Thursday, May 2, 2024
HomeNEWSস্বৰ্ণ শাখা ৰাণী সাহিত্য সভাৰ কাব্যগ্ৰন্থ উন্মোচন

স্বৰ্ণ শাখা ৰাণী সাহিত্য সভাৰ কাব্যগ্ৰন্থ উন্মোচন

প্ৰকাশিত তাৰিখঃ ১১ চেপ্টেম্বৰ, ২০২৩

স্বৰ্ণ শাখা ৰাণী সাহিত্য সভাৰ ইতিহাস সৃষ্টি হ’ল। কিয়নো আজি ‘ৰ’দৰ ঠিকনা বিচাৰি’ নামৰ এখন কাব্যগ্ৰন্থ উন্মোচন হ’ল। এই কাব্যগ্ৰন্থখনৰ বাবে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ কবি সকলৰ এক মূল্যৱান কাব্য ৰচনা অন্তৰ্ভূক্তি হৈছে। কলিকতাৰ নেচনেল লাইব্ৰেৰীত সংৰক্ষিত হ’বলগীয়া এই কাব্যগ্ৰন্থখনে অসমৰ সাহিত্য জগতলৈ বিশেষ বৰঙণি আগবঢ়াব।

এই উপলক্ষে ১০ চেপ্টেম্বৰত ৰাণী প্ৰাথমিক বিদ্যালয়ত কাব্য গ্ৰন্থখনিৰ এক উন্মোচনী সভাৰ আয়োজন কৰা হয়। কাৰ্যসূচী অনুসৰি– সভাৰ পতাকা উত্তোলন কৰে সভাপতি প্ৰভাত দাসে। শ্বহীদ তৰ্পণ কৰে কাব্যগ্ৰন্থ সম্পাদনা সমিতিৰ সভাপতি দ্বিজেন দাসে। বন্তিৰাম তালুকদাৰে পৰিচালনা কৰা স্বৰচিত কবিতা পাঠ অনুষ্ঠানটোৰ বিশ্লেষক ৰূপে অংশ গ্ৰহণ কৰে পলাশবাৰী সাহিত্য সভাৰ সভাপতি গজেন দাসে। কবি চবিন চন্দ্ৰ নাথ আৰু তাৰিণী কুমাৰ দাসৰ সম্পাদনাত প্ৰকাশিত ৰ’দৰ ঠিকনা বিচাৰি কাব্যগ্ৰন্থখন উন্মোচন কৰে কামৰূপ জিলা সাহিত্য সভাৰ উপ–সভাপতি ৰামদত্ত লহকৰে। অনুষ্ঠানটোত বিশিষ্ট সাহিত্য সমালোচক, সাংবাদিক বিপুল শৰ্মাই মুখ্য অতিথিৰূপে অংশ গ্ৰহণ কৰে। শৰ্মাই অসমীয়া ভাষা সাহিত্যৰ ওপৰত এক ৰসাল ভাষণেৰে সভাখন বিশেষ আকৰ্ষণীয় কৰি তোলে।

গ্ৰন্থ উন্মোচনী সভাত– বিশিষ্ট কবি, ঔপন্যাসিক তথা কলঙৰ পাৰৰ সাহিত্য-সংস্কৃতিৰ সমন্বয় মঞ্চ অসম ফেচবুক গোটৰ সভাপতি ধনেশ্বৰ মালাকাৰ, কবি, সাহিত্যিক তথা আইনবিদ অনন্ত কুমাৰ মেধি, নগাঁওৰ কবি অনামিকা পি দেৱী, সদৌ অসম কবি চক্ৰৰ যুটীয়া সম্পাদক সোণাৰাম ৰাজবংশী, সুজাতা মেধি, জুৰিমণি মুদৈ, মামণি কলিতা, সংগীতা ৰাজবংশী, অনামিকা কলিতা(সংগীতা),যমুনা বৈশ্য, ৰুক্মিণী দাস, জ্যোৎস্নাৰাণী বেগম, পংকজ মজুমদাৰ, ৰাকেশ তালুকদাৰ, পৰাগজ্যোতি দাস, শংকৰ দাস, হেৰাম্ব চৌধুৰী, পবিত্ৰ কুমাৰ দাস, সুশীল মালী, আনোৱাৰ হুছেইন, বিনিতা গোস্বামী, মিণ্টু দাস, বুবুল দাস, হাবুল বড়ো, ৰঞ্জিত চৌধুৰী আদি কবি–সাহিত্যিক সকল উপস্থিত থাকে।

শিৰোনামৰ ফটোঃ প্ৰভাত ৰাভা

Title Pix: Prabhat Rabha

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward