প্ৰকাশিত তাৰিখঃ ২৭ ছেপ্টেম্বৰ, ২০২২
দক্ষিণ কামৰূপৰ ৰামপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীনমণি কলিতালৈ আগবঢ়োৱা হৈছে ‘গ্ল’বেল এম্বেছাডৰ অৱ পীচ বঁটা’। ড° কলিতালৈ এই বঁটা আগবঢ়াইছে ‘মিছ পীচ এম্বেছাডৰ গ্ল’বেল নামৰ এটা প্ৰতিষ্ঠিত আন্তঃৰাষ্ট্ৰীয় সংগঠনে। শিক্ষাৰ ক্ষেত্ৰত বহুল প্ৰচাৰ-প্ৰসাৰৰ লগতে গ্ৰাম্যাঞ্চলৰ শৈক্ষিক পৰিৱেশ বিকাশৰ ক্ষেত্ৰত সেৱা আগবঢ়োৱাৰ স্বীকৃতি হিচাপে অধ্যাপক ড° কলিতালৈ এই বঁটা আগবঢ়োৱা হৈছে।
আজি অৰ্থাৎ ২৭ ছেপ্টেম্বৰত অসম ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক জোন গোস্বামীৰ নেতৃত্বত এটা দলে অধ্যাপক গৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে। অধ্যক্ষ গৰাকীৰ সম্বৰ্ধনাকালত উপস্থিত থাকে মহাবিদ্যালয়খনৰ অধ্যাপক-অধ্যাপিকাৰ লগতে ছাত্ৰ-ছাত্ৰীসকল।
সংবাদ আৰু ফটোঃ জোন গোস্বামী