Friday, March 29, 2024
Homeবাতৰিকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চিকাৰীৰ গতিবিধি নিৰীক্ষণৰ বাবে ড্ৰণ ব্যৱহাৰ কৰিব

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চিকাৰীৰ গতিবিধি নিৰীক্ষণৰ বাবে ড্ৰণ ব্যৱহাৰ কৰিব

প্ৰকাশিত তাৰিখঃ ২৬ মাৰ্চ, ২০১৮

চি এন ডেক্স

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সুৰক্ষাৰ বাবে নিয়মীয়াকৈ ব্যৱহাৰ কৰিব ড্ৰণ। সম্প্ৰতি নিয়মীয়া ড্ৰণ ব্যৱহাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ পৰা অনুমতি লাভ কৰিছে ৰাজ্য চৰকাৰৰ বন বিভাগে।

উল্লেখযোগ্য যে, উদ্যানখনত সঘনাই গড় হত্যা সংঘটি হৈ থকাত ৰাজ্যৰ বিভিন্ন দ’ল, সংগঠন, ব্যক্তি সমূহৰ পৰা তীব্ৰ সমালোচনাৰ সন্মুখীন হৈ আছিল ৰাজ্যৰ বন বিভাগ। বিগত কংগ্ৰেছ চৰকাৰৰ শাসনকালত বন বিভাগে ড্ৰণ ব্যৱহাৰ কৰি চোৰাং চিকাৰীৰ গতি বিধি নিৰীক্ষণেৰে এই দুষ্কাৰ্য ৰোধ কৰাৰ সিদ্ধান্ত লৈছিল। কিন্তু সেইসময়ত ড্ৰণ ব্যৱহাৰ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ পৰা অনুমতি লাভ কৰা নাছিল।

শেহতীয়াভাৱে উদ্যানখনত নিৰীক্ষণৰ বাবে ড্ৰণ ব্যৱহাৰৰ অনুমতি লাভ কৰিছে। সেয়ে ৮০লাখ টকাত আঠখন নতুন ড্ৰণ ক্ৰয় কৰিবলৈ সাজু হৈছে বন বিভাগ। এই সন্দৰ্ভত ৰাজ্যৰ মুখ্য বন সংৰক্ষকে ড্ৰণ ক্ৰয়ৰ বাবে নিবিদা আহ্বান জনাইছে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন কঁহৰা, বুঢ়াপাহাৰ, বাগৰি, অগৰাতলি আৰু বিশ্বনাথ এই পাঁচটা ৰেঞ্জত বিভক্ত। প্ৰতিটো ৰেঞ্জতে অতিকমেও তিনিখনকৈ মুঠ পোন্ধৰখন ড্ৰণৰ প্ৰয়োজন বুলি উদ্যান কৰ্তৃপক্ষৰ সূত্ৰই প্ৰকাশ কৰে। কিন্তু সেই অভাৱ আঠখন ড্ৰণেৰে পূৰণ কৰিব লাগিব।

অৱশ্যে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত উদ্যানখন নিৰীক্ষণৰ বাবে এখন ড্ৰণ ক্ৰয় কৰিছিল যদিও প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ অনুমতিৰ অভাৱত ব্যৱহাৰ নোহোৱাকৈয়ে আছিল। তদুপৰি গোলাঘাট আৰক্ষীৰ হাততো আছে দুখন ড্ৰণ। উক্ত ড্ৰণ দুখন উদ্যান কৰ্তৃপক্ষৰ প্ৰয়োজনত ব্যৱহাৰ কৰিব পাৰিব। উদ্যান কৰ্তৃপক্ষৰ পুৰণি নতুন মিলি ন’ খন আৰু আৰক্ষীৰ দুখন মুঠ এঘাৰখন ড্ৰণৰ নিৰীক্ষণত কাজিৰঙাৰ বনকৰ্মীসকলে চোৰাং চিকাৰীৰ বিৰুদ্ধে পহৰা দিব।

কাজিৰঙাত পৰ্যাপ্ত বনকৰ্মী নথকাৰ বাবে গঁড় হত্যা প্ৰতিৰোধ কৰাত ব্যৰ্থ হোৱা বুলি উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। লগতে কোনো বনকৰ্মীয়ে চোৰাং চিকাৰীৰ সৈতে থকা গোপন সম্পৰ্কৰ বাবেও এই কাৰ্য ৰোধ কৰাত সফল হ’ব পৰা নাই। নতুন ড্ৰণ কেইখন অহাৰ পিচত দিন–ৰাতি উদ্যানৰ আকাশত উৰি থাকিব। ড্ৰণৰ উচ্চ ক্ষমতাসম্পন্ন কেমেৰাই ৰেকৰ্ডিং কৰা ডিজিটেল ভিডিঅ’ চিত্ৰসমূহ প্ৰতিটো ঘণ্টাত কৰ্তৃপক্ষই সংগ্ৰহ কৰিব। অত্যাধুনিক কৌশল প্ৰয়োগ কৰাৰ পিচত উদ্যানখনত গঁড় হত্যা প্ৰতিৰোধ হ’ব বুলি ৰাইজে আশা প্ৰকাশ কৰে।

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward