই, ২০২৩

চানডুবি নিউজ ৰিপ’ৰ্ট –

গুৱাহাটী মহানগৰীৰ উপকণ্ঠ ৰাণীৰ সামাজিক–সাংস্কৃতিক তথা শৈক্ষিক অনুসন্ধানমূলক গোট স্বাক্ষৰ পৰিয়ালে ৪জুলাইৰ পৰা আৰম্ভ কৰা গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান কাৰ্যসূচীৰ ২১ তাৰিখত সামৰণি পৰে। সামৰণি উপলক্ষে ২২ জুলাইত ৰাণী হাইস্কুলৰ প্ৰেক্ষাগৃহত গীত–মাত, কবিতা আবৃতি আদি বিভিন্ন কাৰ্যসূচীৰে এক সভাৰ আয়োজন কৰা হয়। কাৰ্যসূচী অনুসৰি– স্বাক্ষৰ গোটৰ সভাপতি ভাস্কৰজ্যোতি কলিতাই পৌৰহিত্য কৰা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক ডেভিদ স্বৰ্গীয়াৰীয়ে।

গাম্ভীৰ্যপূৰ্ণ এই অনুষ্ঠানত অঞ্চলটোৰ পৰা কৃতী অৰ্জন কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ২২গৰাকী আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ (বিজ্ঞান, কলা আৰু বাণিজ্য) শাখাৰ ১২গৰাকী শিক্ষাৰ্থীক গামোচা, মানপত্ৰ, কলম, কিতাপ, গছপুলিৰে সম্বৰ্দ্ধনা জনোৱা হয়। আনহাতে, ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সোণ, ৰূপ, ব্ৰঞ্জৰ পদকেৰে অঞ্চলটোলৈ সুনাম কঢ়িয়াই অনা ৩২গৰাকী খেলুৱৈকো এই অনুষ্ঠানতে গামোচা, প্ৰশস্তি–পত্ৰ, গছপুলিৰে সম্বৰ্দ্ধনা জনোৱা হয়।উল্লেখ্য যে– পাঠদান কাৰ্যসূচীৰ সময়ছোৱাত আয়োজন কৰা বিভিন্ন প্ৰতিযোগিতাত স্থানপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলকো এই অনুষ্ঠানতে পুৰস্কাৰ সমূহ প্ৰদান কৰা হয়।

উল্লেখযোগ্য যে, সভাত মুখ্য অতিথিৰূপে উপস্থিত থাকে পলাশবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া হিমাদ্ৰী বৰা, যুৱ প্ৰজন্মৰ জনপ্ৰিয় পৰিচালক, অভিনেতা, কবি, আবৃত্তিকাৰ হিমাংশু প্ৰসাদ দাস, দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক, কবি এডৱাৰ্ড ষ্টেডী এন চাংমাই। সভাত হিমাংশু প্ৰসাদ দাস আৰু  এডৱাৰ্ড ষ্টেডী এন চাংমাই গুৰুত্বপূৰ্ণ ভাষণ ৰাখে। ইপিনে– চক্ৰ বিষয়া হিমাদ্ৰী বৰাই নিজৰ ভাষণ প্ৰসংগত ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি এনেদৰে কয় যে– জীৱনত সফলতা বুটলিবলৈ হ’লে আত্মবিশ্বাস, একাগ্ৰতা, কঠোৰ পৰিশ্ৰমৰ খুবেই প্ৰয়োজন। ইচ্ছা থাকিলে অনগ্ৰসৰ অঞ্চলৰ পৰাই দৰিদ্ৰতা নেওঁচি সফলতা আজুৰি আনিব পাৰি।

সামৰণি অনুষ্ঠানটোত অঞ্চলটোৰ বিশিষ্ট ব্যক্তি, শিক্ষক, ছাত্ৰ-ছাত্ৰী লগতে স্বাক্ষৰ পৰিয়ালৰ সমূহ বিষয়ববীয়া উপস্থিত থাকে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward