Friday, March 29, 2024
Homeবাতৰিআৰ্ছেনিক–মাৰ্কাৰীৰে ভৰা সংৰক্ষিত জলাশয় দীপৰ বিলৰ বিষাক্ত পানী সেৱনৰ ফলত হাড়গিলাৰ মৃত্যু

আৰ্ছেনিক–মাৰ্কাৰীৰে ভৰা সংৰক্ষিত জলাশয় দীপৰ বিলৰ বিষাক্ত পানী সেৱনৰ ফলত হাড়গিলাৰ মৃত্যু

প্ৰকাশিত তাৰিখঃ ১৫ ফেব্ৰুৱাৰী, ২০১৭

চানডুবি নিউজ ব্যুৰ’–

সংৰক্ষিত জলাশয় দীপৰ বিলত যোৱা ২৩ জানুৱাৰীত হাড়গিলা মৃত্যক কেন্দ্ৰ কৰি এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়। বৰ্তমান পৃথিৱীৰ পৰা ক্ৰমান্বয়ে বিলুপ্তিৰ পথত ভৰি দিয়া হাড়গিলাৰ জাক এটি উৰি আহি বিলটোৰ উত্তৰ–পূব অংশত পৰে। তৃষ্ঞাতুৰ হাড়গিলাৰ জাকটোৱে বিলৰ পানী খাবলৈ ধৰে। পানী খোৱা মাত্ৰে হাড়গিলাকেইটাৰ কঁপনি আৰম্ভ হয়। এই দৃশ্য দেখি মাছমৰীয়াসকলে হাড়গিলাৰ জাকটোৰ ওচৰত থিয় দিয়ে আৰু ঠাণ্ডাৰ বতৰত ঠাণ্ডা পানী খোৱাৰ ফলত কঁপনি আৰম্ভ হোৱা বুলি ভাবি থিতাতে জুই ধৰি হাড়গিলাকেইটাক তাপ দিয়ে। ইফালে উক্ত ঘটনা সদৰি হোৱাৰ পাচত ওচৰ চুবুৰীয়াৰ সোঁত ব’বলৈ আৰম্ভ কৰে। আৰু বিষয় সন্দৰ্ভত তৎকালে বনবিভাগক খবৰ দিয়ে। জুইৰ তাপক অংগুষ্ঠ কৰি অৱশেষত ১৮টাকৈ হাড়গিলাৰ মৃত্যু ঘটে।

হাড়গিলাকেইটাৰ মৃত্যু দীপৰ বিলৰ বিষাক্ত পানী সেৱন কৰাৰ ফলতে হোৱা বুলি মাছমৰীয়া আৰু ঘটনাস্থলীত উপস্থিত থকা স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰে। অতি দুৰ্ভাগ্যজনকভাৱে মৃত্যু ঘটা হাড়গিলাকেইটাৰ ওচৰত উপস্থিত নহ’ল বনবিভাগৰ কোনো বিষয়া–কৰ্মচাৰী। সেয়ে মাছমৰীয়া আৰু ৰাইজে লগ লাগি বিলৰ পাৰতে পুতি থোৱাৰ ব্যৱস্থা কৰে।

কেন্দ্ৰীয় চৰকাৰৰ সমীক্ষা এটাত পৰিবেশ প্ৰদূষণ বিভাগে ৰামছা হিলছ্‌ৰূপে খ্যাত দীপৰ বিলৰ পানীত আৰ্ছেনিক–মাৰ্কাৰীৰে ভৰি থকাৰ কথা প্ৰকাশ কৰিছিল। ফলত বিলৰ পানীভাগ বিষাক্ত হৈ পৰা বুলি বিভাগটোৱে এক প্ৰতিবেদন প্ৰকাশ কৰি গুৱাহাটি মহানগৰ উন্নয়ণ কৰ্তৃপক্ষ (জি এম ডি এ)ক বিলৰ পানীভাগ বীজাণু মুক্ত কৰিবলৈ আবেদন জনাইছিল। তাৰপিচতো বিলখনৰ পানীভাগ বিজাণুমুক্ত কৰিবলৈ জি এম ডি এ কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে।

ইফালে পুনৰ ৭টা হাড়গিলাৰ মৃত্যু ঘটে ২৪জানুৱাৰীৰ ৰাতিপুৱা। ৰাইজে ২৩ জানুৱাৰীতে বনবিভাগক অৱগত কৰিছিল যদিও ২৪ জানুৱাৰীতহে ঘটনাস্থলীত পশু চিকিৎসকসহিতে উপস্থিত হয়। বিলখনৰ মাটি–পানীৰ নমুনা সংগ্ৰহ কৰাৰ লগতে মৃত হাড়গিলাকেইটাৰ মৰণোত্তৰৰ বাবে পঠিয়াই দিয়ে। ঘটনাৰ গুৰুত্ব উপলব্ধি কৰি কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত ড০ এম অংগমুথুই উপস্থিত হৈ বিষয় সন্দৰ্ভত গুৰুত্বসহকাৰে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ বন বিভাগক নিৰ্দেশ দিয়ে।

উপস্থিত ৰাইজে বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ডৰ ওপৰতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে। কাৰণ এই ডাম্পিং গ্ৰাউণ্ডৰ পৰা বহু বিষাক্ত পদাৰ্থ নিৰ্গত হোৱাৰ ফলতে বিলখনৰ পানীত বীজাণুৰ সৃষ্টি হৈছে। যাৰ ফলত বিভিন্ন সময়ত অচিন ৰোগত বিলখনৰ মাছ–কাছ, চৰাই–চিৰিকটিৰ মৃত্যু ঘটি আহিছে। তাৰেই পৰিণাম ভোগ কৰিছে এই দুৰ্ভগীয়া হাড়গিলাকেইটাও। বিলখনৰ পানীভাগ বীজাণুমুক্ত কৰাৰ লগতে বৰাগাঁওস্থিত ডাম্পিং গ্ৰাউণ্ডৰ ওপৰতো ৰাজ্য চৰকাৰে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে গ্ৰহণ কৰিব লাগে বুলি জিলা উপায়ুক্তগৰাকীক অনুৰোধ জনাইছে স্থানীয় ৰাইজ আৰু প্ৰকৃতিপ্ৰেমীসকলে।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward