প্ৰকাশিত তাৰিখঃ ২২ এপ্ৰিল, ২০২৪
চানডুবি নিউজ ৰিপ’ৰ্ট –
পলাশবাৰী ৰাজহ চক্ৰৰ ৰাণী শিক্ষাখণ্ডৰ অধীনৰ বৰহেৰামদো প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক গোলক চন্দ্ৰ দাসে চলিত বৰ্ষৰ ৩১ মাৰ্চত শিক্ষকতা জীৱনৰপৰা অৱসৰ গ্ৰহন কৰে। সদ্য অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীক আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ জনাবলৈ ২০ এপ্ৰিলত স্থানীয় বৰহেৰামদো ৰাইজে ৰাজহুৱাভাৱে এক সম্বৰ্দ্ধনা অনুষ্ঠানৰ আয়োজন কৰে। প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত এই সম্বৰ্দ্ধনা সভাখনৰ আঁত ধৰে বৰহেৰামদো ৰাইজ গয়ৰহৰ সম্পাদক সৰ্বানন্দ দাস আৰু প্ৰাক্তন সম্পাদক মুকুল মহন্তই আৰু পৌৰহিত্য কৰে গাঁওখনৰ সভাপতি জীতেন মহন্তই। উক্ত বিদায় সভাত শিক্ষকগৰাকীলৈ বৰহেৰামদো ৰাইজ গয়ৰহৰ তৰফৰ পৰা গামোচা, জাপি, শৰাই, মানপত্ৰ, ছাটি, ধৰ্মগ্ৰন্থ, কাঁহিগংগা পুথিভড়ালে গামোচা, মানপত্ৰ আৰু ভাটিপাৰা ৰাইজে শৰাই, গামোচাৰে লগতে প্ৰাক্তন তথা বৰ্তমানৰ শিক্ষাৰ্থী আৰু অভিভাৱক সকলেও সম্বৰ্দ্ধনা জনায়। শিক্ষক গোলক চন্দ্ৰ দাসে কৰ্ম জীৱন সমাপ্ত কৰি বিদ্যালয়খন এৰি যাবলগীয়া হোৱাত বিদায়ী সভাতে আবেগিক হৈ পৰে। চাকৰিকালত লাভ কৰা সহযোগিতাৰ বাবে তেখেতে গাঁওবাসীলৈ ধন্যবাদ জনায়।
উল্লেখ্য যে, ১৯৯৫ চনৰ মে’ত বৰহেৰামদো প্ৰাথমিক বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে যোগদান কৰি একেখন বিদ্যালয়তে ২০১৬ চনৰ চেপ্তেম্বৰত প্ৰধান শিক্ষকৰ দায়িত্ব লাভ কৰিছিল। সদ্য অৱসৰী শিক্ষকগৰাকী দক্ষিণ কামৰূপ জিলা সত্ৰ মহাসভা আৰু পশ্চিম গুৱাহাটী মণ্ডল প্ৰাথমিক শিক্ষক সন্মিলনীৰ লগতো জড়িত। বিদায়ী শিক্ষকগৰাকীক স্থানীয় ৰাইজে আয়তী, বেণ্ড-ঢুলীয়াৰে শোভাযাত্ৰা কৰি গড়গড়াস্থিত নিজ বাসগৃহত আগবঢ়াই থৈ আহে।
অনুষ্ঠানটোত বুঢ়া সত্ৰাধিকাৰ উমেশ মহন্ত আৰু ডেকা সত্ৰাধিকাৰ ধীৰেন মহন্ত, বৰহেৰামদো ৰাইজ গয়ৰহৰ প্ৰাক্তন তথা বৰ্তমানৰ বিষয়ববীয়া লগতে কাঁহিগংগা পুথিভড়ালৰ বিষয়ববীয়া আৰু সদস্যসকলৰ উপৰিও স্থানীয় ৰাইজ, আয়তী, শিক্ষাৰ্থীসকল উপস্থিত থাকে।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News