Sunday, May 5, 2024
HomeNEWSমিৰ্জা শ্বহীদ ভৱনত আছুৰ গ্ৰীষ্মকালীন কৰ্মশালা

মিৰ্জা শ্বহীদ ভৱনত আছুৰ গ্ৰীষ্মকালীন কৰ্মশালা

প্ৰকাশিত তাৰিখঃ ১৭জুলাই, ২০২৩

দক্ষিণ কামৰূপ ছাত্ৰ সন্থা আৰু সৃষ্টি আৰ্ট এণ্ড ক্ৰাফট স্কুলৰ সহযোগত মিৰ্জাৰ শ্বহীদ ভৱনত আজিৰে পৰা ছয়দিনীয়া কাৰ্য্যসূচীৰে গ্ৰীষ্মকালীন বিনামূলীয়া চিত্ৰ মৃৎ মুখা শিল্পৰ কৰ্মশালা অনুষ্ঠিত কৰা হৈছে।

অহা ২৩ জুলাইত এই কৰ্মশালাখনি সামৰণি পৰিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে।ই পি মিডিয়াৰ সম্পাদক নীৰেন চন্দ্ৰ মালীয়ে উদ্বোধন কৰে। লগত উপস্থিত থাকে প্ৰাক্তন ছাত্ৰনেতা নয়নমণি দাস।

এই কৰ্মশালাত দুশৰো অধিক ছাত্ৰ-ছাত্ৰী অংশগ্ৰহণ কৰে। ইয়াৰ উপৰিও আৰু অধিক ছাত্ৰ–ছাত্ৰী অংশগ্ৰহণ কৰিব বুলি দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বেদব্ৰত দাসে জানিবলৈ দিয়ে।

বিশিষ্ট ভাস্কৰ্য্য শিল্পী বিজু কুমাৰ দাস, সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যালয় সম্পাদক নিৰোদ কুমাৰ দাস, দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ সভাপতি জিতুল কুমাৰ, উপ-সভাপতি দ্বীপমণি দাসকে ধৰি সৃষ্টি আৰ্ট এণ্ড ক্ৰাফট স্কুলৰ প্ৰশিক্ষকসকলো উপস্থিত থাকে।

সংবাদ আৰু ফটোঃ ৰাহুল ঠাকুৰীয়া

News & Pix: Rahul Thakuria

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward