Tuesday, April 30, 2024
HomeARTICLEমানুহক মানুহ কৰা সভ্যতা

মানুহক মানুহ কৰা সভ্যতা

প্ৰকাশিত তাৰিখঃ ২৪ জুলাই, ২০২৩

কল্প ৰঞ্জন গগৈ –

১৫ জানুৱাৰী ১৮৯৭ চনৰ দিনা স্বামী বিবেকানন্দই (১৮৬৩–১৯০২) তেওঁৰ ভাষণত কৈছিল– But education has yet to be in the world and civilization– it has began nowhere yet। শিক্ষা পৃথিৱীলৈ আহিবলৈ এতিয়াও বাকী আৰু সভ্যতা– ই ক’তো আৰম্ভ হোৱাই নাই। ঊনৈশ শতিকাৰ পৃথিৱীৰ গতি, বিকাশ আদি সকলো দেখিও কৰা এই মন্তব্য বিশেষভাৱে তাৎপৰ্যপূৰ্ণ। হয়তো বিশ্বৰ চৌদিশে দেখা দিয়া যুদ্ধৰ পৰিৱেশে ত্যাগী ডেকা সন্যাসীজনক মানুহৰ ভৱিষ্যত সম্বন্ধে সন্যাসীজনক মানুহৰ ভৱিষ্যত সম্বন্ধে সন্দিহান কৰি তুলিচিল। কাৰ্ল মাৰ্ক্সে (১৮১৮–১৮৮৩) কৈছিল– বিশ্বৰ শ্ৰমজীৱি জনগণ এক হওক– শিকলিৰ বাদে হেৰুৱাবলৈ একোৱেই নাই– Workers of the world entire you have nothing to lose except your chains। এটা শতিকাৰ পিছত মানৱতাবাদী দাৰ্শনিক বাট্ৰাণ্ট ৰাছেলেও বিশ্বৰ চৰকাৰৰ সপোন দেখিছিল।

সামন্ত যুগৰ আদিম বৰ্বৰ স্বভাৱবোৰ এৰি পেলাবলৈকে বিপ্লৱৰ প্ৰয়োজন আছে বুলিয়েই মাৰ্ক্সে শ্ৰমজীৱি জনগণৰ ঐক্যৰ কথা কৈছিল।

১৯১৩ চনত সকলো হ’কাবধা নেওঁচি বিশ্ব যুদ্ধ আৰম্ভ হ’ল। ১৯১৭ চনত ৰুছ বিপ্লৱে ৰাছিয়াৰ জন্ম দিলে। ১৯২২ চনত ছোভিয়েট মহাসংঘ গঠন হ’ল। ১৯৮৯–১৯৯০ চনত ই ধ্বংস হ’ল। ১৯১৭ চনতে লেনিনে আহ্বান দিয়া শান্তিময় পৃথিৱীৰ বাবে Decree for peace কোনেও নেমানিলে। পুনৰ ২য় মহাযুদ্ধ আৰম্ভ হ’ল (১৯৩৯–১৯৪৫)। ৰাষ্ট্ৰসংঘ গঠন হ’ল– ১৯৪৫ চনত। বিশ্ব–শান্তি মানৱ–অধিকাৰৰ কথা পুনৰ উচ্চাৰিত হ’ল। কিন্তু মানুহৰ বাব সুন্দৰ বাসোপযোগী পৃথিৱী– সুসভ্য পৃথিৱী য’ত সুস্থায়ী উন্নয়ন হ’ব প্ৰধান লক্ষ্য– গঢ়িবলৈ বিশ্বৰ জনগণ ঐক্যৱদ্ধ হ’বলৈ এতিয়াও বাকী।

এই সময়ছোৱাত বিশ্বৰ বহু পৰিৱৰ্তন হ’ল। জ্ঞান–বিজ্ঞানৰ বিকাশ হ’ল। শিক্ষিতৰ হাৰ বাঢ়িল। মানুহে উপভোগ কৰিবলৈ বহুতো নতুন বস্তু আৱিস্কৃত হ’ল। হীৰা, সোণৰ উৎপাদন বাঢ়িল, বিজ্ঞাপন–প্ৰদৰ্শনীৰে ভৰি পৰিল। কিন্তু সকলোতকৈ ডাঙৰ প্ৰয়োজন– এটা সুস্থ জীৱন দৰ্শনৰ অভাৱ পূৰণ নহ’ল। কাৰ্লমাৰ্ক্সে কোৱা– Poverty of Philosophy– দৰ্শনৰ দ্ৰাৰিদ্ৰ্যৰ বৃদ্ধি হৈ গৈ থাকিল।

Philosophers have been defining the world in various ways but the most important thing is to change it। বিশ্বখনক ব্যাখ্যা কৰাৰ লগতে ইয়াৰ পৰিৱৰ্তনো সাধিব লাগিব। উত্তৰণ–বিৱৰ্তনৰ নিয়ম অনুসৰি সমাজ আগবাঢ়িব ঠিকেই কিন্তু মানুহৰ বাবে প্ৰয়োজনীয় বিকাশ? আৰু এই বিকাশৰ বাবেই দ্বন্দ প্ৰয়োজনীয়। দ্বন্দ দুবিধ– বৈৰীমূলক। মানুহ আৰু মানুহৰ শত্ৰুৰ মাজৰ শত্ৰুতামূলক দ্বন্দ– একমাত্ৰ যুদ্ধৰ দ্বাৰাহে ইয়াৰ সমাধান সম্ভৱ আৰু এবিধ হৈছে মানুহৰ মাজৰ দ্বন্দ। ই অবৈৰীমূলক। ব’গা বকাসুৰ ব্ৰিটিছ বেপাৰীয়ে অতি সুচতুৰভাৱে আৰু সুপৰিকল্পিতভাৱে ভাৰতবাসীৰ মাজত বিভাজনৰ মাধ্যমেৰে অবৈৰীমূলক দ্বন্দক বৈৰীমূলক কৰি থৈ গুচি গ’ল। সেই সূত্ৰৰে আজিও দেশ পৰিচালিত। ১৯৪৭ চনৰ পিছৰ ভাৰতবৰ্ষ = ভাৰত + পাকিস্তান + বাংলাদেশ। সুচেতন নাগৰিকসকলে কথাটো টং কৰক।

আজিৰ বিশ্বৰ খেলিমেলিৰ Chaotic conditionৰ পৰা ৰক্ষা পাবলৈ আমি মহান বিজ্ঞানী আইনষ্টাইনৰ ওচৰ চাপিব লাগিব। আইনষ্টাইনৰ মতে– ৰাষ্ট্ৰহে আমাৰ দাস হোৱা উচিত, আমি ৰাষ্ট্ৰৰ দাস নহয়। The State should be out servant and not we its slaves।

সুচেতন, সচেতন নাগৰিকসকলে জনসাধাৰণক বুজাওক যে দেশৰ সকলো বস্তু– প্ৰশাসনৰ পৰা ব্যৱসায়লৈ, আমাৰ আদানীৰ ব্যৱসায়ৰ পৰা চন্দ্ৰযান যাত্ৰালৈ সকলোবোৰ দেশৰ কৰদাতাসকলৰ ধনৰ ওপৰতহে নিৰ্ভৰশীল (Dependant on Taxpayers Money)। আৰু দেশৰ ১৪২ কোটি জনগণ সকলোৱেই (tax payer) কৰদাতা। সেয়ে এই বিশাল জনসংখ্যাক জনসম্পদলৈ ৰূপান্তৰ কৰিবলৈ উপযুক্ত শিক্ষা ব্যৱস্থা গঢ়ি তোলা ৰাষ্ট্ৰৰ কৰ্তব্য আৰু ৰাষ্ট্ৰৰ উপদেষ্টা হ’ব জনগণ নিজেই।

আজিৰ প্ৰধান সমস্যা হৈছে বিশ্বৰ সকলো মানৱীয় সম্পৰ্ক ফালি–চিৰি উৰাই দি পূঁজিবাদ, সাম্ৰাজ্যবাদে তাক কেৱল টকাৰ (Cash) সম্পৰ্কৰূপে গঢ় দি তুলিছে। ঊনৈশ শতিকাৰ কাৰ্ল মাৰ্ক্সৰ তত্বক লেনিনে বিকশাই তুলি সাম্ৰাজ্যবাদৰ স্বৰূপ উদঙাই থৈ গৈছে। বৰ্তমানৰ দুঃসময়ৰ কথা তাহানিতে তুলি থৈ গৈছিল সমাজবাদ–সাম্যবাদৰ কথা কোৱা কাৰ্ল মাৰ্ক্সে। সেয়ে আহি থকা পৃথিৱীৰ বাবে এই দৰ্শন অধিক প্ৰাসঙ্গিক হৈ দেখা দিছে কাৰণ ই হৈছে মানুহক মানুহ মানুহ কৰা দৰ্শন।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward