প্ৰকাশিত তাৰিখঃ ২৯ নৱেম্বৰ, ২০২২
চানডুবি নিউজ ডেস্ক –
অসমৰ চৰ-চাপৰিসমূহত অসমীয়া ভাষা-সাহিত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ হকে ২০০৫ চনৰে পৰা চৰ-চাপৰি সাহিত্য পৰিষদে নিৰবচ্ছিন্নভাবে কাম কৰি আহিছে। পৰিষদৰ আগন্তুক অধিবেশন সন্দৰ্ভত ২৭ নৱেম্বৰত আজাৰা হাটখোৱাপাৰাস্থিত ৰাজ্যিক কাৰ্যালয়ত বৰ্ধিত কাৰ্যনিৰ্বাহক সভা এখন অনুষ্ঠিত হয়। উক্ত সভাত পৰিষদৰ ৰাজ্যিক অধিবেশন অহা জানুৱাৰী মাহৰ শেষৰ ফালে বৰপেটা জিলাৰ মন্দিয়াত অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে পৰিষদৰ অধিবেশনখন উক্ত জিলাৰ চেনিমাৰীত অনুষ্ঠিত কৰাৰ কথা আছিল। কিন্তু বিশেষ অসুবিধাৰ বাবে মন্দিয়াত অনুষ্ঠিত কৰিবলৈ সভাই শেষ সিদ্ধান্ত গ্ৰহণ কৰে।
পৰিষদৰ অধিবেশন উপলক্ষে প্ৰকাশিত হ’বলগীয়া স্মৃতিগ্ৰন্থখনি সম্পাদনা কৰিবলৈ কাৰ্যনিৰ্বাহক সভাই অধ্যাপক আছিফ ইকবাল আৰু সামেজ উদ্দিন আহমেদক যুটীয়া সম্পাদক আৰু হজৰত আলী আহমেদক সভাপতি হিচাবে লৈ এখনি সম্পাদনা সমিতি গঠন কৰি দিয়ে। পৰিষদে দ্বাদশ বাৰ্ষিক ‘ইছমাইল হোছেইন সোঁৱৰণী বঁটা’ প্ৰখ্যাত সাংবাদিক, সুলেখক শ্ৰীপ্ৰশান্ত ৰাজগুৰুদেৱলৈ, ‘শ্বহীদ ওমৰ আলী সোঁৱৰণী ভাষা সন্মান’ লোকসংস্কৃতিৰ সাধক, লেখক কোৰবান আলী চৌধুৰীলৈ আৰু ‘মাতৃ সোমজান নেছা সোঁৱৰণী লেখিকা বঁটা’ উদীয়মান ঔপন্যাসিক বেগম আছমা খাতুনলৈ আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। উল্লেখ্য যে, চৰ-চাপৰি সাহিত্য পৰিষদৰ আগন্তুক মন্দিয়া অধিবেশন সাফল্য মন্ডিত কৰি তুলিবলৈ পৰিষদৰ সভাপতি ড০ হাফিজ আহমেদ আৰু প্ৰধান সম্পাদক আনোৱাৰ হোছেইনে সকলোলৈকে আহ্বান জনাইছে।