Saturday, April 20, 2024
HomeARTICLEস্বামীজী, নেতাজী ও আজিৰ মোদীজী

স্বামীজী, নেতাজী ও আজিৰ মোদীজী

আজি অসম তথ ভাৰতবৰ্ষ বিপন্ন– সম্পূৰ্ণভাৱে ভাৰতীয় সমাজ বিষন্ন

প্ৰকাশিত তাৰিখঃ ৯ নৱেম্বৰ, ২০২০

কল্প ৰঞ্জন গগৈ

আজি অসম তথ ভাৰতবৰ্ষ বিপন্ন– সম্পূৰ্ণভাৱে ভাৰতীয় সমাজ বিষন্ন। হিন্দুত্ববাদৰ নাম লৈ ইছলামাতংক। বৰ্বৰ আক্ৰমণ যুক্তিবাদী, মানৱতাবাদী, বৈজ্ঞানিক মানসিকতাৰ মানুহৰ ওপৰত, আক্ৰমণ ইছলাম ধৰ্মৰ লোকসকলকৰ ওপৰত, নাৰী আৰু শূদ্ৰৰ ওপৰত। ঠিক তেনে এক সামৰিক ও সাংস্কৃতিক আক্ৰমণৰ বিৰুদ্ধে সকলো সুন্দৰ মনৰ মানুহে থিয় হ’বলৈ হ’লে ভাৰতবৰ্ষৰ প্ৰকৃত যুৱশক্তিৰ প্ৰতিনিধি স্বামী বিবেকানন্দ ওৰফে নৰেন্দ্ৰনাথ দত্তৰ ওচৰ চাপিব লাগিব। ১৮৯৩ চনত মাত্ৰ ৩০ বছৰ বয়সত উদাত্ত কণ্ঠৰে চিকাগোত স্বামীজীয়ে কৈছিল ‘মই সেই ধৰ্মৰ অনুগামী যি সদায়েই আনৰ মতক সন্মান কৰে, সকলো ধৰ্ম মতক স্বীকাৰ কৰে। আমি সকলো ধৰ্মকেই সত্য বুলি গণ্য কৰো’। ১৮৫৭ চনৰ প্ৰথম স্বাধীনতা যুদ্ধ কৰিছিলো মহান মোগল সম্ৰাট বাহাদুৰ শ্বাহ জাফৰৰ পতাকাৰ তলত ঔপনিবেশিক শাসন ওফৰাবলৈ। আমাৰ ১৯৪৭ৰ স্বাধীনতা চাই যাবলৈ স্বামীজী নেথাকিল, মোহনদাসক জাতিৰ পিতা বুলি কোৱা নেতাজীও নেথাকিল কিন্তু ভৱিষ্যতৰ ভাৰতবৰ্ষ কি হ’ব লাগিব এই দুজনেই দি গ’ল। স্বামীজীৰ মতে ভৱিষ্যতৰ ভাৰতবৰ্ষ হ’ব লাগিব ‘ইছলামৰ দ্বাৰা পৰিচালিত দেহ আৰু বেদান্তৰ দ্বাৰা পৰিচালিত মগজু’– Islamic body and Vedantic Brain। আজিলৈকে জাপানত থকা নেতাজীৰ চিতাভষ্ম নিজৰ দেশলৈ অনাৰ বাবে কোনেও সাহস নকৰিলে। প্ৰথম কাৰণ প্ৰকৃত শিক্ষাৰে ১৯৪৭ৰ পৰা আজি পৰ্যন্ত স্বামীজীয়ে কোৱা মানুহ গঢ়াৰ, দেশ গঢ়াৰ– Man making and Nation Building – শিক্ষাৰে জনগণক শিক্ষিত কৰিব পৰা নগ’ল। শক্তিৰ সাধনা– Muscles of Iron and nerves of steel– গঢ়িব নোৱাৰিলো– মানসিকভাৱে শক্তিৱান আৰু সৎ হ’বই নোৱাৰিলো। আমি বৃটিছৰ পৰা কেৱল ‘ভেদনীতি’ শিকিলো আৰু তাক এতিয়া সম্প্ৰসাৰণ কৰি আছো। স্বামীজীয়ে কৈছিল– প্ৰতিজন মানুহেই মূলতে পৱিত্ৰ– Each soul is potentially divine। শিক্ষা আৰু প্ৰকৃত বিজ্ঞানমনস্ক মানৱতাবাদী ধৰ্মৰ যোগেদি এই শক্তি Potential and perfection বিকশাই তুলিব পাৰি। মানৱ চেতনা মানেই বিদ্ৰোহ– স্থিতাৱস্থাৰ বিৰুদ্ধে– Constant rebellion against nature। সেয়ে তেওঁৰ মতে যুৱশক্তিৰ নেতৃত্বত এই বিদ্ৰোহ হ’ব লাগিব। মহাচীনৰ নিৰ্মাতা মাও জে দং য়ে কৈছিল to rebel to justified– বিদ্ৰোহ নীতিবিৰুদ্ধ নহয়। পুৱাৰ সূৰ্য্য ডেকাশক্তিৰ বাবেই এই পৃথিৱী। আজি আমাৰ দেশ ঐক্যবদ্ধ– ছাত্ৰশক্তিৰ নেতৃত্বত। আজিৰ আন্দোলন ভেদনীতিৰ বিৰুদ্ধে আৰু গণতন্ত্ৰৰ তথা সমাজতন্ত্ৰ প্ৰতিষ্ঠাৰ বাবে। সেয়ে আজি সংবিধানৰ অখণ্ড পাঠ হ’ব লাগিব– আমাৰ পৱিত্ৰ সংবিধানৰ বিষয়ে জ্ঞান আহৰণ কৰি তাৰ সফল প্ৰয়োগ কৰিব লাগিব। সংবিধানৰ মতে ৰাইজৰ মাজত বৈজ্ঞানিক মানসিকতা– Scientific temper– গঢ়িব লাগিব।

পলাশীত Battle of Plassey 1757 চনত ভাৰতবৰ্ষৰ বেলিমাৰ হৈছিল– মানদেশৰ ইয়াণ্ডাবুত অসমৰ বেলিমাৰ– Sunset at Iandaboo 1826 চনত হৈছিল। তাৰ পিছৰ পৰা দেশৰ সাধাৰণ জনতাৰ তেজ শোহা হ’ল আৰু কিছু অৰ্দ্ধশিক্ষিত, অৰ্দ্ধআধুনিক জাতিদ্ৰোহী ফচিল তৈয়াৰ কৰিলে বৃটিছে। ‘The British imperialists sucked the blood of the people producing a few hundred modernized, half educated and denationalized men and nothing else’ স্বামীজীৰ মতে।

যোৱা ১২ জানুৱাৰীত (২০২০) আমাৰ প্ৰধানমন্ত্ৰীজনাই স্বামীজীৰ প্ৰতি সন্মান জনাবলৈ আশ্ৰমত ধ্যান কৰিলে। এটা সুখৰ তথা আশাব্যঞ্জক বতৰা, কাৰণ আজিৰ ভাৰতবৰ্ষ এক জটিল ক্ষণৰ মাজেদি গৈ আছে– The most momentous revolutionary transition– ৰামকৃষ্ণ আশ্ৰমৰ সন্ন্যাসীসকলৰ মতে। আজিৰ নৰেন্দ্ৰ আৰু তেওঁৰ অনুগামীসকলে তাহানিৰ নৰেন্দ্ৰৰ আদৰ্শেৰে দেশ পৰিচালনা কৰক– কৌটিল্যৰ ‘ভেদনীতি’ বাদ দিয়ক কাৰণ Each soul is potentially divine। দ্ৰৌপদীৰ বস্ত্ৰ হৰণ নীৰৱে উপভোগ কৰা ভীষ্ম– দ্ৰোণ– কৰ্ণ নহ’ব। আজিৰ বিকৰ্ণৰ কাম– নতুন মহাভাৰত লিখিবলৈ বেদব্যাসক বাধ্য কৰক। দস্যু ৰত্নাকৰক নতুন ৰামায়ণ– সীতাৰ মহানতা বৰ্ণাই লিখিবলৈ বাধ্য কৰক। নতুন সমাজ গঢ়িবলৈ পুৰণি আৱৰ্জনাবোৰ ত্যাগ কৰিব লাগিব। জ্যোতিয়ে দিয়া ‘জ্ঞানময় তন্ত্ৰ’ আৰু বিষ্ণু ৰাভাৰ ‘হালোৱা–বনুৱাৰ’ সমাজৰ বাবেই আজি আমাৰ যুদ্ধ। ইয়াণ্ডাবুৰ মাৰ যোৱা বেলিটো উদয় হ’ব নতুন দিল্লীত। নেতাজীৰ আহ্বান।

 

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward