Sunday, May 5, 2024
HomeNEWSদক্ষিণ পাণ্টান জনজাতীয় মধ্য ইংৰাজী বিদ্যালয়ত ৰাভা ভাষা কৰ্মশালা

দক্ষিণ পাণ্টান জনজাতীয় মধ্য ইংৰাজী বিদ্যালয়ত ৰাভা ভাষা কৰ্মশালা

প্ৰকাশিত তাৰিখঃ ১৯ জুলাই, ২০২৩

চানডুবি নিউজ ৰিপ’ৰ্ট

বেবাক ৰাভা ক্ৰৌৰাং ৰুনচুমৰ (নিখিল ৰাভা সাহিত্য সভা) কামৰূপ জিলা সমিতিৰ উদ্যোগত আৰু ছয়গাঁও আঞ্চলিক ৰাভা সাহিত্য সভাৰ সহযোগত ১৮ জুলাইত এদিনীয়া কাৰ্যসূচীৰে ৰাভা ভাষা কৰ্মশালা অনুষ্ঠিত হয়। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাৰ বৰবাকাৰা–জালুকবাৰীস্থিত দক্ষিণ পাণ্টান জনজাতীয় মধ্য ইংৰাজী বিদ্যালয় চৌহদত অনুষ্ঠিত কৰ্মশালাখনিৰ বন্তি প্ৰজ্বলন কৰে কামৰূপ জিলা ৰাভা সাহিত্য সভাৰ সভাপতি অমিয় কুমাৰ ৰাভাই।

উল্লেখ্য যে, কামৰূপ জিলা ৰাভা সাহিত্য সভাৰ উপ–সভাপতি বিল্লেশ্বৰ ৰাভাই সঞ্চালনা কৰা কৰ্মশালাখনি উদ্বোধন কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী নিৰ্মল চন্দ্ৰ ৰাভাই।

কৰ্মশালাখনিত সমল ব্যক্তি হিচাপে উপস্থিত থাকে– নিখিল ৰাভা সাহি্ত্য সভাৰ সহঃসম্পাদক তথা বিকালী মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক অমল ৰাভা, ৰাভা লেংগুৱেজ ৰিচাৰ্চ পাৰ্চন ক্ৰমে– মৃদুলা ৰাভা আৰু পুষ্পা ৰাভাই। উক্ত কৰ্মশালাখনত বিদ্যালয়–মহাবিদ্যালয়ৰ ছাত্ৰ–ছাত্ৰী লগতে অঞ্চলবাসী ৰাইজৰ উৎসাহজনক অংশ গ্ৰহণত কামৰূপ জিলা ৰাভা সাহিত্য সভাৰ সম্পাদক হৰেশ্বৰ ৰাভা চিনালে সন্তোষ প্ৰকাশ কৰে। লগতে, তেও আশা প্ৰকাশ কৰে যে– ভৱিষ্যতে ৰাভা ভাষাই যুৱ প্ৰজন্মৰ মাজত অন্য এক মাত্ৰা লাভ কৰিব।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward